ETV Bharat / sukhibhava

Protein Rich Foods: মাছ-মাংস নোখোৱাকৈয়ে এই সুষম খাদ্যৰ দ্বাৰা লাভ কৰক প্ৰ’টিন

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:59 PM IST

সাধাৰণতে মাংস, মাছ আৰু কণী প্ৰ’টিনেৰে সমৃদ্ধ উৎস বুলি বিশ্বাস কৰা হয়, কিন্তু আপুনি জনা উচিত যে কিছুমান নিৰামিষ খাদ্য খালেও প্ৰ’টিন লাভ কৰিব পৰা যায় ।

Eat these 5 things to get protein without eating meat
মাছ-মাংস নোখোৱাকৈয়ে এই সুষম খাদ্যৰ দ্বাৰা লাভ কৰক প্ৰ’টিন

ওজন বৃদ্ধি তথা বিভিন্ন ৰোগত ভুগি থকা লোকসকলে প্ৰায়ে নিৰামিষ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈ আহিছে যদিও মাংস, মাছ, কণী আদি বস্তু খোৱা বন্ধ কৰিলে তেওঁলোকে প্ৰ’টিনৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিব পাৰিব সেই বিষয়ে সদায় চিন্তিত হৈ থাকে ৷ অৱশ্যে চিন্তাৰ কোনো প্ৰয়োজন নাই ৷ যদি আপুনি কিছুমান বিশেষ নিৰামিষ খাদ্য গ্ৰহণ কৰে তেন্তে আপুনি প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰিব পাব ৷ জানো আহক-

প্ৰ’টিন সমৃদ্ধ নিৰামিষ খাদ্য

১/ দাইল

মচুৰ দাইলক পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি গণ্য কৰা হয়, যাক সিজোৱাৰ পিছত প্ৰতি কাপত প্ৰায় ১৮ গ্ৰাম প্ৰ’টিন পোৱা যায় ৷ ইয়াক বিভিন্ন ধৰণে সেৱন কৰিব পাৰি, যেনে চূপ, ষ্টু, চাটনি, খিচিৰি, তৰকাৰী ইত্যাদি ৷

২/ চয়াবিন

নিৰামিষ খাদ্য অনুসৰণ কৰাসকলৰ বাবে চয়াবিনক প্ৰ’টিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰে ৷ সাধাৰণতে মানুহে ইয়াৰ পৰা তৰকাৰী বনাই খাই ভাল পায় যিটো যথেষ্ট সোৱাদযুক্ত ৷ যদি আপুনি নিয়মিতভাৱে সেৱন কৰে তেন্তে শৰীৰত প্ৰ’টিনৰ অভাৱ নহয় ৷

৩/ কুইনোয়া

কুইনোয়া সম্পূৰ্ণ প্ৰ’টিন সমৃদ্ধ খাদ্য বুলি জনা যায়, এই খাদ্যত ৯টা প্ৰয়োজনীয় এমিনো এচিডৰ আটাইখিনিয়েই পোৱা যায় ৷ ই ৰন্ধা সময়ত প্ৰতি কাপত প্ৰায় ৮ গ্ৰাম প্ৰ’টিন যোগান ধৰে, গতিকে বেছিভাগ খাদ্য বিশেষজ্ঞই ইয়াক দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ৷

৪/ টোফু

টোফু হৈছে চয়াবিন ভিত্তিক খাদ্য সামগ্ৰী যি প্ৰচুৰ পৰিমাণে প্ৰ’টিনেৰে সমৃদ্ধ ৷ আধা কাপ টোফু খালে শৰীৰত প্ৰায় ১৫ গ্ৰাম প্ৰ’টিন পোৱা যাব ৷ দেখাত পনিৰৰ দৰে যদিও ই সম্পূৰ্ণ পৃথক ৷ ইয়াক বহু ধৰণে ৰান্ধিব পাৰে, আৰু ই খাবলৈও সুস্বাদু ৷

৫/ গ্ৰীক দৈ

যিসকলে দুগ্ধজাত সামগ্ৰীক খাদ্যত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে গ্ৰীক দৈ এক প্ৰ’টিন সমৃদ্ধ উৎস, ই প্ৰতি ৬ আউন্সৰ মাত্ৰাত প্ৰায় ১০ গ্ৰাম প্ৰ’টিন প্ৰদান কৰে ৷ ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে যিয়ে হজম শক্তিক উন্নত কৰে ৷

লগতে পঢ়ক: Reheating Food: ভুলতো পুনৰ গৰম কৰি নাখাব এই ৫বিধ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.