ভুল খাদ্যাভ্যাস আৰু ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ বাবে বহু মহিলা পলিচিষ্টিক অভাৰী চিনড্ৰম ৰোগত ভুগিবলগীয়া হৈছে । প্ৰজনন যুগত এই ৰোগ মহিলাৰ মাজত দ্ৰুতগতিত বিয়পি পৰিছে । এই ৰোগে মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলোৱাটো এক চিন্তনীয় বিষয় ।
এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ হ’ল সময়মতে পিচিঅ’ডিৰ চিকিৎসা কৰা । এই ৰোগ যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে ই হতাশাৰো সৃষ্টি কৰিব পাৰে ।
আমেৰিকাৰ দুই লাখ মহিলাৰ ওপৰত কৰা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে । অধ্যয়নত দেখা গৈছে যে পিচিঅ’ডিত আক্ৰান্ত মহিলাসকলৰ উদ্বেগ, হতাশাত ভুগি থকাৰ সম্ভাৱনা ১০ শতাংশ বৃদ্ধি পায় ।
যদি এই ৰোগটো শৰীৰত দীৰ্ঘদিন ধৰি থাকে, তেন্তে ইয়াৰ প্ৰভাৱে মানসিক অৱস্থাত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে । পিচিঅ’ডিত আক্ৰান্ত মহিলাসকলৰ চেৰ’টনিনৰ মাত্ৰা হ্ৰাস পাই থাকে, যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পেলায় ।
পিচিঅ’ডি ৰোগ কি ?
চিকিৎসকে এই সন্দৰ্ভত কয় যে, পিচিঅ’ডি ৰোগৰ প্ৰধান কাৰণ হৈছে দুৰ্বল জীৱনশৈলী । এই ৰোগৰ বাবে মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে । ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি পায় । মুখত চুলি আহিবলৈ আৰম্ভ কৰে আৰু ঋতুস্ৰাৱো সময়মতে নহয় ।
যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে তেন্তে মহিলাসকল বন্ধ্যাত্বৰ বলি হ’ব পাৰে । পিচিঅ’ডিত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰতো মানসিক চাপ আৰু উদ্বেগ দেখা যায় । এনে হয় কাৰণ পিচিঅ’ডিৰ ফলত শৰীৰত হোৱা পৰিৱৰ্তনৰ বাবে মহিলাসকল বিচলিত হয় । ইয়াৰ ফলত উদ্বেগ সৃষ্টি হয়, যিয়ে ক্ৰমান্বয়ে হতাশাৰ ৰূপ ল’ব পাৰে ।
এই ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যাওক
যদি এগৰাকী মহিলাই বহুদিন কিবা এটা চিন্তাত থাকে । বেয়া চিন্তা সদায় মনলৈ আহে আৰু নাৰ্ভাছ হৈ থাকে, তেতিয়া এইবোৰেই বেয়া মানসিক স্বাস্থ্যৰ লক্ষণ । এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।