ETV Bharat / sukhibhava

Lower Back Pain: মহিলাসকল হৈ যাওক সাৱধান! গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য - পিঠিৰ বিষৰ মুখ্য কাৰণ ধূমপান মেদবহুলতা

ধূমপান মেদবহুলতা আৰু দুৰ্বল টোপনি, এই সকলোবোৰ কঁকালৰ বিষৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে জড়িত । ই কেনেধৰণে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ?

Does Obesity and smoking cause lower back pain
মহিলাসকল হৈ যাওক সাৱধান! গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:53 PM IST

তল পিঠিৰ বিষ হৈছে বিকলাংগতাৰ মুখ্য কাৰণ ৷ বিশ্বৰ ৬০০ নিযুতৰো অধিক লোকে এই সমস্যাত সৈতে সহবাস কৰি আছে ৷ ‘দ্য লেঞ্চেট ৰিউমেট'লজী’ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ এইটো এটা মুখ্য ফলাফল ৷ এই অধ্যয়নত ৫ বছৰতকৈ অধিক বয়সৰ লোকৰ পিঠিৰ তলৰ বিষ পৰীক্ষা কৰা হৈছিল ৷ আপুনি জানি আচৰিত হ'ব যে, যোৱা তিনি দশকত তল পিঠিৰ বিষ বিকলাংগতাৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে ৷

পিঠিৰ বিষৰ মুখ্য কাৰণ ধূমপান, মেদবহুলতা

এই অধ্যয়নটোত দেখা গৈছে যে যদি সমাজে তিনিটা মুখ্য বিপদাশংকাৰ কাৰকৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে, তেন্তে ই তল পিঠিৰ বিষৰ বোজা ৩৯ শতাংশ হ্ৰাস কৰিব পাৰে ৷ এই তিনিটা কাৰক হৈছে- মেদবহুলতা, ধূমপান আৰু কৰ্মস্থানত বেছি সময় একেৰাহে বহি থকা ৷ ধূমপানৰ ফলত ডিস্ক, গাঁঠিৰ লগতে হাড় দুৰ্বল হয় ৷ ধূমপানৰ লগতে শাৰীৰিক নিষ্ক্ৰিয়তা, মেদবহুলতা আৰু দুৰ্বল টোপনিও তল পিঠিৰ বিষৰ বৰ্ধিত বিপদাশংকাৰ অন্যতম কাৰক ৷ মেদবহুলতাৰ ফলত মেৰুদণ্ডৰ গাঁথনিৰ ওপৰত বৰ্ধিত বোজা পৰে ৷ সেয়েহে, ওজন হ্ৰাস কৰি ৰখাতো আমাৰ সকলোৰে বাবে খুবেই জৰুৰী ৷

এই অধ্যয়নটোত দেখা গৈছে যে, তল পিঠিৰ বিষ জৈৱিক, সামাজিক আৰু মানসিককে ধৰি বহুতো কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় ৷ বিশ্বব্যাপী মুঠ ২২৫ নিযুত পুৰুষ আৰু ৩৯৫ নিযুত মহিলাই পিঠিৰ বিষত ভূগি আছে ৷ আগতে বয়োজ্যেষ্ঠ সকলৰহে পিঠিৰ বিষ হয় বুলি ধাৰণা আছিল ৷ কিন্তু এতিয়া বয়সৰ হিচাপ নোহোৱাকৈ সৰু-বৰ সকলোয়ে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে ৷ আন বয়সৰ তুলনাত ৮০ বছৰৰ উৰ্ধৰ ব্যক্তিৰ ককালৰ তীব্ৰ বিষ আৰু বিকলাঙ্গতাৰ পৰা আৰোগ্য হোৱাৰ সম্ভাৱনা কম থাকে ৷

পিঠিৰ বিষত ভুগি থকা লোকসকলৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে উন্নত আৰু অধিক কাৰ্যকৰী উপায়ৰ প্ৰয়োজন ৷ অধ্যয়নত প্ৰমাণ পোৱা মতে, বহুতো বিদ্যমান চিকিৎসাই এই সমস্যাৰ সমাধান দিব নোৱাৰে ৷যাৰ বাবে আমাৰ জীৱনশৈলী সলনি কৰি বদ অভ্যাসবোৰ ত্যাগ কৰাৰ খুবেই প্ৰয়োজন হৈ পৰিছে ৷

লগতে পঢ়ক: Eye Donation: এজন ব্যক্তিৰ নেত্ৰদানে, দুগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব পাৰে দৃষ্টিশক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.