ETV Bharat / sukhibhava

ক’ভিড ১৯ মহামাৰীৰ সময়চোৱাত মাতৃ স্বাস্থ্যক সুৰক্ষা প্ৰদানত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ

author img

By

Published : Nov 11, 2020, 2:49 AM IST

ইউনিছেফৰ মতে ভাৰতবৰ্ষত মাৰ্ছ আৰু ডিচেম্বৰ মাহৰ ভিতৰত প্ৰায় ২০ মিলিয়ন নৱজাতকৰ জন্ম হ’ব ৷ এই সংখ্যা বিশ্বৰ ভিতৰতেই সৰ্বাধিক ৷ তদুপৰি ৰাষ্ট্ৰ সংঘৰ শিশু কোষে (ইউনিছেফ) সতৰ্ক কৰি দিছিল যে মহামাৰীৰ সময়ত বিশ্বজুৰি জন্মগ্ৰহণ কৰা নৱজাতক আৰু মাতৃসকল অত্যধিক হেঁচা সহি থকা স্বাস্থ্য সেৱা ব্যৱস্থাৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈছিল আৰু সেৱাত ব্যাঘাত জন্মিছিল ৷

Deploying tech to tackle maternal health during COVID19
ক’ভিড ১৯ মহামাৰীৰ সময়চোৱাত মাতৃ স্বাস্থ্যক সুৰক্ষা প্ৰদানত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ

নিউজ ডেস্ক,11নৱেম্বৰঃ ভাৰতীয় পৰিয়াল পৰিকল্পনা সন্থাৰ (এফ পি এ ইণ্ডিয়া) প্ৰ’গ্ৰাম ইম্প্লিমেন্টেশ্বন (এ এছ জি- পি আই)ত কাৰ্যক্ৰম বিভাগৰ মুখ্য সচিব হিচাপে নেতৃত্ব বহন কৰি থকা অমিতা ধানুৰ এটি সময়োপযোগী লিখনিৰে আজি আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম ক’ভিড ১৯ মহামাৰীৰ সময়চোৱাত মাতৃ স্বাস্থ্যক সুৰক্ষা প্ৰদানত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ দিশটোৰ গুৰুত্বৰ ওপৰত ৷

ক’ভিড ১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱ হোৱাৰে পৰা বিশ্বৰ সৰহ সংখ্যক ৰাষ্ট্ৰৰে স্বাস্থ্য সেৱাৰ লগত জড়িত সংস্থাসমূহ আৰু অগ্ৰণী স্বাস্থ্য কৰ্মীসকলকেই প্ৰাথমিকভাৱে ক’ভিড ১৯ অত আক্ৰান্ত ৰোগীসকলক শুশ্ৰূষা কৰিবলৈ নিযুক্ত কৰা হৈছে ৷ তদুপৰি ঘৰে ঘৰে গৈ নাগৰিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰা তথা ক’ৰোণা মহামাৰীৰে যুঁজাৰ ক্ষেত্ৰত অন্যান্য কাৰ্যকলাপবোৰৰ লগতো এওঁলোক জড়িত হৈ পৰিছে ৷ এনে এক পেক্ষাপটত ভাৰতবৰ্ষৰ দৰে দূৰ্বল আৰু ভগ্নপ্ৰায় আন্তঃগাঠনিৰে জৰ্জৰিত স্বাস্থ্য সেৱা ব্যৱস্থা থকা দেশ এখনে স্বাস্থ্য সুৰক্ষাৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে মাতৃ কল্যাণৰ দৰে ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে ৷

যৌন আৰু প্ৰজনন স্বাস্থ্য সেৱাৰ অভাৱৰ কাৰণে ক’ভিড ১৯ অৰ প্ৰাদূৰ্ভাৱৰ আৰম্ভণিতে মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰত তীক্ষ্ণভাৱে বৃদ্ধি পোৱা দেখা গৈছিল ৷ ৰাষ্ট্ৰ সংঘৰ জনসংখ্যা কোষে (ইউ এন এফ পি এ) অনুমান কৰিছে যে এই সংকটৰ বাবে বিশ্ব্যব্যাপি প্ৰায় ৭ মিলিয়ন অনিচ্ছাকৃত গৰ্ভধাৰণৰ ঘটনা সংঘটিত হ’ব পাৰে আৰু জৰুৰি সেৱাৰ অভাৱৰ বাবে অসুৰক্ষিত গৰ্ভপাত তথা জন্মৰ সময়ত দেখা দিয়া জটিলতাৰ ফলত লক্ষাধিকৰ মৃত্যু হোৱাৰ সম্ভাৱনীয়তা আছে ৷

ইউনিছেফৰ মতে ভাৰতবৰ্ষত মাৰ্ছ আৰু ডিচেম্বৰ মাহৰ ভিতৰত প্ৰায় ২০ মিলিয়ন নৱজাতকৰ জন্ম হ’ব ৷ এই সংখ্যা বিশ্বৰ ভিতৰতেই সৰ্বাধিক ৷ তদুপৰি ৰাষ্ট্ৰ সংঘৰ শিশু কোষে (ইউনিছেফ) সতৰ্ক কৰি দিছিল যে মহামাৰীৰ সময়ত বিশ্বজুৰি জন্মগ্ৰহণ কৰা নৱজাতক আৰু মাতৃসকল অত্যধিক হেঁচা সহি থকা স্বাস্থ্য সেৱা ব্যৱস্থাৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈছিল আৰু সেৱাত ব্যাঘাত জন্মিছিল ৷ ইয়াৰ অৰ্থ হ’ল যে ভাৰতবৰ্ষই যিহেতু ক’ভিড ১৯ মহামাৰীৰ সৈতে যুঁজত নামিছে, গতিকে মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘ সময় জুৰি দেখা দি থকা সমস্যাসমূহ যেনে সময় অনুযায়ী গৰ্ভধাৰণৰ পৰীক্ষা কৰা, মাতৃ আৰু নৱজাতক শিশুৰ মৃত্যুৰ উচ্চ হাৰ আদিৰ দৰে সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ বাবেও দেশজুৰি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷

ক’ভিড ১৯ মহামাৰীৰ সময়ত মাতৃ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া অভাৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি এইটো গুৰুত্বপূৰ্ণ হৈ পৰিছে যে ভাৰতবৰ্ষই সমগ্ৰ দেশজুৰি গৰ্ভৱতী মহিলাসমূহে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাবে ব্যাপকভাৱে প্ৰযুক্তিগত সমাধান গ্রহণ কৰাৰ বিষয়তো বিবেচনা কৰিছে ৷ ইতিমধ্যে দেশৰ কিছুমান প্ৰান্তত এনেধৰণৰ উদ্ভাৱনী সমাধানৰ সুবিধা গ্ৰহণ কৰা হৈছে ৷ উদাহৰণ স্বৰূপ, ইউৰোগাইন’ক’লিষ্ট অপৰ্ণা হেগড়েয়ে বিকাশ কৰা ‘আৰোগ্য সখী’ নামৰ ম’বাইল এপ বিধে মহাৰাষ্ট্ৰৰ গ্ৰাম্যাঞ্চলত গৰ্ভৱতী মহিলাসমূহক সহায় কৰি আছে ৷ ‘আৰোগ্য সখী’ৰ জৰিয়তে আশা কৰ্মীসকলে চিকিৎসালয়লৈ যাব নোৱাৰা মাতৃসকলক প্ৰসৱ পূৰ্ৱ যতন লোৱাৰ দিহা পৰামৰ্শ প্ৰদান কৰে ৷ ভাৰতবৰ্ষত মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনীৰ আন এটা উদাহৰণ হ’ল “এলায়েন্স ফৰ মাদাৰ এণ্ড নিউবৰ্ণ” (এ এছ এম এন), স্বাস্থ্য সুৰক্ষা প্ৰদান কৰ্তাসকলৰ বাবে এক ডিজিটেল মঞ্চ ৷ এই সুবিধা ৰাজস্থান আৰু মধ্য প্ৰদেশত (এই দুই ৰাজ্যত মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক) সুবিধা আধাৰিত প্ৰযুক্তিগত উদ্ভাৱনী তথা হস্তক্ষেপৰ জৰিয়তে নৱজাতক আৰু মাতৃসকলৰ জীৱন ৰক্ষাৰ বাবে ব্যৱহূত হৈ আছে ৷ তদুপৰি যদি কোনো মহিলা দূৰৱৰ্ত্তী গ্ৰামাঞ্চলত প্ৰসৱ বেদনাত আক্ৰান্ত হয় আৰু কোনো স্বাস্থ্য সেৱা কেন্দ্ৰলৈ তেওঁক লৈ যোৱাটো দুৰূহ হয়; এই সময় চোৱাত প্ৰসৱ বেদনা নিৰিক্ষণ কৰাত ট্ৰানজিটৰ জৰিয়তে ই-পাৰ্ট’গ্ৰাফৰ ব্যৱহাৰ কৰাতো সংকটজনক হ’ব পাৰে আৰু তেনে ক্ষেত্ৰত এক লাইভ দেশ্ববৰ্ডে স্বাস্থ্য কৰ্মীসকলক প্ৰকৃত সময়ত সকলো পৰিঘটনা নিৰিক্ষণ কৰাত সহায় কৰিব পাৰিব, উচ্চ সংকতাপূৰ্ণ ঘটনাবোৰ চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰয়োজনবশত তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ৷ এই ধৰণৰ সমাধান সমূহ যদি সমগ্ৰ দেশ জুৰি, বিশেষকৈ গ্ৰাম্য ভাৰতত উপলব্ধ কৰিব পৰা যায়; তেনেহ’লে ই বহুতো জীৱন ৰক্ষাৰ কৰিবলৈ সক্ষম হ’ব ৷

বৰ্তমানৰ প্ৰেক্ষাপটত গৰ্ভৱতী মহিলাসকলৰ মাজত আগতীয়াকৈ জটিলতা চিনাক্ত কৰণ আৰু ৰেফাৰেল আৰু ফ’ল আপৰ বাবে আশা কৰ্মী আৰু এ এন এম কৰ্মীসকলৰ দাৰা ‘হোম ভিজিট’ কৰা তথা আৰু উৎসৰ্গিত টেলিকনছালটেশ্বন আৰু কাউঞ্চিলৰ ওপৰত জোৰ দিয়াটো অনিবাৰ্য ৷ প্ৰযুক্তি চালিত সমাধান সমূহ মহামাৰীৰ সময় চোৱাত মাতৃসকলৰ নিয়মিত স্বাস্থ্য সুৰক্ষা সেৱাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ‘কেপাছিটি বিল্ডিঙ’তো সহায়ক হ’ব পাৰে ৷ ইয়াক সময় সংবেদনশীলতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু অ-স্বাস্থ্য কৰ্মভাৰৰ হেঁচা কম কৰিবলৈ ই-ট্ৰেইনিং মেকানিজম আৰু কেপাছিটি বিল্ডিঙৰ জৰিয়তে অতিৰিক্তভাৱে প্ৰয়োজন হোৱা স্বাস্থ্য কৰ্মীসকলৰ বাবে কৰিব পৰা যায় ৷ কিন্তু যিমানদূৰ সম্ভৱ ক’ভিড ১৯ অৰ প্ৰতিক্ৰিয়া হিচাপে মাতৃ আৰু নৱজাতকৰ যত্নৰ ক্ষেত্ৰত কৌশল প্ৰদান কৰ্তাসকলক নিৰুৎসাহ কৰা উচিত ৷

স্বাস্থ্য ইণ্ডিগেটৰ, কভাৰেজ, উপযোগিতা, ৰোগ নিৰিক্ষণ, গুণগত সেৱা প্ৰদান, প্ৰতিবেদন, পৰ্যাপ্ত পৰিমাণৰ ফাণ্ডৰ সুনিশ্চিতি কৰা ইত্যাদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু স্থানীয় স্তৰত সাক্ষ্য আধাৰিত সিদ্ধান্ত গ্ৰহণৰ বাবে স্বাস্থ্য তথ্য ব্যৱস্থা শক্তিশালী কৰিবলৈও ব্যৱহাৰ কৰিব পৰা যায় ৷

সদৌ শেষত ইয়াকে কব পাৰি যে, ভাৰতবৰ্ষই যিহেতু নিজৰ জৰ্জৰিত স্বাস্থ্য সেৱা খণ্ডৰ জৰিয়তেই ক’ভিড ১৯ ৰে যুঁজিব লগা হৈছে; সমগ্ৰ দেশজুৰি নৱীন প্ৰযুক্তিগত সমাধানৰ ব্যৱহাৰে মাতৃ স্বাস্থ্য সেৱাৰ সহজ উপলব্ধতা সুনিশ্চিত কৰা আৰু জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷

লগতে পঢ়কঃবুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.