মেষ ৰাশি: আজি আপুনি বহুত অসুবিধাত থাকিব ৷ আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ নিজৰ সঞ্চিত অৰ্থ আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব লাগিব ৷ আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক ৷ আদান-প্ৰদান সম্বন্ধীয় কোনো কামত আপুনি অত্যন্ত সতৰ্ক থাকিব লাগিব ৷ আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটো আপোনাৰ বাবে অলপ কঠিন হ’ব, যাৰ ফলত গোটেই দিনটো আপোনাৰ মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তি থাকিব ৷
বৃষ ৰাশি: আজিৰ দিনটোৰ সৰহ ভাগ সময় আপুনি আনন্দত থাকিব ৷ লক্ষ্মী দেৱীৰ কৃপালাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ উন্নতি হ’ব ৷ বন্ধু আৰু প্ৰিয়জনসকলে আন্তৰিকতাৰ পৰিৱেশ সৃষ্টি কৰিব ৷ নতুন মানুহৰ সৈতে চিনাকী আৰু বন্ধুত্বই আপোনাৰ ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ বাবে লাভদায়ক হ’ব ৷ সৰুসুৰা ভ্ৰমণত গ’লে বহুত আনন্দ পাব ৷ এক কথাত ক’ব গ’লে আজিৰ দিনটো আপুনি সকলো ক্ষেত্ৰত আনন্দ লাভ কৰিব ৷
মিথুন ৰাশি: আজি আপুনি মানসিকভাৱে আৰামত থাকিব আৰু শাৰীৰিকভাৱে সুস্থ থাকিব ৷ কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব, কিয়নো আপুনি নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব ৷ আপোনাৰ সহকৰ্মীসকলেও আপোনাক সাহায্য কৰিব ৷ সামাজিক দিশত আপোনাৰ সন্মান বৃদ্ধি পাব ৷ ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব ৷ পদোন্নতিৰ যোগ আছে ৷ চৰকাৰ বা চৰকাৰী কৰ্মীৰ সৈতে কাম কৰিলে সফল হ’ব ৷
কৰ্কট ৰাশি: আজিৰ দিনটো ধৰ্মীয় কৰ্মকাণ্ডৰ কাৰণে ভাল ৷ মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব ৷ পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব ৷ আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ৷ ভাল কিবা পৰিৱৰ্তনৰ প্ৰবল সম্ভাৱনা আছে ৷
সিংহ ৰাশি: আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব ৷ দৰৱ কিনাৰ নামত খৰছ হ’ব পাৰে ৷ ৰাতি বাহিৰত খাবলৈ নোলাব ৷ আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব ৷ এইবোৰৰপৰা দূৰত থাকক ৷ এইবোৰ সমস্যাৰপৰা উদ্ধাৰ পাবলৈ ধ্যান কৰক আধ্যাত্মিক চিন্তা কৰক ৷ মানসিক শান্তি পাব ৷
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপুনি ক’ব গ’লে সহজতে নাম আৰু যশ অৰ্জন কৰিব ৷ ব্যৱসায়ীসকলৰ সৈতে তেওঁলোকৰ অংশীদাৰসকলৰ ইতিবাচক মনোভাৱ অটুট থাকিব ৷ নতুন পোছাক ক্ৰয় কৰি আপুনি আনন্দ পাব ৷ বন্ধুসকলৰ সৈতে সুখকৰ ভ্ৰমণৰ যোগ আছে ৷
তুলা ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভৱান হ’ব ৷ সহকাৰীসকলৰপৰা উপকাৰ পাব ৷ ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব ৷ এটা কথা মনত ৰাখক, নিজৰ মুখত লেকাম টানি ৰাখক ৷ অধিক ব্যয় এৰাই চলক ৷ আজি আপুনি সকলো কামতে সফল হ’ব, যি আপোনাৰ নাম আৰু সন্মান বৃদ্ধি কৰিব ৷
বৃশ্চিক ৰাশি: আজি কাৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷ সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব ৷ পঢ়ুৱৈসকলে সফলতাৰ সোৱাদ পাব যাৰ ফলত পঢ়াশুনাৰ প্ৰতি তেওঁলোকৰ উদ্যম বৃদ্ধি পাব ৷ শ্বেয়াৰ বজাৰ আৰু জুৱাত পইচা নলগাব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷ ভৱিষ্যত বাবে বিনিয়োগ কৰিবলৈ সময়টো ভাল ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ কঠোৰ পৰিশ্ৰম কৰক ৷
ধনু ৰাশি: আজি মানসিক অস্থিৰতাৰ কাৰণে আপোনাৰ মন অশান্ত হৈ থাকিব ৷ আজি গোটেই দিনটো আপোনাৰ সংসাৰত পৰিৱেশ প্ৰতিকূল হৈ থাকিব কাৰণে পৰিয়ালৰ লোকৰ সৈতে আপুনি কাজিয়া হৈ যাব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকক ৷ আৰ্থিক ক্ষতিৰ যোগ আছে ৷ আপোনাৰ বদনাম হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যই আপোনাক দুশ্চিন্তাত পেলাব ৷ আপুনি বুকুত বিষ অনুভৱ কৰিব পাৰে ৷
মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে ৷ সুখকৰ ভ্ৰমণৰ যোগ আছে ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ কাৰণে আজিৰ দিনটো সুবিধাজনক ৷ আজি আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই যাব ৷ আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল ৷
কুম্ভ ৰাশি: বিভিন্ন বিষয়ত আপুনি ভালকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ আপুনি নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব ৷ সফল হ’বলৈ হ’লে সময় লাগে ৷ ধৈৰ্য ধৰক ৷
মীন ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব ৷ আপোনাৰ উদ্যমে আপোনাক নতুন কাম হাত ল’বলৈ উৎসাহিত কৰিব ৷ আপোনাৰ সাংসাৰিক জীৱন আন্তৰিকতাৰে পূৰ্ণ হৈ থাকিব ৷ বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুখকৰ ভ্ৰমণৰ যোগ ৷ আৰ্থিক লাভৰো প্ৰবল যোগ ৷ আজি আপোনাৰ ধৰ্মীয় আচাৰ পালন আৰু তীৰ্থযাত্ৰাৰ নামত ব্যয় হ’ব পাৰে ৷