ETV Bharat / sukhibhava

ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত,মানসিক ৰোগৰ আশংকা অধিক

author img

By

Published : Aug 19, 2022, 9:53 AM IST

Updated : Aug 19, 2022, 2:21 PM IST

ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত আৰু মানসিক ৰোগৰ আশংকা অধিক (Covid patients at increased risk of psychiatric conditions)। গৱেষকে এই সন্দৰ্ভত কি কয় । সবিশেষ পঢ়ক ৷

covid-patients-at-increased-risk-of-psychiatric-conditions-after-two-years-says-lancet-study
ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত আৰু মানসিক ৰোগৰ আশংকা অধিক

সমগ্ৰ বিশ্বত ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ দুবছৰৰ পাছত পুনৰ আহি পৰিছে এক উদ্দেগজনক তথ্য ৷ গৱেষণাৰ পৰা দেখা গৈছে যে, ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত আৰু মানসিক ৰোগৰ আশংকা বেছি(Covid patients at high risk of psychiatric conditions) । আন আন শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ তুলনাত ক'ভিড সংক্ৰমণৰ ক্ষেত্ৰত এনে বিপজ্জনক তথ্য পোহৰলৈ আহিছে । লেন্সেট চাইকিয়াট্ৰিক জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১২.৫ লাখতকৈ অধিক ৰোগীক পৰীক্ষা কৰাৰ পিছত এই কথা স্পষ্ট হৈ পৰিছে(Risk of neurological and psychiatric conditions) ।

আন শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণতকৈ প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হতাশা আৰু উদ্বেগৰ সম্ভাৱনা বেছি হোৱা দেখা গৈছে । ক'ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা লক্ষ্য কৰা হৈছে যে, ক'ভিড-১৯ৰ পৰা সুস্থ হৈ উঠা লোকসকলৰ স্নায়ু আৰু মানসিক অস্থিৰতাৰ লক্ষণ দেখা গৈছে । একেটা গৱেষণা গোটৰ পূৰ্বৰ পৰ্যবেক্ষণমূলক প্ৰতিবেদনত দেখা গৈছিল যে, সংক্ৰমণৰ প্ৰথম ৬ মাহৰ ভিতৰত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত এই সমস্যাবোৰ বেছি ।

অৱশ্যে এতিয়ালৈকে কোনো বৃহৎ ভাবুকি অহা নাই । ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক পল হেৰিছনে কয় যে, এই তথ্যই ৰোগী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে, কিয়নো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ক'ভিড-১৯ সংক্ৰমণৰ সৈতে জড়িত স্নায়ুজনিত অৱস্থা মহামাৰী কমি যোৱাৰ বহুদিনৰ পিছতো স্থায়ী হোৱাৰ সম্ভাৱনা আছে । ক'ভিড-১৯ৰ পিছত কিয় এনে হয় আৰু এই অৱস্থা প্ৰতিৰোধ বা চিকিৎসাৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কেও অধিক গৱেষণা চলি আছে ।

সংগ্ৰহ কৰা ১৪টা স্নায়ু আৰু মানসিক ৰোগ নিৰ্ণয়ৰ তথ্যৰ বিশ্লেষণ অনুসৰি আমেৰিকাৰ ট্ৰাইনেটএক্স নেটৱৰ্কত স্বাস্থ্যৰ অভিলেখ থকা লোকৰ মাজত ২০২০ চনৰ ২০ জানুৱাৰী বা তাৰ পিছত SARS-CoV-2 সংক্ৰমণৰ ইতিহাস থকা ১,২৮৪,৪৩৭ জন লোকৰ ওপৰত অধ্যয়ন কৰি দুবছৰৰ ভিতৰত আমেৰিকাৰ পৰা এই অধ্যয়নৰ তথ্য চিকিৎসক তথা গৱেষকসকলে লাভ কৰিছিল । ইয়াৰে ভিতৰত ১৮৫,৭৪৮ জন শিশু, ১৮ৰ পৰা ৬৪ বছৰৰ ভিতৰৰ ৮৫৬,৫৮৮ জন প্ৰাপ্তবয়স্ক আৰু ৬৫ বছৰৰ ওপৰৰ ২৪২,১০১ জন প্ৰাপ্তবয়স্কৰ লক্ষণসমূহ অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকাসকলৰ দৰেই আছিল ।

বিভিন্ন ক'ভিড-১৯ তৰংগ আলফা, ডেল্টা আৰু অমাইক্ৰনত আক্ৰান্ত ব্যক্তিৰ ওপৰতো এই পৰ্যবেক্ষণ কৰা হয় । অধ্যয়নত দেখা গৈছে যে, প্ৰাপ্তবয়স্কৰ ডিপ্ৰেছন বা উদ্বেগ নিৰ্ণয় হোৱাৰ সম্ভাৱনাই প্ৰথম অৱস্থাত SARS-CoV-2 সংক্ৰমণ বৃদ্ধি কৰে যদিও তুলনামূলকভাৱে কম সময়ৰ পিছত আন শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ দৰেই একে স্তৰলৈ ঘূৰি আহে । দুবছৰৰ পাছত ক'ভিড-১৯ গোষ্ঠীৰ স্নায়ুজনিত আৰু মানসিক অসুবিধাসমূহ অন্যান্য লক্ষণৰ লগতে সামগ্ৰিকভাৱে হতাশা আৰু উদ্বেগজনিত সমস্যা থকা ৰোগীৰ গোটৰ দৰেই আছিল । অৰ্থাৎ সমস্যাটো গুৰুতৰ নাছিল ।

এই অধ্যয়নত জড়িত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মেক্স টেকেটে কয় যে, "এয়া এটা ভাল খবৰ যে ক'ভিড-১৯ৰ পিছত হতাশা বা মানসিক সমস্যা অতি কম সময়ৰ বাবে দেখা দিয়ে । শিশুসকলৰ এনে বিপদ নাই।"

লগতে পঢ়ক : COVID Symptoms : 8 জনৰ ভিতৰত এজন ৰোগীৰ দীঘলীয়া ক'ভিড লক্ষণ বিকশিত হয়

Last Updated : Aug 19, 2022, 2:21 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.