ETV Bharat / sukhibhava

Constipation Remedies: নাইকিয়া হ’ব কোষ্ঠকাঠিন্য; কেৱল প্ৰতিদিনে পুৱা তিয়াই খাওক এইবিধ ফল

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:21 PM IST

আমাৰ মাজৰ বহুতেই প্ৰায়ে কোষ্ঠকাঠিন্যৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু যদি আমি আমাৰ কিছুমান খাদ্যাভ্যাস সলনি কৰো তেন্তে আমি নিশ্চিতভাৱে সকাহ পাব পাৰো । এইক্ষেত্ৰত এই ফলে আপোনাক এই সমস্যাৰ পৰা সকাহ দিয়াত তৎক্ষণাৎ সহায় কৰিব পাৰে ৷

Constipation Remedies: Eat Soaked Dates For Quick Relief
নাইকিয়া হ’ব কোষ্ঠকাঠিন্য; কেৱল প্ৰতিদিনে পুৱা তিয়াই খাওক এইবিধ ফল

কোষ্ঠকাঠিন্য এক সাধাৰণ স্বাস্থ্যজনিত সমস্যা ৷ এই সমস্যা বহু কাৰণত হ’ব পাৰে, যেনে- পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ নকৰা, পৰ্যাপ্ত পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি খাব নোৱাৰা বা শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা ৷ কেতিয়াবা কিছুমান ঔষধ বা চিকিৎসাজনিত অৱস্থাৰ বাবেও কোষ্ঠকাঠিন্য হ’ব পাৰে ৷ কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ বাবে বহুতে হাইড্ৰেটেড হৈ থকা, প্ৰচুৰ পৰিমাণে আঁহযুক্ত সুষম খাদ্য খোৱা আৰু নিয়মিত ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে ৷ অৱশ্যে এই সন্দৰ্ভত বিশেষজ্ঞই এবিধ বিশেষ ফল খালে কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব পাৰি বুলি উল্লেখ কৰে ৷ জানো আহক এই ফলবিধনো কি ?

খেজুৰে দূৰ কৰিব কোষ্ঠকাঠিন্য

এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞৰ মতে, যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব বিচাৰে বা ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে, তেন্তে নিয়মিতভাৱে খেজুৰ খাওক, এই ফলটোক মিঠাতকৈ অধিক পুষ্টিকৰ বুলি গণ্য কৰা হয় ৷ ইয়াৰ দ্বাৰা পেটৰ সমস্যা দূৰ হোৱাই নহয়, শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰা হয় ৷ আচলতে খেজুৰত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ উন্নত হয় ৷

এইবোৰ বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক

চিকিৎসকে কয় যে, কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ হ’লে আমি কেৱল স্বাস্থ্যকৰ খাদ্য খোৱাই নহয়, বহুতো অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীও খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ সেইবোৰ কথা কি জানো আহক-

১/ ভজা বস্তু

ভজা খাদ্যত অত্যধিক সংপৃক্ত চৰ্বি থাকে যিয়ে পেট আৰু অন্ত্ৰৰ বাবে সমস্যাৰ সৃষ্টি কৰে কাৰণ ইয়াৰ হজম সহজে নহয় আৰু ইয়াৰ ফলত কোষ্ঠকাঠিন্য হয় ৷

২/ প্ৰক্ৰিয়াকৃত খাদ্য

বৰ্তমান সময়ত প্ৰচেছড খাদ্যৰ ধাৰা বাঢ়িছে যদিও ইয়াৰ সেৱন পেটৰ বাবে ভাল নহয় ৷ ইয়াত অত্যধিক নিমখ, চেনি আৰু সংৰক্ষক পদাৰ্থ থাকে যাৰ ফলত পেটত বহু সমস্যাৰ সৃষ্টি হয় ৷

৩/ মদ্যপান

অত্যধিক মদ্যপান কৰিলে আন্ত্ৰিক অংশৰ আৱৰণৰ ক্ষতি হ’ব পাৰে, এণ্ড’টক্সিন উৎপাদন বৃদ্ধি পায় আৰু সম্ভাব্য এচিড ৰিফ্লাক্স, দুৰ্বল হজম আৰু বেক্টেৰিয়াৰ অতিমাত্ৰা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

লগতে পঢ়ক: Black Sesame Benefits: স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ ক’লা তিল, ইয়াৰ আচৰিত উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.