ETV Bharat / sukhibhava

Child Constipation: শিশুৰ কোষ্ঠকাঠিন্য সমস্যা হ’লে কি কৰিব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:28 PM IST

শিশুৰ কোষ্ঠকাঠিন্য কি ? শিশুৰ কোষ্ঠকাঠিন্য সমস্যা হ’লে কি কৰিব লাগে?শিশুটি যদি কোষ্ঠকাঠিন্যত ভুগি আছে তেন্তে কেনেধৰণৰ খাদ্য খুৱাব এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে ৷

Child constipation
শিশুৰ কোষ্ঠকাঠিন্য সমস্যা হ’লে কি কৰিব লাগে ?
শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন

গুৱাহাটী, 19 অক্টোবৰ: শিশুৰ পৰা বৃদ্ধলৈ প্রায়ভাগ লোকেই সঘনাই কোষ্ঠকাঠিন্য সমস্যাত ভোগে ৷ এক সমীক্ষা অনুসৰি ৯০ শতাংশ লোকেই জীৱনৰ কোনোবা নহয় কোনোবা এটা সময়ত কোষ্ঠকাঠিন্যত ভোগা দেখা যায় ৷ শিশু ক্ষেত্ৰত কোষ্ঠকাঠিন্য ২ বা ৩ বছৰৰ পিছত বেছিকৈ দেখা যায় ৷ এনে সমস্যাৰ আঁৰত বিভিন্ন কাৰণ থাকে যদিও বহুতেই বিষয়টোত গুৰুত্ব প্রদান কৰিব নোখোজে ৷

সাধাৰণতে শিশু সকলে শৌচ নকৰাৰ বাবে এই অসুবিধাৰ সৃষ্টি হোৱা দেখা ৷ বহুতে তেজ ওলোৱাও দেখা যায় ৷ ৯০ শতাংশ শিশুৰে হোৱা কোষ্ঠকাঠিন্য স্বভাৱিক ৷ এই অসুবিধা তাত কোনো ভিতৰুৱা কাৰনৰ বাবে নহয় ৷ বহু দিনৰ পৰা শৌচ নোহোৱাৰ সমস্যাৰ বাবে এই সকল শিশুৰ কোষ্ঠকাঠিন্য হোৱা দেখা যায় ৷

কোষ্ঠকাঠিন্যৰ পৰা ৰক্ষা পাবলৈ সেয়ে শিশুক সময়মতে শৌচ কৰিবলৈ উৎসাহিত কৰিব লাগে ৷ এই সমস্যা সম্পূৰ্ণৰূপে ভাল কৰিবলৈ হলে যদি মল লাগি ধৰি আছে সেইটো আঁতৰাব লাগিব ৷ লগতে তিনিৰ পৰা ছয় মাহলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি শৌচ ঢিলা হোৱা ঔষধ শিশুটিক দিব লাগিব ৷

শিশুটিক টয়লেট ট্ৰেইনিং দিয়াটো অতি প্ৰয়োজন ৷ ইয়াৰ বাবে শিশুটিক এটা নিৰ্দ্দিষ্ট সময়সীমা বান্ধি দিব লাগে ৷ আপোনাৰ শিশুটি যদি কোষ্ঠকাঠিন্যত ভুগি আছে তেন্তে কেনেধৰণৰ খাদ্য খুৱাব লাগে জানি লওক-

  • কোষ্ঠকাঠিন্যৰ অসুবিধা হ’লে শিশুটিয়ে ফাইবাৰ যুক্ত খাদ্য যেনে ফল-মূল, সেউজীয়া শাক-পাচলি, মআদি বেছিকৈ গ্ৰহণ কৰিব লাগিব ৷ মাটিৰ তলৰ পাচলি যেনে গাজৰ আদিতো ফাইবাৰ বেছি থাকে সেয়ে সেইবোৰ খাদ্যও শিশুটিক দিব পাৰে ৷
  • আপেল, মধুৰীআম, কল আদিত ৪ গ্ৰাম মান ফাইবাৰ থাকে ৷ অভিভাৱকসকলে জানিব লাগে যে শিশুটিক কিমান গ্ৰাম ফাইবাৰ দিব লাগে ৷
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি যদি শিশুটিৰ বয়স ৩ বছৰ হয় তেন্তে শিশুটিক প্ৰায় ৮ গ্ৰাম ফাইবাৰৰ প্ৰয়োজন ৷ আনহাতে শিশুটিৰ বয়স যদি ৫ বছৰ হয় তেন্তে শিশুটিক প্ৰায় ৯ ৰ পৰা ১০ গ্ৰাম ফাইবাৰৰ প্ৰয়োজন ৷
  • শিশুটিক পানী আৰু পৰ্যাপ্ত পৰিমাণৰ জুলীয়া খাদ্য খুৱাব লাগে ৷

লগতে পঢ়ক: Constipation Remedies: নাইকিয়া হ’ব কোষ্ঠকাঠিন্য; কেৱল প্ৰতিদিনে পুৱা তিয়াই খাওক এইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.