ETV Bharat / sukhibhava

Cholera is spreading: বিশ্বত কৰ’নাতকৈ ৩ গুণ অধিক প্ৰাণ কাঢ়ি নিছে কলেৰাই

author img

By

Published : Dec 15, 2022, 12:50 PM IST

কৰ’নাৰ পাছত এতিয়া সমগ্ৰ বিশ্বতে কলেৰা ৰোগ বিয়পিবলৈ ধৰিছে । বছৰ বছৰ ধৰি নিয়ন্ত্ৰণত থকা কলেৰা ৰোগ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

Cholera is spreading This disease is taking 3 times more lives than Corona
বিশ্বত কৰ’নাতকৈ ৩ গুণ অধিক প্ৰাণ কাঢ়ি নিছে এই ৰোগে

কৰ’নাৰ পাছত এতিয়া সমগ্ৰ বিশ্বতে কলেৰা ৰোগ বিয়পিবলৈ ধৰিছে । বছৰ বছৰ ধৰি নিয়ন্ত্ৰণত থকা কলেৰা ৰোগ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে । যিটো এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । অনুমান কৰা হৈছে যে, চলিত বৰ্ষৰ প্ৰথম ৯ মাহত ২৬খন দেশত এই ৰোগ বৃদ্ধি পাইছে(Cholera is spreading) । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ২০খনতকৈও কম দেশত কলেৰাই দেখা দিছিলে(History of cholera)।

ইফালে, WHOৰ কলেৰা-ডায়েৰিয়া নিৰ্মূলকৰণৰ মুৰব্বী ফিলিপ বাৰ্বোজাই(Philip Barboza, leader of WHO's cholera-diarrhea team) কয় যে বছৰ বছৰ ধৰি কলেৰা ৰোগীৰ সংখ্যা হ্ৰাস পাইছে । কিন্তু, এতিয়া আমি পৃথিৱীত এক ভয়ংকৰ পৰিস্থিতিত পৰিছো । বিগত বছৰৰ পৰা ধাৰাবাহিকভাৱে হাইজাৰ ঘটনা পোহৰলৈ আহিবলৈ ধৰিছে । তেওঁ লগতে কয় যে, কেৱল বাঢ়ি অহা বিষয়টোৱেই নহয়, ই নিজেই এক বৃহৎ আৰু মাৰাত্মক ৰূপ ধাৰণ কৰিছে ।

ফিলিপৰ মতে, ২০২১ চনত কলেৰাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ পাঁচ বছৰৰ তুলনাত তিনিগুণ বেছি । ইয়াৰ কাৰণ হ’ল দৰিদ্ৰতা আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত জীয়াই থকাৰ সংগ্ৰাম বুলিও তেওঁ কয় । বানপানী, ধুমুহা আৰু খৰাঙৰ ফলত খোৱাপানীৰ নাটনিৰ সৃষ্টি হৈছে । ই হাইজাৰ বৃদ্ধিৰ বাবে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে । যদি বতৰ সলনি হৈ আছে আৰু আমি যত্ন লোৱা নাই তেন্তে পৰিস্থিতি ভয়াৱহ হ’ব ।

তাতোকৈ ডাঙৰ কথাটো হ’ল, কলেৰাৰ ফলত হোৱা মৃত্যুৰ কোনো স্পষ্ট হিচাপ WHOৰ হাতত নাই । কাৰণ বহু দেশে বিবেচনাও নকৰে । কলেৰাৰ ভেকচিন সীমিত সংখ্যক আছে বুলি বাৰ্বোজাই কয় । ইয়াৰ দাবী পূৰণ কৰা নাই । কলেৰাৰ প্ৰতিষেধক কম । এই বছৰৰ শেষলৈকে সেইটো একপ্ৰকাৰ শেষ হ’ব ৷ কিন্তু বৰ্তমান এই ৰোগ প্ৰতিৰোধৰ বাবে কোনো সজাগতা বাৰ্তা নাই ।

কোনো ধৰণৰ টিকাকৰণ অভিযান এতিয়াও চলি আছে । বিশেষজ্ঞসকলে কয় যে, কলেৰাৰ ভেকচিন প্ৰস্তুত কৰা কোম্পানী এটাহে আছে । ইয়াৰ উপৰিও আন এটা কোম্পানীৰ সৈতে মিলি এই ভেকচিন প্ৰস্তুত কৰিছে । এই ভেকচিন তৈয়াৰ কৰাত বহু টকা খৰচ হয় । যিটো কোম্পানীয়ে নিজৰ খৰচৰ পৰাই বহন কৰিছে(Cholera vaccine) । বিশেষজ্ঞসকলে কয় যে, ভেকচিনৰ ব্যয় বৃদ্ধি পোৱাৰ বাবে কোম্পানীসমূহে এই ভেকচিন নিৰ্মাণ কৰা নাই ।

লগতে পঢ়ক: Muscular Strength: এটা ঈৰ্ষণীয় শৰীৰৰ গৰাকী হ'ব পাৰিব আপুনিও, মানি চলক এইসমূহ টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.