ETV Bharat / sukhibhava

Chocolate-based coffee recipes: ঘৰতে সহজতে প্ৰস্তুত কৰক চকলেট কফি - চকলেট থকা কফি একাপ

চকলেট থকা কফি একাপ খাই দিনটো আৰম্ভ কৰাৰ ইয়াতকৈ উত্তম উপায় আৰু কি হ’ব পাৰে? চকলেটক ভিত্তি হিচাপে লৈ সুস্বাদু কফি পানীয়ত লিপ্ত হৈ অকলে কিছু সময় কটাওক । আন্তঃৰাষ্ট্ৰীয় কফি ট্ৰেডিং কোম্পানী এটাৰ পানীয় প্ৰশিক্ষণ মেনেজাৰ গিৰীশ চন্দ্ৰই আপোনাৰ শৈশৱৰ আটাইতকৈ ভাল লগা চকলেটৰ স্মৃতিবোৰ মনত পেলাবলৈ কিছুমান ৰেচিপি শ্বেয়াৰ কৰিছে ৷

chocolate-based-coffee-recipes
ঘৰতে সহজতে প্ৰস্তুত কৰক চকলেট কফি
author img

By

Published : Sep 9, 2022, 10:54 PM IST

চকলেট থকা কফি একাপ খাই দিনটো আৰম্ভ কৰাৰ ইয়াতকৈ উত্তম উপায় আৰু কি হ’ব পাৰে ? চকলেটক ভিত্তি হিচাপে লৈ সুস্বাদু কফি পানীয়ত লিপ্ত হৈ অকলে কিছু সময় কটাওক । আন্তঃৰাষ্ট্ৰীয় কফি ট্ৰেডিং কোম্পানী এটাৰ পানীয় প্ৰশিক্ষণ মেনেজাৰ গিৰীশ চন্দ্ৰই আপোনাৰ শৈশৱৰ আটাইতকৈ ভাল লগা চকলেটৰ স্মৃতিবোৰ মনত পেলাবলৈ কিছুমান ৰেচিপি শ্বেয়াৰ কৰিছে ৷

  • HEAVENLY MOCHA SHAKE

শ্ৰেণী: ঠাণ্ডা পানীয় । চকলেট আৰু সতেজ এস্প্ৰেছ’ৰ সৈতে আপোনাৰ প্ৰিয় ভেনিলা শ্বেক ।

চাৰ্ভ উৱেৰ(Serve Ware): ৩৬০ মিলিলিটাৰ পিলছনাৰ গ্লাছ বা লিনজ গ্লাছ

উপকৰণ: গাখীৰ (১০০ মিলিলিটাৰ), এস্প্ৰেছ’ (১ শ্বট - ৩০মিলিলিটাৰ), ভেনিলা আইচক্ৰীম ২ স্কুপ (২০০ মিলিলিটাৰ), HCF - চকলেট চিৰাপ (৩০মিলিলিটাৰ), আইচ কিউব ৮০গ্ৰাম (প্ৰায় ৫ৰ পৰা ৬ কিউব)।

পদ্ধতি: হামিল্টন ব্লেণ্ডাৰত গাখীৰ আৰু ভেনিলা আইচক্ৰীম একেলগে মিহলাই ৩০-৪০ ছেকেণ্ড মসৃণ হোৱালৈকে মিহলাই লওক । পিলছনাৰ গিলাচ এটা লৈ গিলাচটোত HCF চকলেট চিৰাপ গ্লেজ কৰি বৰফৰ টুকুৰা দি গিলাচটোত মিশ্ৰণটো ঢালি দিব । মিশ্ৰণৰ ওপৰত এস্প্ৰেছ’ ঢালি দিব । ঠাণ্ডাই ঠাণ্ডাই পৰিবেশন কৰক ৷

  • BLACK FOREST COFFEE BLAST

শ্ৰেণী: শীতল পানীয়। ক্ৰীমৰ সৈতে আপোনাৰ প্ৰিয় ডেজাৰ্ট ঠাণ্ডা কফি ।

উপকৰণ: গাখীৰ (১০০ মিলিলিটাৰ), এস্প্ৰেছ’ (১ শ্বট - ৩০ মিলিলিটাৰ), ভেনিলা আইচক্ৰীম (৩ স্কুপ - ৩০০ মিলিলিটাৰ), এইচ চি এফ - চকলেট চিৰাপ (২০ মিলিলিটাৰ), হুইপড ক্ৰীম (১ শ্বট - ৩০ গ্ৰাম), চকলেট চিপছ গাৰ্নিচ .

পদ্ধতি: হামিল্টন ব্লেণ্ডাৰ বা ব্লেণ্ডটেকত গাখীৰ, এস্প্ৰেছ’ আৰু ২ স্কুপ ভেনিলা আইচক্ৰীম একেলগে ৩০-৪০ ছেকেণ্ড মসৃণ হোৱালৈকে মিহলাই লওক । পিলছনাৰ গ্লাছ এটা লৈ HCF থকা গ্লেজ গ্লাছ এটা দি তাত মিশ্ৰণটো ঢালি দিয়ক । মিশ্ৰণটোৰ ওপৰত ১ স্কুপ ভেনিলা আইচক্ৰীম ঢালি দিব । ১ শ্বট হুইপড ক্ৰীম দি চকলেট চিপছৰে সজাই লওক ।

লগতে পঢ়ক: কেঞ্চাৰ, হৃদৰোগৰ প্ৰতিৰোধী Tomato Catchupৰ আন উপকাৰিতাসমূহ জানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.