ETV Bharat / sukhibhava

Sanitary pads: চেনিটেৰী পেড ব্যৱহাৰ কৰিলে বৃদ্ধি পায় নেকি কৰ্কট ৰোগ ?

author img

By

Published : Dec 15, 2022, 1:58 PM IST

চেনিটেৰী পেড সন্দৰ্ভত নতুন অধ্যয়নত এক আচৰিত তথ্য পোহৰলৈ আহিছে । গৱেষণাৰ মতে, চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাটো এগৰাকী মহিলাৰ বাবে মাৰাত্মক হ’ব পাৰে । এনে ৰাসায়নিক পদাৰ্থ চেনিটেৰী পেডত ব্যৱহাৰ কৰা হৈছে, যিয়ে কেৱল গুৰুতৰ ৰোগ কৰ্কট ৰোগৰ সৃষ্টি কৰাই নহয়, এগৰাকী মহিলাক বন্ধ্যাত্বৰ বলিও কৰি তুলিব পাৰে ।

Cancer risk from using sanitary pads? Shocking revelation in new study
চেনিটেৰী পেড ব্যৱহাৰ কৰিলে বৃদ্ধি পায় নেকি কৰ্কট ৰোগৰ আশংকা ?

ভাৰতত কৈশোৰ কালত ভৰি দিয়া প্ৰতি চাৰিগৰাকী ছোৱালীৰ ভিতৰত তিনিগৰাকীয়ে চেনিটেৰী পেড ব্যৱহাৰ কৰে । ঋতুস্ৰাৱৰ সময়ত যৌনাংগত হ'ব পৰা বহুতো গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ চেনিটেৰী পেড ব্যৱহাৰ কৰা হয় । কিন্তু চেনিটেৰী পেডৰ সন্দৰ্ভত এক নতুন অধ্যয়নত এক নতুন ভয়াৱহ তথ্য পোহৰলৈ আহিছে(Cancer risk from using sanitary pads) । এক নতুন গৱেষণাৰ মতে, নেপকিনৰ ব্যৱহাৰে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । লগতে বন্ধ্যাত্বৰ সমস্যাও হ’ব পাৰে ।

বিশেষজ্ঞই কৰা এক গৱেষণাৰ সময়ত চেনিটেৰী নেপকিনত এনে বহু ৰাসায়নিক পদাৰ্থ পোৱা যিবোৰ সকলোতে সহজে উপলব্ধ, যিবোৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক । চেনিটেৰী প্ৰডাক্টত কাৰ্চিনোজেন, প্ৰজনন টক্সিন, এণ্ডক্ৰাইন ডিছপ্ৰপ্টৰ আৰু এলাৰ্জেন আদি বহুতো গুৰুতৰ ৰাসায়নিক পদাৰ্থ পোৱা গৈছে ।

এই গৱেষণাটি আন্তঃৰাষ্ট্ৰীয় প্ৰদূষক নিৰ্মূল নেটৱৰ্কৰ পৰীক্ষাৰ অংশ, য’ত ভাৰতত বিক্ৰী হোৱা ১০টা ব্ৰেণ্ডৰ চেনিটেৰী নেপকিনৰ সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে । অধ্যয়নৰ সময়ত গৱেষকসকলে সকলো নমুনাতে ফ্থালেট আৰু অস্বাভাৱিক জৈৱ যৌগ (VOC)ৰ লেখ-জোখ পোৱা গৈছিল । এই দুয়োটা দূষক পদাৰ্থই কেন্সাৰ কোষ উৎপন্ন কৰিবলৈ সক্ষম হোৱাটো চিন্তাৰ বিষয়(Usage of sanitary pads may lead to cancer) ।

ইয়াৰ ফলত বাঢ়িব পাৰে বিপদ

আটাইতকৈ চিন্তনীয় কথাটো হ’ল চেনিটেৰী পেডৰ ব্যৱহাৰৰ বাবে ৰোগৰ আশংকা অধিক । আচলতে এই গুৰুতৰ ৰাসায়নিক পদাৰ্থবোৰে মহিলাৰ ছালতকৈ যোনিৰ ওপৰত বেছি প্ৰভাৱ পেলায়(Sanitary pads Causes Cancer) । এনে পৰিস্থিতিত ইয়াৰ বাবে এই বিপদ আৰু অধিক বৃদ্ধি পায় ।

আনহাতে, ভাৰতত ইয়াৰ বাবে কোনো নিৰ্দিষ্ট নিয়ম নাই যিসমূহৰ ওপৰত নিৰীক্ষণ কৰা হয় । যদিও, ই নিশ্চিতভাৱে BISৰ মানদণ্ডৰ অধীনত আহে, কিন্তু ইয়াত থকা ৰাসায়নিক পদাৰ্থৰ সন্দৰ্ভত বিশেষভাৱে কোনো নিয়ম নাই ।

পৰিসংখ্যাই কি কয়

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ(National Family Health Survey) শেহতীয়া তথ্য অনুসৰি ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৬৪ শতাংশ ভাৰতীয় মহিলাই চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে । বিগত কেইবাবছৰ ধৰি সজাগতা বৃদ্ধি পোৱাৰ বাবে ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাইছে ।

IMARC Groupৰ তথ্য অনুসৰি ভাৰত চেনিটেৰী প্ৰডাক্টৰ বৃহৎ বজাৰ আছে । ২০২১ চনতেই চেনিটেৰী নেপকিনৰ টাৰ্ণঅভাৰ আছিল ৬১৮ মিলিয়ন ডলাৰ । লগতে ২০২৭ চনৰ ভিতৰত এই বজাৰখন ১.২ বিলিয়ন ডলাৰ হ’ব বুলি সমীক্ষাৰ দ্বাৰা অনুমান কৰা হৈছে ।

লগতে পঢ়ক: Jaundice: সজাগতাৰ অভাৱ আৰু জৰা-ফুকাই প্ৰসাৰ ঘটাইছে নেকি জণ্ডিচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.