ETV Bharat / sukhibhava

বিশ্বত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?

সমগ্ৰ বিশ্বজুৰি যুৱচামৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা পোৱাৰ ফলত উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সন্থাই ৷ জ্যেষ্ঠ শৈল্যবিদ, বিশেষজ্ঞ তথা ইন্দোৰ কৰ্কট ফাউণ্ডেশ্বনৰ প্ৰতিস্থাপক ডাঃ দিগপাল ধাৰকাৰে এক স্বাস্থ্যসন্মত জীৱনশৈলী অৱলম্বন কৰাৰ লগতে কৰ্কটৰ সাম্ভাব্য কাৰকবোৰক চিহ্নিত কৰি ততালিকে চিকিৎসা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

বিশ্বত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?
বিশ্বত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?
author img

By

Published : Mar 2, 2021, 2:06 PM IST

Updated : Mar 3, 2021, 7:09 AM IST

অ-স্বাস্থ্যসন্মত অভ্যাসবোৰৰ বাবেই যুৱচামৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ্কট ৰোগ

বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত কিছু বছৰত সমগ্ৰ বিশ্বজুৰি যুৱচামৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ চিকিৎসক আৰু বিশেষজ্ঞসকলে এই স্থিতিৰ বাবে যুৱচামে বাচি লোৱা অ-স্বাস্থ্য সন্মত জীৱনশৈলী, অতিৰিক্ত ওজন তথা মেদবহুলতাৰ ফলত দেখা দিয়া সমস্যাবোৰ আৰু তেওঁলোকৰ মাজত প্ৰচলিত ধুম্ৰপান নাইবা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আদিক দোষাৰূপ কৰিছে ৷ ঠিক একেদৰেই যুৱচামৰ মাজত বৃদ্ধি পোৱা কৰ্কট ৰোগৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি জ্যেষ্ঠ শৈল্যবিদ, বিশেষজ্ঞ তথা ইন্দোৰ কৰ্কট ফাউণ্ডেশ্বনৰ প্ৰতিস্থাপক ডাঃ দিগপাল ধাৰকাৰে এক স্বাস্থ্যসন্মত জীৱনশৈলী অৱলম্বন কৰাৰ লগতে কৰ্কটৰ সাম্ভাব্য কাৰকবোৰক চিহ্নিত কৰি ততালিকে চিকিৎসা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

যুৱ প্ৰজন্মৰ মাজত কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ কাৰণসমূহ

ডাঃ ধাৰকাৰে এই বিষয়ে বৰ্ণনা কৰি কয় যে, বহুতো কাৰণৰ ফলত যুৱ প্ৰজন্মৰ মাজত কৰ্কট ৰোগ ক্ৰমাগত ভাৱে বাঢ়িবলৈ লৈছে ৷ তাৰে ভিতৰত নিষ্ক্ৰিয় জীৱনশৈলী, মেদবহুলতা আৰু বংশগত এই কাৰক কেইটাৰ বিষয়ে আমি সকলো অৱগত ৷ কিন্তু আন কেইটামান কাৰণো আছে; যি কেইটাৰ বিষয়ে বৰ বেছি তথ্য উপলব্ধ নহয় ৷ সেইবাবেই এই কাৰক সমূহৰ বিষয়ে আৰু অধিক তথ্য আহৰণ কৰিবলৈ যুৱচামৰ মাজত কি পৰ্যায়ত মাদক দ্ৰব্য/সুৰাৰ ব্যৱহাৰ প্ৰচলন হৈ আছে, শতকৰা কিমান শতাংশ যুৱতী বা প্ৰাপ্তবয়স্ক মহিলাই এটা বা তাতোধিক, বিভিন্ন কাৰণত হৰম’ন থেৰাপি লৈ আছে, শতকৰা কিমান শতাংশ পুৰুষ বা মহিলা মেদবহুলতাৰ ফলত হোৱা সমস্যাত ভূগি আছে ইত্যাদি কাৰণসমূহৰ বিষয়ে সমীক্ষা তথা অনুসন্ধান চলোৱাৰ প্ৰয়োজনীয়তা আছে ৷ ইয়াৰ উপৰিও আৰু অনেক কাৰক আছে, যিবোৰৰ বিষয়ে অনুসন্ধান অতীব প্ৰয়োজনীয় ৷

আনুবংশিক কাৰকসমূহ

ডাঃ ধাৰকাৰে কয় যে কৰ্কট ৰোগীসকলৰ মুঠ সংখ্যাৰ প্ৰায় ১০ শতাংশই হৈছে বংশগত কাৰণত হোৱা ৷ একেটা পৰিয়ালৰে কেইবাটাও প্ৰজন্ম বা একেতা পৰিয়ালৰে এজন বা ততোধিক সদস্য কৰ্কট ৰোগত ভোগাৰ বেছিভাগ কাৰণেই হৈছে আনুবংশিক ৷ সেয়ে যিসকল লোকৰ পৰিয়ালত ইতিমধ্যেই কোনো কৰ্কট ৰোগী আছে, তেওঁলোকে এই ক্ষেত্ৰত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা উচিত ৷

ডাঃ ধাৰকাৰে কয় যে, বিগত বৰ্ষবোৰত আনুবংশিক কাৰণত হোৱা কৰ্কটৰ বিষয়ে যথেষ্ট গৱেষণা চলোৱা হৈছে আৰু এই গৱেষণাবোৰৰ ফলাফলৰ পৰা পোৱা নিষ্পত্তি অনুসৰি বংশগত ভাৱে স্তনৰ কৰ্কট, জৰায়ুৰ কৰ্কট আৰু পাকস্থলী নাইবা ক’ল’ন কৰ্কটকে ধৰি কেইবিধমান কৰ্কট হ’ব পাৰে ৷

গড় আয়ুস বৃদ্ধি

ডাঃ ধাৰকাৰে কয় যে, মানুহৰ গড় আয়ুস বৃদ্ধি পোৱাটোও হ’ল কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আন এটা কাৰণ ৷ সম্প্ৰতি, এজন মানুহৰ গড় আয়ুস হ’ল প্ৰায় ৬৫ পৰা ৭০ বছৰৰ ভিতৰত ৷ যাৰ অৰ্থ হ’ল বৰ্তমান মানুহ পূৰ্বতকৈ বেছি দিন জীয়াই থাকে ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জীৱনৰ মানদণ্ড বাঢ়িছে ৷ গড় আয়ুস বাঢ়িছে কাৰণ ঔষধ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখন ব্যাপকভাৱে অগ্ৰগতি হৈছে, যাৰ ফলত বৰ্তমান বহুতো মাৰাত্মক ৰোগৰো চিকিৎসা সম্ভৱ হৈ উঠিছে ৷ কিন্তু প্ৰদূষণেই হওঁক বা জীৱন ধাৰণৰ শৈলীয়েই হওঁক নাইবা ৰুগ্ন স্বাস্থ্যই হওঁক; কৰ্কটৰ দৰে মাৰাত্মক ৰোগবোৰ কিন্তু ক্ৰমান্বয়ে ব্যাপক হাৰত বাঢ়িবলৈহে ধৰিছে ৷ আনকি, যদি কোনো এজন ব্যক্তি বয়সীয়াল, তেনেহ’লে তেওঁৰ শৰীৰত পূৰ্বৰ তুলনাত অধিক মাৰাত্মক বেমাৰে বাহ লোৱা আশংকা বাঢ়িহে যাবলৈ ধৰিছে ৷

অস্বাস্থ্যসন্মত জীৱনশৈলী, আটাইতকৈ ডাঙৰ কাৰণ সম্পত্তি, কেৱল মাত্ৰ যুৱচামৰ মাজতেই নহয়, আনকি সকলো আয়ুসৰে মহিলা তথা পুৰুষসকলৰ মাজত বৃদ্ধি পোৱা কৰ্কট ৰোগৰ বাবে বহু পৰ্যায়লৈকে দায়ী হ’ল নিষ্ক্ৰিয় আৰু অস্বাস্থ্যসন্মত জীৱনশৈলী ৷ আন্তৰাষ্ট্ৰীয় কৰ্কট বিৰোধী সন্থা (ইউ আই চি চি)ৰ মতে কৰ্কট ৰোগীসকলৰ প্ৰতি তিনিজনৰ এজনৰেই কৰ্কট হয় নিজৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ ফলত ৷ আজিৰ যুগত বেছিভাগ লোকেই এক অনুশাসনহীন জীৱন যাপন কৰাৰ অধীন হৈ পৰিছে ৷ বহু লোকৰ নিশা বিচনাত পৰা আৰু শোৱাৰ পৰা উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই, বহুতৰে আকৌ স্বাস্থ্য সন্মত আহাৰ গ্ৰহণ কৰাৰ অভ্যাস নাই ৷ আনহাতে অধিক সংখ্যক লোকেই শাৰীৰিক পৰিশ্ৰমৰ পৰা বহু যুজন আঁতৰত অৱস্থান কৰে ৷ এইবোৰৰ উপৰিও, আটাইতকৈ উদ্বেগকাৰী কথাটো হ’ল আজিকালি আকৌ ধুম্ৰপান কৰা, মদ্যপান কৰা লগতে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাটো যুৱচমাৰ বাবে ‘ফেশ্বন’ত পৰিণত হৈ পৰিছে ৷ বহু লোকে আকৌ লগৰবোৰ অৰ্থাৎ বন্ধু বান্ধৱৰ হেঁচাত পৰি নতুবা কোনো নিৰ্দিষ্ট এচাম মানুহে স্বীকৃতি দিব বুলি বা তেওঁলোকৰ লগত ঘনিষ্ঠ হোৱাৰ আশাত এই কাৰ্য কলাপবোৰৰ লগত জড়িত হৈ পৰে ৷ এই সমগ্ৰ কাৰ্য-কলাপেই শৰীৰত যিকোনো ধৰণৰ কৰ্কট বিয়পোৱাৰ অন্যতম কাৰণ হ’বগৈ পাৰে নাইবা শৰীৰটোক যি কোনো ধৰণৰ গম্ভীৰ স্থিতিলৈ লৈ যাব পাৰে বা শৰীৰৰ অৱস্থা সাংঘাতিকভাৱে অৱনতি ঘটাব পাৰে ৷

খাদ্যাভাসৰ নিম্নগামিতা

জীৱনশৈলীক বাদ দি, আমাৰ খাদ্য আৰু খাদ্যাভাসেও আমাৰ শৰীৰত কৰ্কট ৰোগ বিয়পাব পাৰে ৷ কৰ্কট প্ৰত্যক্ষভাৱে আমি খোৱা খাদ্য আৰু ইয়াক কিমান ভালকৈ ৰন্ধা হৈছে তাৰ লগত জড়িত হৈ আছে ৷ উদাহৰণস্বৰূপে, অ’ভেনত উচ্চ তাপমাত্ৰাত খাদ্যবোৰ যেনে গাহৰিৰ মঙহ, গৰুৰ মঙহ নাইবা বনৰীয়া গাহৰিৰ মাংস গৰম কৰাটোৱে বা এইবোৰ খাদ্যক বাৰে বাৰে গৰম কৰি খালে এজন লোকৰ শৰীৰত কৰ্কট হোৱাৰ আশংকা বৃদ্ধি পাইছে ৷ ডাঃ ধাৰকাৰে বৰ্ণনা কৰি কয় যে বৰ্তমান সময়ত কেৱল মাত্ৰ শিশুৱেই নহয়, যুৱচাম তথা প্ৰাপ্তবয়স্ক সকলো অতি-প্ৰক্ৰিয়াকৃত খাদ্য যেনে চীজ নাইবা অধিক শৰ্কৰাযুক্ত আৰু চৰ্বীযুক্ত আহাৰবোৰ যেনে ‘কাৰ্বনেটেড’ পানীয় আৰু আন আন লঘু আহাৰবোৰ খাবলৈ ভালপায় ৷ এনে জীৱনশৈলীয়ে অকল কৰ্কটেই নহয় একে সময়তে আন একাধিক বেমাৰ যেনে মধুমেহ, উচ্চ ৰক্তচাপ ইত্যাদিৰ আশংকা বঢ়াই তোলে ৷ আৰু শৰীৰত এই ৰোগবোৰৰ উপস্থিতিয়ে কৰ্কট ৰোগৰ চিকিৎসা কষ্ট সাধ্য কৰি তোলে ৷ ইয়াৰ উপৰিও, স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পাব পাৰে ৷ যাৰ ফলত কৰ্কটকে ধৰি আন গম্ভীৰ ৰোগবোৰে দেখা দিব পাৰে ৷ ডাঃ ধাৰকাৰে কয় যে যুৱচামৰ মাজত বৃদ্ধি পাবলৈ ধৰা কৰ্কটৰ ক্ৰমবৰ্ধমান প্ৰৱণতাটোক ৰোধ কৰা বৰ্তমান অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ প্ৰতিজন ব্যক্তিয়েই নিজৰ অস্বাস্থ্যসন্মত ৷

জীৱন শৈলী

জীৱন শৈলীৰ বাবে যে কৰ্কট হোৱাৰ সম্ভাৱনীয়তা আছে; তাৰ প্ৰতি সজাগ তথা সচেতন হোৱা উচিত ৷ জনবিন্যাস অধ্যয়নৰ আধাৰত জনসংখ্যা, আয়ুস, সম্প্ৰদায় আৰু ভৌগলিক অৱস্থানৰ ভিত্তিত ৰাষ্ট্ৰীয় স্তৰত গৱেষণা হোৱা উচিত যাতে অলক্ষিতে ৰৈ যোৱা কৰ্কট ৰোগী সকলৰো তথ্য পোহৰলৈ আহে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰাটো সম্ভৱ হৈ উঠে ৷ বিশেষজ্ঞজনে পুনৰ তেওঁ বক্তব্যত যোগ দি কয় যে যুৱচমাৰ মাজত বৃদ্ধি পোৱা ক্ৰমবৰ্ধমান কৰ্কট ৰোগৰ সমস্ত কাৰকসমূহ জানিবলৈ হ’লে তেওঁলোকৰ অনুশীলন, আহাৰ আৰু জীৱনশৈলীৰ বিষয়ে এক সমীক্ষা চলোৱা উচিত হ’ব ৷

Last Updated : Mar 3, 2021, 7:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.