ETV Bharat / sukhibhava

Breastfeeding Challenges: আপোনাৰ শিশুটিয়েও স্তনপান কৰিব নিবিচাৰে নেকি ? তেন্তে বিশেষজ্ঞৰ এই টিপছবোৰ কৰক অনুসৰণ

author img

By

Published : Aug 18, 2023, 7:36 PM IST

কিছুমান শিশুৱে স্তনপান কৰিব নিবিচাৰে । এনে পৰিস্থিতি শিশু আৰু মাতৃ দুয়োৰে বাবে অতি কষ্টকৰ হৈ পৰে । এনে পৰিস্থিতিত এই সন্দৰ্ভত চিকিৎসকে কি মতামত আগবঢ়াইছে, চাও আহক ।

Breastfeeding Challenges: Your Baby Not Breastfeeding? Try these expert tips
আপোনাৰ শিশুটিয়েও স্তনপান কৰিব নিবিচাৰে নেকি ? তেন্তে বিশেষজ্ঞৰ এই টিপছবোৰ কৰক অনুসৰণ

স্তনপান কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া । ই শিশু আৰু মাতৃ উভয়ৰে স্বাস্থ্যৰ বাবে অতি উপকাৰী । কিন্তু বহু সময়ত এনেকুৱা হয় যে শিশুটিয়ে স্তনপান কৰিব নিবিচাৰে । এইটো এটা সাধাৰণ সমস্যা । এনে হোৱাৰ বহু কাৰণ থাকিব পাৰে । যদি শিশুটিয়ে স্তনপান নকৰে তেন্তে এই পৰিস্থিতি শিশু আৰু মাতৃ উভয়ৰে বাবে অতি কঠিন হৈ পৰে । বহু সময়ত বহু মহিলাই এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ বহুতো ঘৰুৱা উপায় অৱলম্বন কৰে । কিন্তু ইয়াৰ কোনো বিশেষ প্ৰভাৱ পৰা দেখা নাযায় ।

এই সন্দৰ্ভত বিশেষজ্ঞই কয় যে, শিশুটিয়ে স্তনপান নকৰাৰ আঁৰত বহু কাৰণ থাকিব পাৰে । যদিও ই এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু মাতৃ আৰু সন্তানে লাহে লাহে ইয়াৰ বিষয়ে জানিব লাগিব । শিশুৱে স্তনপান নকৰে, এই পৰিস্থিতিৰ কাৰণ কি হ’ব পাৰে আৰু ইয়াৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে জানি লওক ।

এইবোৰেই কাৰণ হ’ব পাৰে

  • কেতিয়াবা অতি কোলাহলপূৰ্ণ ঠাইত শিশুৱে গাখীৰ খাব নোৱাৰে ।
  • কিছুমান মাতৃয়েও শিশুটিক স্তনপান কৰাৰ লগতে বটল এটাৰে খুৱাই দিয়ে, বটলৰ পৰা গাখীৰ খোৱাৰ পিছত শিশুটিৰ পেট ভৰি পৰে । ইয়াৰ বাবেই শিশুৱে স্তনপানৰ সময়ত একে আশা কৰে । ইয়াৰ কাৰণে শিশুৱে স্তনপানৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰে ।
  • কাণৰ সংক্ৰমণ বা কোনো সমস্যাৰ বাবে শিশুৱে গাখীৰ খাবলৈ প্ৰায়েই ইচ্ছা নকৰে ।
  • ইয়াৰ লগতে বহুবাৰ স্তনপানৰ সময়ত গাখীৰৰ প্ৰবাহ বাঢ়ি যায় । ইয়াৰ কাৰণে শিশুটিয়ে গাখীৰ খোৱাত যথেষ্ট অসুবিধা পায় ।
  • বহু সময়ত গাখীৰৰ অভাৱত শিশুৰ ভোক পূৰণ নহয়, যাৰ বাবে শিশু খিংখিঙীয়া হৈ পৰে আৰু গাখীৰ নাখায় । এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে । ইয়াৰ ফলত আপোনাৰ শিশুটিয়ে সঠিক পুষ্টি আৰু সঠিক যত্ন লাভ কৰিব ।

এই টিপচ্সমূহ অনুসৰণ কৰক

  1. শিশুটিৰ মুখত স্তনটো সঠিকভাৱে ৰাখক, যাতে সি ভালদৰে গাখীৰ খাব পাৰে আৰু আপোনাৰ স্বাস্থ্যও ভাল হয় ।
  2. লগতে বহাৰ অৱস্থাটোও মনত ৰাখিব, যাতে পিঠিখন সঠিক স্থানত থাকে । শিশুটিক সহজে স্তনপান কৰাবও পাৰে ।
  3. খাদ্যত পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰক । ইয়াৰ লগে লগে আপোনাৰ স্বাস্থ্য ভাল হ’ব আৰু মাতৃদুগ্ধও ভাল হ’ব ।
  4. বহু মহিলাৰ স্তনপানৰ পিছত নিপল বগা হোৱাৰ সমস্যা হ’ব পাৰে । আচলতে স্তনপানৰ সময়ত নিপলৰ কলাৰ ব্লাঞ্চিং হৈ পৰে, যাৰ বাবে নিপল বগা হৈ পৰে । এই সমস্যাৰ পৰা সকাহ পাবলৈ নিপলটো গৰম পানীৰ সেক দিব লাগে ।
  5. স্তনপান কৰোৱাৰ সময়ত মাতৃৰ স্বাস্থ্যও বহুত গুৰুত্বপূৰ্ণ । কাৰণ এগৰাকী সুস্থ মাতৃয়েহে স্বাস্থ্যসন্মত মাতৃদুগ্ধ দিব পাৰে ।

লগতে পঢ়ক: Tea side effects: আপোনাৰো আছে নেকি চাহ দৈনিক চাহ খোৱাৰ অভ্যাস ? তেন্তে হৈ যাওক সাৱধান!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.