ETV Bharat / sukhibhava

Bamboo shoot Benefits: ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাৰ পৰা বিভিন্ন ৰোগ নিৰাময়লৈকে উপকাৰী বাঁহগাজ - ব্লাড চুগাৰ নিয়ন্ত্ৰণ

আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহগাজৰ আছে অনেক ঔষধি গুণাগুণ ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহগাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰৰ পক্ষে কেনেধৰণৰ স্বাস্থ্য উপকাৰিতা সাধন কৰে ৷

Bamboo shoot
ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাৰ পৰা বিভিন্ন ৰোগ নিৰাময়লৈকে উপকাৰী বাঁহগাজ
author img

By

Published : Aug 10, 2023, 11:55 AM IST

আমাৰ অসমত বিভিন্ন প্ৰকাৰৰ শাক-পাচলি ফল-মূল, বনৌষধি আদি পোৱা যায় যিসমূহ আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই লাভদায়ক ৷ সকলোৰে নিজস্ব লাভালাভ আছে ৷ ইয়াৰে ভিতৰত আজি আমি আপোনালোকক ক’বলৈ লৈছো বাঁহ গাজৰ স্বাস্থ্য উপকাৰিতাৰ কথা ৷ অসমীয়া ভাষাত প্ৰচলিত এটি ফকৰা যোজনাত কোৱা হৈছে যে, “তোমাৰে বাৰীৰে বাঁহ-গাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি ধন লাভ কৰিছোঁ, কথাটো মন কৰিছা” ! ইয়াৰ ওপৰিও অসমীয়াৰ অনেক বিহুগীততো বাঁহৰ উল্লেখ পোৱা যায় ৷ বাঁহ গাজৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে যাৰ বিষয়ে হয়তো আপুনি জ্ঞাত নহয় ৷

প্ৰথমে আপোনালোকক জনাও যে, একাপ বাঁহৰ গাজত ২ গ্ৰাম ফাইবাৰ, ৫ গ্ৰাম প্ৰ’টিন, ৫ গ্ৰাম প্ৰ’টিন, ৫ গ্ৰাম কাৰ্ব, ৫৩৩ মিলিগ্ৰাম পটাছিয়াম, ৯১ মিলিগ্ৰাম ভিটামিন ই, ৩১ মিলিগ্ৰাম আইৰণ আদি পুষ্টিকৰ উপাদান পোৱা যায় । আজি আমি আপোনালোকক এই পুষ্টিকৰ পাচলিবিধ খোৱাৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিম, গতিকে এই ঔষধি পাচলিবিধৰ বিষয়ে পলম নকৰাকৈ জানো আহক ।

বাঁহৰ গাজ খোৱাৰ উপকাৰিতা

  • ডায়েবেটিছত বাঁহৰ গাজ খাব পাৰে । ই আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বজাই ৰাখে । বাঁহৰ গাজ পেটৰ বাবেও অতি উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণ, আলচাৰ প্ৰতিৰোধী গুণ আছে ।
  • বাঁহ গাজৰ আঁহ (Fibre) বেছি হোৱাৰ বাবে ই ওজন হ্ৰাস কৰাত ফলপ্ৰসূ । ইয়াক খালে দীৰ্ঘসময়লৈ ভোক নাথাকে যাৰ বাবে খাদ্য গ্ৰহণ কমি যায় । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো বাঁহ গাজৰ ভাল প্ৰভাৱ দেখা যায় ।
  • ৰন্ধা বাঁহ গাজ শাক-পাচলিৰ মিহলাই সৈতেও খাব পাৰে । একে সময়তে বাঁহৰ গাজ ব্যৱহাৰ কৰি আপুনি চূপ, ষ্টু, চালাড আৰু আঞ্জাও তৈয়াৰ কৰিব পাৰে । অসমত বিশেষকৈ বাঁহ গাজৰ আচাৰ খুবেই পচন্দ কৰা হয় ৷
  • বাঁহ গাজ এছিয়াৰ বহুতো দেশত এক সুস্বাদু খাদ্য হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ দ্বাৰা Cardiovascular ৰোগ, কৰ্কট ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ তথা মেদবহুলতা প্ৰতিৰোধত সহায় হয় ৷

গতিকে বাঁহৰ গাজ খাওক আৰু ইয়াৰ উপকাৰিতাৰ সুবিধা লওক ।

লগতে পঢ়ক: Conjunctivitis: চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.