ETV Bharat / sukhibhava

Health Tips: চালাড গ্ৰহণৰ পূৰ্বে জানি লওক এইসমূহ কথা; অন্যথা হ’ব পাৰে বিপদ - চালাড

চালাড খোৱাৰ যিমান লাভালাভ আছে, তাতকৈ বেছি অসুবিধাও আছে ৷ যিসমূহ আয়ুৰ্বেদত উল্লেখ কৰা হৈছে ৷ আজি এই বিষয়ে জানো আহক-

Be careful about eating salads otherwise, it can cause serious health damage
চালাড গ্ৰহণৰ পূৰ্বে জানি লওক এইসমূহ কথা; অন্যথা হ’ব পাৰে বিপদ
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:00 PM IST

ডায়েটিং কৰা লোকসকলে সাধাৰণতে যথেষ্ট পৰিমাণে চালাড গ্ৰহণ কৰে ৷ ইয়াৰ কাৰণ হৈছে চালাডে আমাৰ শৰীৰত প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে ৷ কিন্তু কেতিয়াবা বৃহৎ পৰিমাণে আঁহ সমৃদ্ধ খাদ্য খোৱাটোয়েও স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাব পাৰে ৷ দৰাচলতে, চালাড খোৱাৰ যিমান লাভালাভ আছে, তাতকৈ বেছি অসুবিধাও আছে ৷ যিসমূহ আয়ুৰ্বেদত উল্লেখ কৰা হৈছে ৷ আজি এই বিষয়ে জানো আহক-

অন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে

চালাডে অন্ত্ৰৰ স্বাস্থ্যক প্ৰভাৱিত কৰে ৷ অন্ত্ৰয়ে খাদ্যৰ পৰা পুষ্টি গ্ৰহণ কৰি বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াত সহায় কৰে ৷ ই সঠিকভাৱে কাম কৰিব নোৱাৰিলে পেটৰ বিষ, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাই দেখা দিয়ে ৷

এইসকলৰ বাবে চালাড উপযোগী নহয়

সৰু ল'ৰা ছোৱালীক চালাড হিচাপে তিয়ঁহ আৰু বিলাহী খাবলৈ দিব নালাগে ৷ শিশুৰ স্বাস্থ্যৰ বাবে চালাডত তিঁয়হ আৰু বিলাহী খোৱাটো ভাল নহয় ৷ এয়া পিছে আমি কোৱা কথা নহয়, এই কথা স্পষ্ট কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে ৷

চালাড গৰ্ভৱতী মহিলাসকলে পৰিহাৰ কৰিব লাগে

খাদ্য বিশেষজ্ঞসকলৰ মতে, কেঁচা চালাড অৰ্থাৎ বিলাহী, তিয়ঁহ, পিয়াজ আদি খালে গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰদাহ হ'ব পাৰে ৷ এনে পৰিস্থিতিত, চালাড খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুৱেই দৰকাৰী ৷

নিশা চালাড খোৱাৰ অপকাৰিতা

খাদ্য বিশেষজ্ঞসকলৰ মতে, খাদ্য খোৱাৰ আধা ঘণ্টাৰ আগতে চালাড খাব লাগে ৷ এনে কৰাৰ দ্বাৰা আপুনি খাদ্য খোৱাৰ সময়ত কম ভোক অনুভৱ কৰিব ৷ যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰিব ৷আনহাতে, চালাড সদায় দিনত খাব, ৰাতি নহয় ৷

পাচন তন্ত্ৰৰ সমস্যা

আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে, আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ৷ আনহাতে, অত্যাধিক পৰিমাণৰ আঁহ সেৱন কৰিলে পাচন তন্ত্ৰত ব্যাঘাত জন্মাব পাৰে ৷

আপুনি কেতিয়া চালাড খাব ?

খাদ্যৰ সৈতে চালাড খোৱাৰ সলনি, ইয়াক খাদ্য খোৱাৰ আধা ঘণ্টা আগতে খাব ৷এনে কৰাৰ দ্বাৰা আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে আৰু আপুনি শৰীৰক লাগতিয়াল সকলো প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ প্ৰাপ্ত কৰিব পাৰে ৷

লগতে পঢ়ক: Benefits Of Mint: এই সৰু সেউজীয়া পাতবিধে সুস্থ কৰি ৰাখিব আপোনাৰ বৃক্ক আৰু যকৃৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.