ETV Bharat / sukhibhava

Avoid these fruits on empty stomach: এই ৪ টা ফল খালী পেটত ভুলতো সেৱন নকৰিব, নহ’লে হ’ব পাৰে এইসমূহ সমস্যা

author img

By

Published : May 7, 2023, 1:47 PM IST

ফল-মূল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ৷ কিন্তু খালী পেটত এই সমূহ ফল খালে আপোনাৰ শৰীৰত বাবে হ’ব পাৰে অপকাৰী (Avoid eating these 5 fruits on an empty stomach) ৷ সেয়াহে, খালী পেটত ভুলতো সেৱন নকৰিব এইসমূহ ফল ৷

Avoid eating these fruits on an empty stomach
খালী পেটত ভুলতো সেৱন নকৰিব এইসমূহ ফল

আমাৰ দৈনন্দিন জীৱনত ফল-মূলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ফল-মূলে আমাৰ শৰীৰৰ খাদ্যৰ অভাৱ পূৰণ কৰে । শৰীৰৰ শক্তিৰ বাবে অতিকৈয়ে প্ৰয়োজনীয় ফল। সেয়াহে আমি ফল-মূল অধিক সেৱন কৰিব লাগে ৷ কিন্তু আপুনি জানেনে ফল-মূল খোৱাৰো এটা সঠিক সময় থাকে ? হয় ফল-মূল খোৱাৰো এটা সঠিক সময় আছে ৷ কিয়নো এনে কিছুমান ফল-মূল আছে যি ভুল সময়ত খালে আপোনাৰ শৰীৰৰ উপকাৰ নকৰে, বৰংস্ব অপকাৰ হে কৰে ৷

সঠিক সময়ত ফলৰ পৰা সম্পূৰ্ণ পুষ্টি লাভ হয় । কিন্তু ভুল সময়ত ফল-মূল সেৱন কৰিলে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে আৰু বহুতো শাৰীৰিক সমস্যা চিন্তাৰ কাৰণ হ’ব পাৰে । বহু লোকে অজানিতে খালী পেটত ভুল ফল সেৱন কৰে আৰু যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সেয়াহে আজি আমি এই প্ৰতিবেদনত কম, যিবোৰ ফল কেতিয়াও খালী পেটত সেৱন কৰিব নালাগে ৷ ফলসমূহৰ নাম জানি লওক এই প্ৰতিবেদনত (Avoid eating these 5 fruits on an empty stomach) ৷

কল

খালী পেটত কল খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ খালী পেটত কল খালে হজম শক্তিত প্ৰভাৱ পৰিব পাৰে । আপুনি পেট ফুলা অনুভৱ কৰিব পাৰে । ইয়াৰ উপৰিও কোষ্ঠকাঠিন্যৰ সমস্যাও আমনিদায়ক হ’ব পাৰে ।

কমলা আৰু মৌচুমী

খালী পেটত মৌচুমী আৰু কমলাৰ দৰে ছাইট্ৰাছ ফল সেৱন কৰিলে অসুস্থ হৈ পৰিব পাৰে আপুনি । আপোনাৰ পাচনতন্ত্ৰৰ অৱনতি ঘটিব পাৰে । খালী পেটত এই ফলবোৰ সেৱন কৰিলে পুৱা এচিডিটি আৰু গেছৰ সমস্যা হ’ব পাৰে ।

কিৱি

কিৱি হৈছে ভিটামিন চি সমৃদ্ধ ফল ৷ গতিকে পৰাপক্ষত খালী পেটত খোৱাৰ পৰা আতৰত থাকিব লাগে ৷ কাৰণ ইয়াৰ ফলত টেঙা উগাৰ, এচিডিটি আৰু হাৰ্টবাৰ্ণৰ সমস্যা হ’ব পাৰে ।

আনাৰস

আনাৰস খালী পেটত খাব নালাগে । কাৰণ ইয়াত ফ্ৰুক্ট’জ ভাল পৰিমাণত থাকে । আনাৰসত আঁহৰ লগতে ভিটামিন চিও থাকে। এই দুয়োটাই বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে ।

লগতে পঢ়ক: Flu Symptoms: বতৰৰ সাল-সলনিৰ বাবে বৃদ্ধি পাইছে ফ্লুৰ আশংকা, আপোনাৰ শৰীৰতো দেখা দিছে নেকি এইসমূহ লক্ষণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.