ভাৰতৰ বিশেষত্ব হ’ল ই বৈচিত্ৰ্যৰে ভৰা এখন অতি সুন্দৰ দেশ । ভিন্ন ধৰ্ম, জাতি আৰু বিভিন্ন ভাষা কোৱা লোকে ভাৰত দেশখনক অনন্য কৰি তুলিছে । বৰ্তমান দেশত বা বিদেশত শৃংখলা বজাই ৰাখিবলৈ শাসন আৰু প্ৰশাসন দুয়োটাৰে প্ৰয়োজন, কিন্তু এতিয়াও আছে এনে এখন চহৰ আছে য’ত নাই চৰকাৰ, তথাপিও অতি সুন্দৰকৈ চলি আছে চহৰখন ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল টকা অবিহনে চলি আছে চহৰখন । শুনিবলৈ আচৰিত লাগিলেও ই সঁচা ৷
চৰকাৰ অবিহনে চহৰখন চলি থকাটো শুনিবলৈ আচৰিত নহয় নে বাৰু ? কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল যে, এই চহৰখনত থাকিবলৈ আনকি খোৱাৰ বাবেও কোনো ধৰণৰ ধনৰ প্ৰয়োজন নাই আৰু ভাৰততে আছে এই চহৰখন ।
চহৰখনৰ নাম কি ?
য’ত নাই চৰকাৰ, নাই ধৰ্ম আৰু নাই ধন, সেই চহৰখনৰ নাম হৈছে ‘অৰ’ভিল’ । উল্লেখ্য যে, এই চহৰখন তামিলনাডুৰ চেন্নাইৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত ভিল্লুপুৰম জিলাত অৱস্থিত । এই চহৰখনক ‘Sun Of Don’ বুলিও কোৱা হয় । আচলতে এই চহৰখন প্ৰতিষ্ঠা কৰাৰ আঁৰৰ উদ্দেশ্য আছিল যে, ইয়াত সকলোৱে বৈষম্য আৰু অস্পৃশ্যতা নোহোৱাকৈ যাতে থাকিব পাৰে ।
এই চহৰখন কেতিয়া আৰু কোনে স্থাপন কৰিছিল বসতি ?
তথ্য অনুসৰি ১৯৬৮ চনত মীৰা আলফাছে অৰ’ভিল চহৰখন প্ৰতিষ্ঠা কৰিছিল । ১৯১৪ চনত পুডুচেৰীত শ্ৰী অৰবিন্দৰ আধ্যাত্মিক ৰিট্ৰিটলৈ আহিছিল মীৰা আলফাজো । প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাপানলৈ উভতি যায় যদিও ১৯২০ চনত পুনৰ ঘূৰি অহাৰ পিচত ১৯২৪ চনত শ্ৰী অৰবিন্দ আধ্যাত্মিক প্ৰতিষ্ঠানত যোগদান কৰি জনসেৱাত নিয়োজিত হয় ।
জীয়াই থকাৰ এটা চৰ্ত
অৰ’ভিল চহৰখনৰ নাম আছিল ইউনিভাৰ্চেল চিটি, অৰ্থাৎ ইয়াত যিকোনো ব্যক্তিয়ে আহি বসতি স্থাপন কৰিব পাৰে । তথ্য অনুসৰি ইয়াত প্ৰায় ৫০ খন দেশৰ লোক বাস কৰে আৰু ইয়াত জনসংখ্যা প্ৰায় ২৪০০০ ৷ ইয়াত থাকিবলৈ এটাই চৰ্ত আছে যে ইয়াত কাম কৰা লোক হিচাপে থাকিব লাগিব ।
ধৰ্ম নাই আৰু দেৱ-দেৱীৰ উপসনাও কৰা নহয় এই চহৰখনত
এই চহৰখনত কোনো ধৰ্ম নাই, কোনো দেৱতাকো পূজা কৰা নহয় । মাত্ৰ এটা মন্দিৰ প্ৰতিষ্ঠিত আছে চহৰখনত, যাৰ নাম মৃতমন্দিৰ । এই চহৰখনত সকলোৱে ধ্যান আৰু যোগাসন কৰে ৷