ETV Bharat / sukhibhava

কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব দূৰ; কেৱল খাওক এই খাদ্য - কোষ্ঠকাঠিন্যৰ বিষ কিয় হয়

বহুলোকে কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগে অথচ ইয়াৰ বাবে কি খাদ্য গ্ৰহণ কৰিব লাগে সেই বিষয়ে নাজানে | সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক এনে কিছুমান খাদ্য সামগ্ৰীৰ বিষয়ে ক’বলৈ ওলাইছো যাক গ্ৰহণ কৰি আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

Are you worried about constipation in the morning ? Know easy ways to clean your stomach
কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব দূৰ; কেৱল খাওক এই খাদ্য
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:55 AM IST

আমি নিশ্চয় প্ৰায়ে দেখিছোঁ যে পেটটো ভালদৰে চাফা নোহোৱাৰ বাবে পুৱা সাৰ পোৱাৰ ঠিক পিছতেই কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হয় ৷ যেতিয়া পেটত অশান্তিৰ সৃষ্টি হয় তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে ৷ যদি আপুনিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু লগতে খাদ্য-পানীয়ৰ অভ্যাসো সলনি কৰিব লাগিব ৷ কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে জানো আহক-

কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাবলৈ ব্যৱহাৰ কৰক এইসমূহ খাদ্য

১/ আঁহ ভিত্তিক খাদ্য

আঁহ ভিত্তিক খাদ্যক পেটৰ বাবে উৎকৃষ্ট বুলি গণ্য কৰা হয় কাৰণ ই হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ যদি আপুনি ৩০ৰ পৰা ৩৫ গ্ৰাম এই পুষ্টিকৰ পদাৰ্থ সেৱন কৰে তেন্তে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় ৷ আঁহ ভিত্তিক খাদ্য দৈ ত্ৰিফলা নেমু পানী ৷

২/ দৈ

দৈৰ শীতল প্ৰভাৱ আছে আৰু ইয়াক আমাৰ পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আমাৰ পেটত ভাল বেক্টেৰিয়া আহিলেহে কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান হ’ব ৷ এই গাখীৰৰ সামগ্ৰীত প্ৰ’বায়’টিক পোৱা যায় যিয়ে হজম শক্তিত সহায় কৰে ৷ যিসকল লোকৰ পাচনতন্ত্ৰ সুস্থ নহয়, তেওঁলোকে দৈ খোৱাটো উচিত ৷

৩/ ত্ৰিফলা

ত্ৰিফলাক আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয়, ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ ৷ আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ত্ৰিফলা ৷ যদি আপুনি গৰম পানীত ত্ৰিফলা এচামুচ মিহলাই নিশা শুবলৈ যোৱাৰ আগতে পান কৰে, তেন্তে পুৱা পেট পৰিষ্কাৰ কৰাত কোনো সমস্যা নহয় ৷

৪/ নেমুৰ পানী

নেমুৰ পানী খালে আমাৰ পেটটোৱে যথেষ্ট সকাহ অনুভৱ কৰে, কাৰণ ই কেৱল শৰীৰক শীতল কৰাই নহয় শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰ কৰে৷ পেটৰ সমস্যা অনুভৱ কৰিলে নেমুৰ ৰস এগিলাচ গৰম পানীত চেপি তাৰ পিছত তাত মৌ দি খাব ৷

লগতে পঢ়ক: ইউৰিক এচিড কি ? কি কাৰণত দেহত বৃদ্ধি হয় ইউৰিক এচিড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.