ETV Bharat / sukhibhava

এই পৃথিৱীত মানুহতকৈ পৰুৱাৰ সংখ্যা অধিক: অধ্যয়ন

author img

By

Published : Sep 22, 2022, 2:00 PM IST

এই পৃথিৱীত মানুহতকৈ বেছি পৰুৱাৰ সংখ্যা । পৰুৱাৰ সঠিক সংখ্যা অনুমান কৰাটো অসম্ভৱ । কিন্তু হংকঙৰ একাংশ গৱেষকে বিশ্বত পৰুৱাৰ সংখ্যা গণনা কৰিবলৈ এই দুঃসাহসিক অভিযানত নামি পৰিছে ।

Ant population on earth put at 20 quadrillion, outnumbers humans: Study
এই পৃথিৱীত মানুহতকৈ পৰুৱাৰ সংখ্যা অধিক: অধ্যয়ন

এই পৃথিৱীত মানুহতকৈ পৰুৱাৰ সংখ্যা বেছি । পৰুৱাৰ সঠিক সংখ্যা অনুমান কৰাটো অসম্ভৱ । কিন্তু হংকঙৰ একাংশ গৱেষকে বিশ্বত পৰুৱাৰ সংখ্যা গণনা কৰিবলৈ এই দুঃসাহসিক অভিযানত নামি পৰিছে ।

৪৮৯টা অধ্যয়নৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত অনুমান কৰা হৈছে যে, পৃথিৱীত ২০,০০০,০০০,০০০,০০০,০০০ বা ২০ কোৱাড্ৰিলিয়ন পৰুৱা আছে । কিন্তু ইহঁতৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি ইহঁতৰ সঠিক সংখ্যা কোৱাটো যথেষ্ট কঠিন । প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্স নামৰ আলোচনীত প্ৰকাশ পাইছে এই তথ্য ।

গৱেষকৰ দলটোৱে প্ৰকাশ কৰিছে যে, "পৰুৱাৰ সৰ্বব্যাপীতাই বহু প্ৰকৃতিবিদক পৃথিৱীত ইহঁতৰ সঠিক সংখ্যা অনুমান কৰিবলৈ অক্ষম কৰি তুলিছে । অৱশ্যে আমি বিশ্বৰ বিভিন্ন প্ৰান্তত পৰুৱাৰ ঘনত্ব জুখি ৪৮৯টা অধ্যয়নৰ তথ্য সংগ্ৰহ কৰি এই সংখ্যা অনুমান কৰিলোঁ । "দলটোৱে বিশ্বত পৰুৱাৰ জৈৱবস্তুৰ বিষয়েও প্ৰকাশ কৰে ।

বায়’মাছ বোলে কোনো অঞ্চলত থকা জীৱৰ মুঠ পৰিমাণ বা ওজনক বুজায় । অৰণ্যত বাস কৰা চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ মুঠ ওজন প্ৰায় ২০ লাখ টন বুলি কোৱা হৈছে ৷ আনহাতে পৰুৱাৰ সংখ্যাৰ ওপৰত কৰা অধ্যয়ন অনুসৰি গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে যে, বিশ্বত পৰুৱাৰ জৈৱবস্তু প্ৰায় ১ কোটি ২০ লাখ টন ।

লগতে পঢ়ক: চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.