ETV Bharat / sukhibhava

ৱাইপ ব্যৱহাৰৰ সময়ত হোৱা 8 টা সাধাৰণ ভুল

ৱাইপ ব্যৱহাৰৰ সময়ত আমি সচৰাচৰ কিছুমান সাধাৰণ ভুল কৰো ৷ ৱাই ব্যৱহাৰত হোৱা 8 টা সাধাৰণ ভুলৰ বিষয়ে জানিবলৈ চাওক এই প্ৰতিবেদন...

8 টা সাধাৰণ ভুল
8 টা সাধাৰণ ভুল
author img

By

Published : Aug 8, 2020, 8:34 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট: ৱাইপছ্ আমি সততে ছাল পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰো ৷ কিন্তু এই ৱাইপছ্সমূহ আমি ডাইপাৰ সলনি কৰাৰ লগতে, ঘৰৰ ভিন্ন সামগ্ৰী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰতো বহু সময়ত ব্যৱহাৰ কৰো ৷ ইয়াৰ ওপৰিও আমি বৰ্তমান এনে ৱাইপছ্ ৰ সন্ধানত আছো যি আমাৰ ঘৰৰ সামগ্ৰী সমূহৰ পৰা বীজাণুও পৰিস্কাৰ কৰিব পাৰে ৷ কিন্তু বজাৰত উপলব্ধ বহু বীজাণুমুক্ত ৱাইপছে এই উদ্দেশ্য পুৰন কৰিব নোৱাৰে ৷

কিছুমান সামান্য ভুল আছে, যিবোৰ আপুনি সেই ৱাইপছ্ সমূহ ব্যৱহাৰ কৰাৰ সময়ত কৰিব পাৰে:

1. আপুনি ছালত কিছুমান বীজাণুমুক্ত ৱাইপছ্ ৰ ব্যৱহাৰ কৰিব পাৰে ৷ কিন্তু এনে ৱাইপছ ব্যৱহাৰৰ ক্ষেত্ৰত আপোনাৰ শৰীৰত কিছুমান সমস্যাই দেখা দিব পাৰে ৷ বীজাণুমুক্ত ৱাইপছ্ ব্যৱহাৰে ছালত খজুৱতি, এলাৰ্জী আদিৰ দৰে কিছুমান সমস্যাই দেখা দিব পাৰে ৷ যাৰবাবে সেই ৱাইপছ্ বোৰত থকা ৰাসায়নিক পদাৰ্থ সমূহ দায়ী ৷ সেয়ে শিশুৰ ছালত তেনে ৱাইপছ্ ব্যৱহাৰৰ পূৰ্বে লেবেলটো ভালদৰে পৰীক্ষা কৰি পঢ়ি ল'ব লাগে ৷

2. ৱাইপছ্ সমূহে সাধাৰণতে কাপোৰ বা ছোফাৰ দৰে নৰম পৃষ্ঠসমূহত কাম নকৰে ৷ গতিকে মেজ আদিৰ দৰে কঠিন পৃষ্ঠ সমূহতহে ৱাইপসমূহে ভালদৰে কাম কৰে ৷

3. কেতিয়াও একেখন ৱাইপ বহু কামৰ বাবে ব্যৱহাৰ কৰিব নালাগে ৷ কিয়নো এবাৰ ব্যৱহাৰ কৰাৰ ফলত সেই বাইপ সমূহত ক্ষতিকাৰক বীজাণু বা বেক্টেৰিয়াৰ পয়োভৰ ঘটিব পাৰে ৷ সেয়েহে সদায় পৃথক ৱাইপহে ব্যৱহাৰ কৰিব লাগে ৷

4. ফল বীজাণুমুক্ত কৰিবলৈ ৱাইপ ব্যৱহাৰ নকৰিব ৷ কিয়নো আমি সকলোৱে হয়তো যিকোনো বস্তু পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত ৱাইপ ব্যৱহাৰ কৰো ৷ কিন্তু আপেল, নাচপতি আদিৰ দৰে ফল সমূহ ৱাইপেৰে চাফা নকৰিব ৷ কিয়নো ই আপোনাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে ৷ আপুনি ফলসমূহ পানীৰে ধুই, পৰিস্কাৰ কাপোৰ প্ৰয়োগ কৰিহে শুকাবলৈ দিয়ক ৷

5. শিশুৰ খেলনা সামগ্ৰী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত এই ৱাইপসমূহ ব্যৱহাৰ নকৰিব ৷ কিয়নো খেলাৰ সময়ত শিশুৱে বহু সময়ত সেই সামগ্ৰী সমূহ মুখত লোৱা দেখিবলৈ পোৱা যায় ৷ ৱাইপবোৰ যিহেতু ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত, সেয়েহে ই শিশুৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে ৷ সেয়েহে আপুনি ইয়াৰ সলনি পুতলা আদি সামগ্ৰী পৰিস্কাৰ কৰিবলৈ চাবোন পানী ব্যৱহাৰ কৰক ৷

6. আপোনাৰ আশে-পাশে থকা লেতেৰা সমূহ প্ৰথমে চাবোন পানী আৰু কাপোৰেৰে পৰস্কাৰ কৰক ৷ তাৰ পাচতহে ৱাইপ ব্যৱহাৰ কৰক ৷

7. ব্যৱহৃত ৱাইপ সমূহ কেতিয়াও শৌচাগাৰত ফ্লেছ কৰাৰ চেষ্টা নকৰিব ৷ কিয়নো ই পাইপলাইন আৰু নলা সমূহ বন্ধ কৰিব পাৰে ৷ যিটো পৰিৱেশৰ লগতে, মানুহৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক ৷ কেৱল ডাষ্টবিনতহে সেই ব্যৱহাৰ্য ৱাইপবোৰ পেলাওক ৷

8. ৱাইপসমূহ ৰখাৰ ক্ষেত্ৰতো মনোযোগ দিয়াৰ প্ৰয়োজন ৷ সদায় ঠাণ্ডা আৰু শুকান স্থানতহে ৱাইপসমূহ ৰাখিব লাগে ৷ যদি অতিৰিক্ত গৰম স্থানত সেই ৱাইপসমূহ ৰখা হয় তেন্তে সেইবোৰ শুকাই যোৱাৰ সম্ভাৱণা থাকে ৷

যদিও পৰিস্কাৰ পৰিচ্ছন্নতা আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ, তথাপিও ইয়াৰ বিষয়ে আমি ভালদৰে জানি লোৱাটো প্ৰয়োজন ৷ বীজাণুমুক্ত ৱাইপ বা স্প্ৰে ব্যৱহাৰ কৰাটো হানিকাৰক হ'ব পাৰে ৷ সেই সামগ্ৰী সমূহ ক্ৰয় কৰাৰ পূৰ্বে এবাৰ ভালদৰে লেবেলসমূহ পঢ়ি চাব লাগে ৷

লগতে পঢ়ক: জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.