ETV Bharat / state

দেশৰ বাঁহ উদ্যোগৰ ক্ষেত্ৰত সম্ভাৱনীয়তাৰ অন্য নাম কাৰ্বি আংলং - Assam Bamboo latest information

বাঁহৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান নেশ্বনেল বেম্বু মিছনে ইতিমধ্যে বাঁহৰ সংৰক্ষণ কিম্বা বানিজ্যিক ভিত্তিক ইয়াৰ প্ৰসাৰৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত বাঁহৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ, কাঠৰ বিকল্প হিচাবে বাঁহৰ ব্যৱহাৰ, বাঁহৰ ব্যৱহাৰ আৰু উপযোগিতাৰ বাবে দক্ষতা বৃদ্ধি অভিযান, বাণিজ্যিক ভিত্তিত বাহঁ খেতি ইত্যাদি৷ ইতিমধ্যে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত বাহঁৰ টাইলচ, বেম্বু উড আদি প্ৰস্তুতকৰণৰ বাবে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰে গঢ়ি উঠিছে কেইবাটাও উদ্যোগ ।

সম্ভাৱনীয়তাৰ অন্য নাম কাৰ্বি আংলং
author img

By

Published : Nov 18, 2019, 11:44 PM IST

নিউজ ডেস্ক, 18 অক্টোবৰঃ যাৰ নাই বাঁহ তাৰ নাই সাহ ৷ অসমীয়া আপ্তবাক্য ফকিৰ দৰে অসমীয়া সমাজ জীৱনটো বাঁহৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা । অসমীয়া গ্ৰাম্য জীৱনত বাঁহেই হৈছে সহচৰ । অসমৰ ভূমিও বাঁহৰ বাবে অতিকে সাৰুৱা আৰু উপযোগী । পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা বৰ্তমানৰ ডিমা হাচাওতো বাঁহৰ উৎপাদন সৰ্বাধিক । ডিমা হাচাওৰ গাতে লাগি থকা আন এখন পাহাৰীয়া জিলা কাৰ্বি আংলঙতো হয় প্ৰচুৰ বাঁহ খেতি। কেৱল কাৰ্বি আংলং জিলাতেই পোৱা যায় ২৭ বিধ ভিন ভিন প্ৰজাতিৰ বাঁহ । ঠাই বিশেষে এই প্ৰজাতি সমূহৰ নাম বেলেগ বেলেগ হ'লেও কাৰ্বি আংলঙত এতিয়া নীৰৱে গঢ়ি উঠিছে এক যোগাত্মক আন্দোলন । বাঁহ সংৰক্ষণৰ আন্দোলন । জিলাখনৰ কেইবাখনো অৰণ্য আৰু পাহাৰীয়া দুৰ্গম অঞ্চলৰ পৰা বাঁহৰ প্ৰজাতি সমূহ সংগ্ৰহ কৰি সম্প্ৰতি ডিফুত সংৰক্ষণ কৰা হৈছে ৷ ডিফু 'ৰিক্ৰিয়েচন পাৰ্ক'ত এই বাঁহ সমূহ সংৰক্ষণ কৰি ৰখা হৈছে ৷ চেক্‌পুজিৰ চেক্‌চ, চেকদাইদাং, ফুনিহাম, টেৰেং, ফুনাই, ভুলুকা, ফুটং, বুধিষ্ট, কেপছ আদি প্ৰজাতিৰ লগতে মুৰলি বাঁহ, কাঁইটীয়া বাঁহ, কাক বাঁহ আদি প্ৰজাতিৰ বাঁহ পোৱা যায় জিলা খনত । অৱশ্যে ২৭ টা প্ৰজাতিৰ বাঁহৰ ভিতৰৰে কেইবিধমানৰ এতিয়াও নামকৰণ হোৱা নাই । যি সময়ত বাঁহৰ অভাৱত বন্ধ হৈছে কাগজ কল ৷ সেই সময়তে অসমৰ এখন পাহাৰীয়া জিলাই কঢ়িয়াই আনিছে নতুন সম্ভাৱনা ৷ ইমানেই নহয় এই 'ৰিক্ৰিয়েচন পাৰ্ক' খনে পাহাৰীয়া জিলাখনৰ পৰ্যটকৰ ক্ষেত্ৰখনটো এক দিগন্তৰ সূচনা কৰাৰ সম্ভাৱনা আছে৷

ডিফু ৰিক্ৰেয়েচন পাৰ্ক

বাঁহৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান নেশ্বনেল বেম্বু মিছনে ইতিমধ্যে বাঁহৰ সংৰক্ষণ কিম্বা বানিজ্যিক ভিত্তিক ইয়াৰ প্ৰসাৰৰ বাবে ভালেমান আচঁনি গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত বাঁহৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ, কাঠৰ বিকল্প হিচাবে বাঁহৰ ব্যৱহাৰ, বাঁহৰ ব্যৱহাৰ আৰু উপযোগিতাৰ বাবে দক্ষতা বৃদ্ধি অভিযান, বাণিজ্যিক ভিত্তিত বাহঁ খেতি ইত্যাদি৷ ইতিমধ্যে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত বাহঁৰ টাইলচ, বেম্বু উড আদি প্ৰস্তুতকৰণৰ বাবে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰে গঢ়ি উঠিছে কেইবাটাও উদ্যোগ । এই উদ্যোগ সমূহত উৎপাদিত বাহঁৰ এনে সামগ্ৰীসমূহে সমাদৰো লাভ কৰিছে । কিয়নো বাহঁৰ দ্বাৰা উৎপাদিত এনে সামগ্ৰী সমূহ ইক' ফ্ৰেণ্ডলী হোৱাৰ লগতে এক ধৰণৰ নতুনত্বও কঢ়িয়াই আনিছে । এই সমূহ আঁচনিৰ ৰূপায়নৰ ক্ষেত্ৰত কাৰ্বি পাহাৰে নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

বাঁহ এতিয়া অসমৰ নতুন সম্ভাৱনীয়তা

কিন্তু উপযুক্ত ৰক্ষণা-বেক্ষণৰ অভাৱ, বনাঞ্চল ধ্বংসযজ্ঞ, ঝুমখেতি, চোৰাং গছ ব্যৱসায়ী আদিৰ দৌৰাত্ম্য কাৰ্বি পাহাৰেই নহয় বেছি ভাগ অঞ্চলেই বৰ্তমান সংকটৰ গৰাহত। তাৰ লগে লগে বাঁহৰ প্ৰজাতি বিলাকো ক্ৰমান্বয়ে ধ্বংস হ’বলৈ ধৰিছে। বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভাৱে ৰোপণ কৰি সংৰক্ষণ কৰিব পাৰিলে অৰ্থনৈতিক ক্ষেত্ৰত বাঁহে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত এক ন-দিগন্ত যে সূচনা কৰিব সেইয়া নিশ্চিত ৷ ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা 2020 চনত 4লাখ বাঁহ পুলি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, মাৰ্চৰ পৰা এপ্ৰিল এই সময়খিনি বাঁহ খেতিৰ বাবে উপযুক্ত ৷ চৰকাৰৰ তৰফৰ পৰা বাঁহৰ হাইটেক নাৰ্চাৰী স্থাপনৰ বাবে প্ৰায় 50লাখ টকা মুকলি কৰি দিয়া হৈছে৷ চৰকাৰৰ বেম্ব মিচনৰ তৰফৰ পৰা এখন 'বেম্ব কনকেল্ভ' অনুষ্ঠিত কৰাৰো পৰিক্লপনা হাতত লোৱা হৈছে৷ কিন্তু বৰ্তমানলৈকে বাঁহ উদ্যোগটো উদ্যোগৰূপে শ্ৰেণীবিভাগ কৰা হোৱা নাই কুটীৰ শিল্প তথা হস্তশিল্প উদ্যোগৰ লগতে সামৰি লোৱাৰ ফলত প্ৰয়োজনীয় সুবিধাৰ পৰা বঞ্চিত হৈ আছে বাঁহ উদ্যোগীসকল ৷ কিন্তু শেহতীয়াভাবে নেশ্বনেল বেম্ব মিছনে চৰকাৰৰ ওচৰত দাখিল কৰিছে বাঁহ উন্নয়নৰ সম্পৰ্কত এক খচৰা ৷ সকলো ঠিকে থাকিলে মঙলবাৰে কেবিনেটত খচৰা গৃহীত কৰা হ'ব খচৰাখন ৷

Intro:****Body:****Conclusion:****-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.