ETV Bharat / state

ওদালগুৰিত এবছু সহ বিভিন্ন দল-সংগঠনৰ বিশ্ব পৰিবেশ দিৱস পালন

author img

By

Published : Jun 5, 2021, 10:46 PM IST

সমগ্ৰ দেশৰ লগতে আজি ওদালগুৰিতো পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস । গছপুলি ৰোপণ কৰিলে এবছুৰ সভাপতি দ্বীপেন বড়ো, বিধায়ক চৰণ বড়ো সহ বিভিন্ন জনে ।

World Environment Day celebrated by various groups including absu in Odalguri
ওদালগুৰিত এবছু সহ বিভিন্ন দল-সংগঠনৰ বিশ্ব পৰিবেশ দিৱস পালন

ওদালগুৰি, 5 জুন: সমগ্ৰ দেশৰ লগতে ওদালগুৰিতো পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস । গছপুলি ৰোপণ কৰিলে এবছুৰ সভাপতি দ্বীপেন বড়ো, বিধায়ক চৰণ বড়ো সহ বিভিন্ন জনে । ওদালগুৰি চহৰৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম পাৰ্কত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী আয়োজন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা আৰু আঞ্চলিক সমিতিয়ে । এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৱে গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ওদালগুৰি ষ্টেডিয়ামত বি এছ ইউৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী আয়োজন কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকি বৃক্ষ ৰোপণ কৰে মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো, বিটিচিৰ পাৰিষদ ফ্ৰেছ মোছাহাৰীয়ে । District Legal Service Authority , ৰেডক্ৰছ চ'চাইটি, ওদালগুৰি শাখা আৰু MRSD NGO ৰ যৌথ উদ্যোগতো ওদালগুৰিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয় । ইয়াৰ উপৰিও ওদালগুৰিৰ ড'চ এন জি অৰ লগতে আন বহু কেইটা অনুষ্ঠানৰ তৰফৰ পৰাও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

লগতে পঢ়ক:এটি নিঃসহায় বৃদ্ধ দম্পতীৰ মৰ্মান্তিক জীৱন গাঁথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.