ETV Bharat / state

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত এজন নিহত - Udalguri wild elephant attack

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰজাগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক । নিহত লোকজন ৰজাগড়ৰ ধৰমজুলিৰ জন ফুকন দাস ।

wild elephant attack at Udalguri, 1 death
ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণ, নিহত 1
author img

By

Published : May 27, 2020, 1:01 PM IST

ওদালগুৰি,27 মেঃ ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ । মৃত লোকজন ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰজাগড়ৰ ধৰমজুলিৰ জন ফুকন দাস । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে পুৱা ৪ মান বজাত ধৰমজুলি গাঁৱত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি উপদ্ৰৱ চলায় । হাতীটো দেখি একাংশ লোকে গাঁৱখনৰ পৰা হাতীটো খেদি পঠিয়াব চেষ্টা কৰে ।

সেই সময়তে নিজৰ ঘৰৰ পদুলিত থকা ফুকন দাস নামৰ লোক জনৰ লগত হাতীটোৰ মূখা-মূখি হোৱাত হাতীটোৱে দাসক আক্ৰমণৰ বাবে চোচা লয় । হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেখেতে পলায়ন কৰে যদিও হাতীটোৱে গছকি হত্যা কৰে লোকজনক । ইয়াৰ পিছতে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হয় লোকজনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত

সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ কৰাৰ লগতে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক- কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.