ETV Bharat / state

মাজবাটত কাৰাটে খেলুৱৈ চান্দিনী খাতুনক উষ্ম আদৰণি - assam news

উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ওদালগুৰি মাজবাটৰ চান্দিনী খাতুনে ৷

কেৰাটে খেলুৱৈ চান্দিনী খাতুন
author img

By

Published : May 2, 2019, 12:58 AM IST

ওদালগুৰি, 1 মে': দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা অসম কন্যা চান্দিনী খাতুনক উষ্ম আদৰণি মাজবাটবাসীৰ ৷ বুধবাৰে স্বগৃহত উপস্থিত হোৱাৰ পাচতে মাজবাটবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনে আদৰণি জনায় খেলুৱৈগৰাকীক । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ওদালগুৰিৰ মাজবাটৰ চান্দিনী খাতুনে ৷ ইয়াৰ পূৰ্বেও খেলুৱৈগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেনচক চিলেট প্ৰতিযোগিতাত আঠটাকৈ স্বৰ্ণ পদক অৰ্জন কৰে ৷

কেৰাটে খেলুৱৈ চান্দিনী খাতুন

আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা পাচতো চৰকাৰৰ পৰা কোনো সুবিধা লাভ নকৰা চান্দিনী খাতুনৰ সফলতাত গৌৰাম্বিত অঞ্চলবাসী ৷

উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কেৰাটি চেম্পিয়নশ্বীপত  স্বৰ্ণ পদক অৰ্জন কৰা চান্দিনী খাতুনক মাজবাটত  উষ্ম আদৰণি। 

 ওদালগুৰিঃ  উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত দ্বিতীয়  আন্তঃৰাষ্ট্ৰীয় কেৰাটি চেম্পিয়নশ্বীপত স্বৰ্ণ পদক অৰ্জন কৰা  অসম সন্তান চান্দিনী খাতুনক বুধবাৰে গৃহ চহৰ মাজবাটত উষ্ম আদৰণি জনোৱা হয়। । মাজবাটবাসী ৰাইজ তথা  দল সংগঠনে আদৰণি জনাই  চান্দিনী খাতুনক। চান্দিনী স্বগৃহত উপস্থিত হোৱা দিজটোত উৎসৱ মুখৰ পৰিবেশেৰে মুৰখিত হৈ পৰিল মাজবাট চহৰ । ইয়াৰ পূৰ্বেও চান্দিনী খাতুনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেনচক চিলেট প্ৰতিযোগিতাত আঠটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিও এলাগী হৈ ৰৈছিল চৰকাৰী সুবিধাৰ পৰা। তথাপিও উৰুখা পজাৰ পৰাই বিশ্ব জয় কৰাৰ সপোন দেখিছিল স্বৰ্ণ কণ্যা চান্দিনী খাতুনে ।  গাড়ীৰ চকাৰ টিউবত বালি ভৰাই অনুশীলন কৰি চান্দিনী খাতুনে আজৰি আনিলে স্বৰ্ণ পদক । চান্দিনীৰ মাতৃয়ে ঘৰে ঘৰে খাৰু বিক্ৰি কৰি যি পইছা উপাৰ্জন কৰে চান্দিনীৰ খেলাৰ বাবে খৰচ কৰিছিল। চান্দিনীৰ দেউতাকৰ সমৰ্থ নাছিল চান্দিনীক আগবঢ়াই নিবলৈ । ইয়াৰ পিছতো যেন হাৰ মানা নাছিল চান্দিনী । আধুনিক সা সুবিধাৰ পৰা বঞ্চিত  চান্দিনীয়ে অৱশেষত পুনৰ গৌৰৱ কঢ়িয়াই আনিব সক্ষম হ'ল অসমলৈ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.