ETV Bharat / state

ওদালগুৰিত ইউপিপিএলৰ জনসভা আৰু যোগদান কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:52 PM IST

বুধবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত ইউপিপিএলৰ এক বিশাল জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই জনসভাত অৰ্ধ সহশ্ৰাধিক লোকে ইউপিপিএল দলত যোগদান কৰে ৷

PUBLIC MEETING AND JOINING CEREMONY
ওদালগুৰিত ইউপিপিএলৰ জনসভা আৰু যোগদান কাৰ্যসূচী
ওদালগুৰিত ইউপিপিএলৰ জনসভা আৰু যোগদান কাৰ্যসূচী

ওদালগুৰি, 6 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে কুচ কাৱাজ। এফালে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ যদি বিটিআৰত চফৰ আৰম্ভ হোৱাৰ সমান্তৰালকৈ জিলাখনত ইউপিপিএলৰ জনসভা পৰিলক্ষিত হৈছে । বুধবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত ইউপিপিএলৰ এক বিশাল জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই যোগদান কাৰ্যসূচীত কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম উপস্থিত থাকে ৷

ব্ৰহ্মই কয়, "বিপিএফে যি খেল দেখুৱাই আছে, সেই খেল অতি কম দিনৰ ভিতৰতে আমি নোহোৱা কৰিম ৷ বিপিএফে জীয়াই থকাৰ যুঁজ কৰি আছে ৷ তেওঁলোকে কেনেকৈ নিজকে জীয়াই ৰাখিব পাৰি তাৰ প্ৰচেষ্টা চলাই আছে ৷ বিপিএফত আভ্যন্তৰীণ সংঘাত বৃদ্ধি হৈছে ৷ এইবাৰ নিৰ্বাচনত বিপিএফৰ বহু অগ্ৰজ নেতাই বিপিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলায়, তেওঁলোকে দলটোৰ নাম লৈ এনেই বহিহে থাকিব ৷ হাগ্ৰামা মহিলাৰী ওৱান মেন আৰ্মী ৷ বিপিএফ এতিয়া ছেদেলি ভেদেলি ৷"

লগতে ব্ৰহ্মই কয় যে, এনে সভা আগন্তুক সময়ত আৰু হৈ থাকিব ৷ নিৰ্বাচনলৈ এনেদৰে আমাৰ দলত লোকে যোগদান কৰিয়েই থাকিব ৷ হাগ্ৰামা মহিলাৰীৰ এতিয়া কোনো বিকল্প নাই ৷

এই জনসভাত প্ৰায় পাঁ‌চ সহশ্ৰাধিক ৰাইজ অংশগ্ৰহণ কৰাৰ লগতে অৰ্ধ সহশ্ৰাধিক লোকে ইউপিপিএলৰ দলৰ নীতি আদৰ্শ ভাল পাই ইউপিপিএল দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে । এই সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিআৰ ইএম ড৹ নিলোৎ স্বৰ্গিয়াৰী, দাউৱাইছা বড়ো, সঞ্জীত তাঁন্তীৰ লগতে বিটিচি পাৰিষদ ভৱেন চন্দ্ৰ বড়ো, দিলিপ কুমাৰ বড়ো, সঞ্জয় স্বৰ্গিয়াৰী, মাধৱ চেত্ৰীৰ লগতে ইউপিপিএলৰ কেন্দ্ৰীয় আৰু জিলাৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক: চাৰে এঘাৰৰ অংকত অটল বিশ্বাসী মুখ্যমন্ত্ৰী শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.