ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰ আৰু নাই - জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰৰ মৃত্যু

তালুকদাৰৰ মৃত্যুত ওদালগুৰিত শোকৰ ছাঁ ৷ জন্মলগ্নৰে পৰা "আমাৰ অসম" কাকতৰ লগত জড়িত আছিল প্ৰদীপ কুমাৰ তালুকদাৰ ৷

জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰ আৰু নাই...
author img

By

Published : Sep 11, 2019, 2:53 AM IST

ওদালগুৰি, 11 ছেপ্তেম্বৰ: মঙলবাৰে দিনৰ প্ৰায় ১:৩০ বজাত তেজপুৰস্থিত টাইমছ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিলে ওদালগুৰিৰ জেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰে ৷ শ্বাস-প্ৰশ্বাসত সৃষ্টি হোৱা অসুবিধাৰ ফলত সাংবাদিক গৰাকীক সোমবাৰে তেজপুৰস্থিত টাইমচ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু অস্ত্ৰোপচাৰৰ সম্পন্ন হোৱাৰ পিছতে হোৱা হাৰ্ট এটেকৰ ফলত তেও মৃত্যু মুখত পৰে৷ তালুকদাৰৰ মৃত্যুত সমগ্ৰ ওদালগুৰি জিলাতে শোকৰ ছাঁ পৰিছে৷ সাংবাদিক জনৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পিছতে মঙলবাৰে ওদালগুৰি প্ৰেছ ক্লাৱ, ওদালগুৰি সাহিত্য সভা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চকে ধৰি কুৰিৰো অধিক দল- সংগঠনে তেওৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰে ৷ জ্যেষ্ঠ সাংবাদিক জনৰ অকাল মৃত্যুত মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আদিক ধৰি বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে ১৯৫৩ চনৰ ৯ জুলাইত ওদালগুৰিত জন্ম লাভ কৰা প্ৰদীপ কুমাৰ তালুকদাৰে ১৯৮৯ চনৰ পৰা সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। "আমাৰ অসম" কাকতৰ লগত জন্ম লগ্নৰে পৰা জড়িত সাংবাদিক জনে মৃত্যুৰ সময়লৈকে ওদালগুৰিৰ প্ৰতিনিধি হিচাপে সেৱা আগবঢ়াই গৈছিল। ২০০০ চনৰ পৰা ২০১৯ চনৰ এপ্ৰিল মাহলৈ প্ৰায় ১৯ টা বছৰ ওদালগুৰি প্ৰেছ ক্লাৱৰ সভাপতিৰ দায়িত্বত থকাৰ ওপৰিও প্ৰদীপ কুমাৰ তালুকদাৰ আছিল সদৌ অসম সাংবাদিক সন্থা চমূকৈ আজুৰ কেন্দ্ৰীয় প্ৰাক্তন উপ- সভাপতি ৷ জলসিঞ্চন বিভাগৰ ধনশ্ৰী সংমণ্ডলৰ শাখা সহায়ক হিচাপে চলিত বৰ্ষতে তেও অৱসৰ গ্ৰহণ কৰিছিল ৷ মৃত্যুৰ সময়ত জ্যেষ্ঠ সাংবাদিকজনে পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী জীয়ৰী এৰি থৈ যায় ৷

Intro:ওদালগুৰিৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰৰ মৃত্যুত ওদালগুৰিত শোকৰ ছাঁ
Body:ওদালগুৰি জিলাৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰে আজি তেজপুৰস্থিত টাইমছ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। শ্বাস-প্ৰশ্বাসত সৃষ্টি হোৱা অসুবিধাৰ ফলত সাংবাদিক গৰাকীক সোমবাৰে তেজপুৰস্থিত টাইমচ হাস্পাতালত ভৰ্তী কৰোৱাৰ লগতে আজি সম্পন্ন কৰা হৈছিল অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ সম্পন্ন হোৱাৰ পিছতে হোৱা হাৰ্ট এটেকৰ ফলত দিনৰ প্ৰায় ১:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক জনে। সাংবাদিক জনৰ নশ্বৰ দেহ আবেলি ৫:৩০ বজাত বাস ভৱনত আহি পোৱাৰ পিছতে ওদালগুৰি প্ৰেছ ক্লাৱ, ওদালগুৰি সাহিত্য সভা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চকে ধৰি কুৰিৰো অধিক দল- সংগঠনে পুস্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক জনক। ইয়াৰ পিছতে অগনন লোকৰ উপস্থিতিত ওদালগুৰিৰ গলণ্ডি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰৰ। জ্যেষ্ঠ সাংবাদিক জনৰ অকাল মৃত্যুত মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, বিটিচিৰ ই এম জগদীশ সৰকাৰ, ওদালগুৰি প্ৰেছ ক্লাৱ, বিটিচি সাংবাদিক সন্থা, সদৌ অসম সাংবাদিক সন্থা (আজু) ওদালগুৰি জিলা বাৰ্তাজিৱী সংঘ, ওদালগুৰি জিলা সাংবাদিক পৰিষদ, কলাইগাঁও প্ৰেছ ক্লাব, ওদালগুৰি জিলা আপকু, ভেৰগাঁও প্ৰেছ ক্লাৱ, ওদালগুৰি সাহিত্য সভা, ওদালগুৰি জিলা ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ওদালগুৰি জিলা সমিতি, ওদালগুৰি জিলা অসমীয়া যুৱ মঞ্চ, ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থা, ওদালগুৰি জিলা নেপালী সাহিত্য সভা, মধ্য ওদালগুৰি ৰাখাল নামঘৰ পৰিচালনা সমিতি, অনুৰাগ গোষ্ঠীৰ লগতে বহু দল-সংগঠন তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰে।
উল্লেখ যে ১৯৫৩ চনৰ ৯ জুলাইত ওদালগুৰিত জন্ম লাভ কৰা প্ৰদীপ কুমাৰ তালুকদাৰে ১৯৮৯ চনৰ পৰা সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। "আমাৰ অসম" কাকতৰ লগত জন্ম লগ্নৰে পৰা জড়িত সাংবাদিক জনে মৃত্যুৰ সময়লৈকে ওদালগুৰিৰ প্ৰতিনিধি হিচাপে সেৱা আগবঢ়াই গৈছিল। ২০০০ চনৰ পৰা ২০১৯ চনৰ এপ্ৰিল মাহলৈ প্ৰায় ১৯ টা বছৰ ওদালগুৰি প্ৰেছ ক্লাৱৰ সভাপতিৰ দায়িত্বত থকাৰ ওপৰিও প্ৰদীপ কুমাৰ তালুকদাৰ আছিল সদৌ অসম সাংবাদিক সন্থা চমূকৈ আজুৰ কেন্দ্ৰীয় প্ৰাক্তন উপ- সভাপতি, মধ্য ওদালগুৰি ৰাখাল নামঘৰ পৰিচালনা সমিতি আৰু অনুৰাগ গোষ্ঠীৰ প্ৰাক্তন সম্পাদক । ওদালগুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা সাংবাদিক জনে জলসিঞ্চন বিভাগৰ ধনশ্ৰী সংমণ্ডলৰ শাখা সহায়ক হিচাপে চলিত বৰ্ষতে অৱসৰ গ্ৰহণ কৰিছিল।
মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী জীয়ৰী এৰি থৈ যায় জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.