ETV Bharat / state

এইবাৰ মধ্যাহ্ন ভোজন ৰান্ধনীৰ আত্মজাহৰ হুংকাৰ - huge protest

বেচৰকাৰী সংস্থা তথা এন জি অ'ক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণৰ বিৰোধীতা ৷

এইবাৰ মধ্যাহ্ন ভোজন ৰান্ধনীৰ আত্মজাহৰ হুংকাৰ
author img

By

Published : Oct 1, 2019, 4:26 AM IST

ওদালগুৰি,30 ছেপ্তেম্বৰ: দৰিদ্ৰ জনগনক পৰিৱৰ্তনৰ সপোন দেখুৱা সোনোৱাল চৰকাৰে গ্ৰহণ কৰিলে আন এক শ্ৰমিক বিৰোধী সিদ্ধান্ত ৷ এইবাৰ দৰিদ্ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাৰ চাকৰি কাঢ়ি ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰাৰ দায়িত্ব প্ৰদান কৰিলে বেচৰকাৰী সন্থা তথা এন জি অ' সমূহক ৷ ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত বিগত 14 বছৰে নিম্নতম মজুৰিলে ৰান্ধনি আৰু সহায়িকা হিচাপে কৰ্মৰত হৈ থকা প্ৰায় 1 লাখ 17 হাজাৰ লোকৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি চৰকাৰ খনে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত জাঙুৰ খাই উঠিল সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থা ৷

এইবাৰ মধ্যাহ্ন ভোজন ৰান্ধনীৰ আত্মজাহৰ হুংকাৰ

সোমবাৰে ওদালগুৰি জিলাৰ ৫৭৫ খন বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ ভোজন যোগানৰ দায়িত্ব পৰশ এগ্ৰ ছচাইটি নামৰ সংস্থাটোক প্ৰদান কৰাৰ প্ৰতিবাদত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰূদ্ধে আকাশ-বতাহ কপায় তুলিলে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থাৰ ওদালগুৰি জিলা সমিতিৰ প্ৰায় ৫ শতাধিক ৰান্ধনী কৰ্মীয়ে ৷

চৰকাৰে যদি অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰে তেনেহলে আত্মজাহ দিয়াৰো হুংকাৰ দিলে প্ৰতিবাদকাৰী সকলে ৷ ইফালে প্ৰতিবাদকাৰীৰ দাবীক যদি গুৰুত্ব সহকাৰে লোৱা নহয় তেন্তে চৰকাৰক আৰু জংগী আন্দোলনৰ বাবে সাজু থাকিবলৈ আহব্বান জনালে সংগঠনটোৰ কেন্দ্ৰীয় সভানেত্ৰী গোলাপী বৰ্মন বড়ো, সম্পাদিকা জাহানাৰা বেগমৰ লগতে বহু কেইগৰাকী নেত্ৰীয়ে ৷

Intro:সোণোৱাল চৰকাৰ পুনৰ এক শ্ৰমিক বিৰোধি সিদ্ধান্ত।
অতি শীঘ্ৰে বেচৰকাৰী সংস্থা (এন জি অ) সমূহক অৰ্পণ কৰা হ'ব মধ্যাহ্ন ভোজনৰ দায়িত্ব।
চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদতেত জাঙুৰ খাই উঠিল সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থা।
হুংকাৰ দিলে আত্মজাহ দিয়াৰBody:
সোণোৱাল চৰকাৰ পুনৰ এক শ্ৰমিক বিৰোধি সিদ্ধান্ত। ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত বিগত ১৪ বছৰে নিম্নতম মজুৰিলে ৰান্ধনি আৰু সহায়িকা হিচাপে কৰ্মৰত হৈ থকা প্ৰায় ১ লাখ ১৭ হাজাৰ লোকৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি চৰকাৰ খনে ললে পুনৰ এক ভয়ানক সিদ্ধান্ত।
অতি শীঘ্ৰে বেচৰকাৰী সংস্থা (এন জি অ) সমূহক অৰ্পণ কৰা হ'ব মধ্যাহ্ন ভোজনৰ দায়িত্ব। মঙলবাৰৰ পৰাই ওদালগুৰি জিলাৰ ৫৭৫ খন বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ ভোজন যোগান ধৰিব পৰশ এগ্ৰ ছচাইটি নামৰ সংস্থাটোৱে। আৰু এই সিদ্ধান্তৰ প্ৰতিবাদতেই জাঙুৰ খাই উঠিল সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থা। হুংকাৰ দিলে আত্মজাহ দিয়াৰ। আজি সংগঠনটোৰ নেতৃত্বত ৫ শতাধিক ৰান্ধনি কৰ্মীয়ে ওদালগুৰি উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰি সৰব হৈ পৰিল সোণোৱাল চৰকাৰৰ বিৰুদ্ধে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায় , সোণোৱাল চৰকাৰ হায় হায় আদি বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাবী কৰিলে চৰকাৰ সিদ্ধান্ত বাতিল কৰাৰ। এই সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে। আজিৰ এই প্ৰতিবাদত সংগঠনটো কেন্দ্ৰীয় সভানেত্ৰী গোলাপী বৰ্মন বড়ো , সম্পাদিকা জাহানাৰা বেগমৰ লগতে বহু কেইগৰাকী নেত্ৰীয়ে অংশ গ্ৰহণ কৰে।

Byte- jahanara BegumConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.