ওডালগুৰি, 17 নৱেম্বৰ: উদঘাটন হ'ল কৃষ্ণৰ ওৰফে লাডেনৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷ আহি পালে লাডেনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট ৷ দেওবাৰে লাডেনৰ মৃত্যুৰ পিছত চিকিৎসকৰ দলে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰে প্ৰায় বিয়লি চাৰি বজাত । কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তদন্তত হাতীটোৰ মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ হোৱা বুলি জানিবলৈ দিয়ে এপিচিচিএফ (APCCF) ৰ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে । লগতে তেখেতে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ চিকিৎসকৰ দলে হে বিতংকৈ জনাব পাৰিব বুলি মন্তব্য কৰে । ইয়াৰোপৰি হাতীটোৰ মৰণোত্তৰ পৰীক্ষা আৰু মৃতদেহৰ দৃশ্য সাধাৰণ ৰাইজক চাব দিবলৈ বেয়া লগা আৰু দুখ লগাৰ বাবেই হাতীটোৰ মৃত্যুৰ পিছত সংবাদ মাধ্যমৰ লোকক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল বুলি প্ৰকাশ কৰে বন বিষয়াজনে । লগতে কৃষ্ণৰ মৃত্যুত বন বিভাগৰ লোকসকল যথেষ্ট মৰ্মাহত হোৱা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক:লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া