ETV Bharat / state

ওদালগুৰিত চাহ মজদুৰ সংঘৰ ধৰ্ণাঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - TEA WORKERS

বৃহস্পতিবাৰে অসমৰ চাহ শ্ৰমিকসকলৰ জলন্ত সমস্যা সমাধানৰ দাবীত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাহ মজদুৰ সংঘৰ ধৰ্ণা ৷ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

ওদালগুৰিত চাহ মজদুৰ সংঘৰ ধৰ্ণা; মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
author img

By

Published : Jun 27, 2019, 10:34 PM IST

ওদালগুৰি, 27জুনঃ অসমৰ চাহ শ্ৰমিকসকলৰ জলন্ত সমস্যাসমূহৰ প্ৰতি চৰকাৰে মাহী আইৰ দৃষ্টি দি অহাৰ প্ৰতিবাদত আৰু সমস্যাসমূহ অতিশীঘ্ৰে সমাধানৰ দাবীত বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংঘৰ সভাপতি পৱন নায়ক আৰু সম্পাদক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ নেতৃত্বত শাখাটোৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছাৰ কেইবা শতাধিক পুৰুষ-মহিলা চাহ মজদুৰে হাতে হাতে নিজৰ দাবী সম্বলিত বেনাৰ,প্লে’কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে টংলা নগৰত সমদল ওলিয়াই হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ওদালগুৰিত চাহ মজদুৰ সংঘৰ ধৰ্ণা; মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

পাচত ৰাজহ চক্ৰ বিষয়া ঋতুত্তম বৰাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ জৰিয়তে অতিশীঘ্ৰে অসমৰ চাহ শ্ৰমিকৰ জলত্ব সমস্যাসমূহ সমাধানৰ দাবী জনাই ৷ লগতে দাবীসমূহ পূৰণ নহ'লে পৰৱৰ্তী সময়ত ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত লোৱাৰ হুংকাৰ দিয়ে ৷

Intro:অসমৰ চাহ শ্ৰমিকসকলৰ জলত্ব সমস্যা সমাধানৰ দাবীত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাহ মজদুৰ সংঘৰ ধৰ্ণা
অসমৰ চাহ শ্ৰমিকসকলৰ জলত্ব সমস্যাসমূহৰ প্ৰতি চৰকাৰে মাহী আইৰ দৃষ্টি দি অহাৰ প্ৰতিবাদত আৰু সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংঘৰ সভাপতি পৱন নায়ক আৰু সম্পাদক তথা ৰাজ্যসভাৰ সদ্য প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰৰ নেতৃত্বত শাখাটোৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছাৰ কেইবা শতাধিক পুৰুষ-মহিলা চাহ মজদুৰে হাতে হাতে নিজৰ দাবী সম্বলিত প্লে’কাৰ্ড, বেনাৰ লৈ বিভিন্ন শ্ল’গানেৰে টংলা নগৰত সমদল উলিয়াই হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰেBody:অসমৰ চাহ শ্ৰমিকসকলৰ জলত্ব সমস্যাসমূহৰ প্ৰতি চৰকাৰে মাহী আইৰ দৃষ্টি দি অহাৰ প্ৰতিবাদত আৰু সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংঘৰ সভাপতি পৱন নায়ক আৰু সম্পাদক তথা ৰাজ্যসভাৰ সদ্য প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰৰ নেতৃত্বত শাখাটোৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছাৰ কেইবা শতাধিক পুৰুষ-মহিলা চাহ মজদুৰে হাতে হাতে নিজৰ দাবী সম্বলিত প্লে’কাৰ্ড, বেনাৰ লৈ বিভিন্ন শ্ল’গানেৰে টংলা নগৰত সমদল উলিয়াই হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম চৰকাৰে চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি নিৰ্ধাৰণৰ বাবে গঠন কৰি দিয়া নূন্যতম মজুৰি নিৰ্ধাৰণ উপদেষ্টা সমিতিৰ কাৰ্যকাল ১৯ মাহ উকলি যোৱাৰ সময়তো মজদুৰসকলৰ নূন্যতম মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰা, চাহ মজদুৰ সকলৰ অন্তৰ্ৱৰ্তীকালীন মজুৰি ৩০ টকা বৃদ্ধিৰ ঘোষণা, ২০১৮ চনৰ ১লা মাৰ্চৰ পৰা ৩১ জুলাইলৈ পাঁচ মাহৰ বকেয়া মজুৰি মোকলাই দিয়াৰ বাবে দিয়া নিৰ্দেশনাৰ ১১ মাহ উকলি যোৱাৰ পিছতো চাহ শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে ৷ একেদৰে অসমৰ ক্ষুদ্ৰ চাহ বাগিছাসমূহত কৰ্মৰত চাহ মজদুৰ সকলক দৈনিক ২৪৪ দশমিক ৫৬ টকাকৈ মজুৰি নিৰ্ধাৰণ কৰি জাননী জাৰি কৰাৰো ১১ মাহ উকলি গ’ল যদিও আজিও সেই নিৰ্দেশনা অনুযায়ী চাহ শ্ৰমিকসকলে মজুৰি পাৱলৈ সক্ষম নহ’ল বুলি প্ৰতবাদস্থলীত মজদুৰ সংঘৰ নেতাসকলে অভিযোগ কৰে ৷ পিছত সংঘই ৰাজহ চক্ৰ বিষয়া ঋতুত্তম বৰাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ জৰিয়তে অতি শীঘ্ৰে অসমৰ চাহ শ্ৰমিকৰ জলত্ব সমস্যাসমূহ সমাধানৰ দাবী জনাই অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত লোৱাৰ হুংকাৰ দিয়ে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.