ETV Bharat / state

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

বিজেপিত যোগদান নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু, বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকে ৷

author img

By

Published : Sep 22, 2019, 10:05 PM IST

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

ওদালগুৰি, 22 ছেপ্টেম্বৰঃ দেওবাৰে ওদালগুৰিত বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু, বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকৰ ৷ মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিটিচি নিৰ্বাচনকলৈ ৰণশিঙা বিজেপিৰ ।

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আত ধৰা এই সভাত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়োয়ে বিজেপিত যোগদান কৰি আগন্তুক দিনত দলটোৰ যোগেৰে ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু বিজেপি দলক ভূয়সী প্ৰশংসা কৰে । অনাগত সময়ত বিটিচিত কেৱল বিজেপি দলহে থাকিব বুলি মন্তব্য কৰি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি দাবী কৰে প্ৰাক্তন এবছু নেতাগৰাকীয়ে ।

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অংশ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে বিটিচি নিৰ্বাচনত ৰাইজে বিচৰা ধৰণেই দলটোৱে প্ৰস্তুতি চলাব বুলি মন্তব্য কৰে । ইপিনে ওদালগুৰি জিলাত প্ৰায় এক লাখ লোকে বিজেপি দলত যোগদান কৰা বুলিও প্ৰকাশ কৰে সাংসদ জনে ৷ এই সভাত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়ো, যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱ জ্যোতি শৰ্মা, জ্যেষ্ঠ বিজেপি নেতা শৰৎ বসুমতাৰীৰ লগতে বহু কেইজন বিজেপি নেতা ৷

Intro:
ওদালগুৰিত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ কেইবা শতাধিক লোকৰ বিজেপিত যোগদান।
সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত আজি ওদালগুৰি চহৰত থকা বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই যোগদান সভা। সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু ,বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকে যোগদান কৰে বিজেপিতBody:
এইবাৰ বিটিচি পৰিষদ দখলৰ বাবে তৎপৰ হৈছে বিজেপি দল। মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত আজি ওদালগুৰি চহৰত থকা বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত যোগদান সভা আয়োজন কৰি বিটিচি নিৰ্বাচনলৈ ৰণশিঙা বজালে বিজেপিয়ে। বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আত ধৰা সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু ,বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকে দলটোত যোগদান কৰে। এবছু কৰ্মী সহ প্ৰায় শতাধিক সমৰ্থকেৰে দলটোত যোগদান কৰি এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়োয়ে বিজেপিত যোগদান কৰি আগন্তুক দিনত দলটোৰ যোগেৰে ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰধান মন্ত্ৰী আৰু বিজেপি দলক ভূয়সী প্ৰশংসা কৰে। নেতা জনে নিজ ভাষনত অনাগত সময়ত বিটিচিত কেৱল বিজেপি দলহে থাকিব বুলি মন্তব্য কৰে। নেতা জনে লগতে আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অংশগ্ৰহণ কৰিলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি দাবী কৰে। প্ৰাক্তন এবছু নেতা জনে পৰৱৰ্তী সময়ত আৰু ৬০০ জন সমৰ্থকক বিজেপিত যোগ কৰাব বুলিও সাংবাদিকক জানিব দিয়ে। আনহাতে আজিৰ যোগদান সভাত অংশ গ্ৰহণ কৰি মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অংশ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে বিটিচি নিৰ্বাচনত ৰাইজে বিচৰা ধৰনেই দলটোৱে প্ৰস্তুতি চলাব বুলি মন্তব্য কৰে। সাংসদ জনে বিজেপি দলক বাদ দি অহাবাৰ বিটিচি পৰিষদ কোনেও গঠন কৰিব নোৱাৰে বুলিও দাবী কৰে। ওদালগুৰি জিলাতে প্ৰায় এক লাখ লোকে বিজেপি দলত যোগদান কৰা বুলিও সাংসদ জনে সাংবাদিকক জানিব দিয়ে আজিৰ যোগদান সভাত ওদালগুৰি জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়ো, যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱ জ্যোতি শৰ্মা, জ্যেষ্ঠ বিজেপি নেতা শৰৎ বসুমতাৰীৰ লগতে বহু কেইজন বিজেপি নেতাই অংশ গ্ৰহণ কৰে।
Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.