ETV Bharat / state

সম্পুৰ্ণ দৰমহাৰ দাবীত ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

লক ডাউনৰ সময়তে ওদালগুৰি জিলাৰ বহু কেইখন চাহ বাগিছাৰ কৰ্মচাৰীয়ে নাপালে প্ৰাপ্য দৰমহা । উক্ত ঘটনাত ক্ষুব্ধ হৈ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে সম্পূৰ্ণ দৰমহা আদায় দিবলৈ দাবী কৰে চাহ কৰ্মচাৰী সংঘই ৷

ETV BHARAT
ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ
author img

By

Published : May 20, 2020, 8:41 PM IST

ওদালগুৰি, 20 মেঃ ওদালগুৰি জিলাৰ ধুনশ্ৰী চাহ বাগিছাত প্ৰতিবাদ ৷ অসম চাহ কৰ্মচাৰী সংঘই বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

লক ডাউনৰ সময়ছোৱাত কৰ্মচাৰী সকলক সম্পূৰ্ণ দৰমহা দিবলৈ চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠান সমুহক আহ্বান জনাইছিল যদিও ওদালগুৰি জিলাৰ বহু কেইখন চাহ বাগিছাৰ কৰ্মচাৰীয়ে দীৰ্ঘ দিনে নাপালে প্ৰাপ্য দৰমহা । যোৱা মাৰ্চ আৰু এপ্ৰিল মাহত জিলা খনৰ বহু কেইখন বাগিছা কৰ্তৃপক্ষই কৰ্মচাৰী সকলৰ দৰমহা মোকলাই নিদিয়াৰ অভিযোগ কৰে চাহ কৰ্মচাৰী সকলে ৷ দৰমহাৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ শ্ৰমিক সকলে প্ৰতিবাদ কৰে ধুনশ্ৰী চাহ বাগিছাত প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ কৰ্মচাৰী সংঘই । ঠিক একেদৰে কৰ্মচাৰী সংঘৰ বৰচলা খণ্ডৰ অধীনস্থ আন কেইবাখনো চাহ বাগিছাতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । সামাজিক দুৰত্ব বজাই প্ৰতিবাদত অংশ গ্ৰহণ কৰি কৰ্মচাৰী সকলে হাতে হাতে কাঁহী-বাটি লৈ আমাৰ প্ৰাপ্য আমাক দিয়ক , মালিক প'ক্ষৰ শোষণ নচলিব , আমাৰ লৰা-ছোৱালীৰ মুখৰ ভাত নাকাঢ়ি আদি বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে বাগিছা চৌহদ। তাৰোপৰি অতি শীঘ্ৰে সম্পূৰ্ণ দৰমহা আদায় দিবলৈ দাবী কৰে চাহ কৰ্মচাৰী সংঘই ৷ ইয়াৰ পিছতো যদি বাগিছা কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি নলয় অহা ২১ মেত কৰ্ম বিৰতি আৰু ২২ মে'ত অনশন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে অসম চাহ কৰ্মচাৰী সংঘই ।

লগতে পঢ়ক- নগাঁৱত কোৱাৰেণ্টাইন কেন্দ্ৰত পুৰুষ-মহিলা একেলগে কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.