ETV Bharat / state

ঈশ্বৰ নায়কৰ ঘৰত ৰিপুন বৰাঃ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য - ৰিপুন বৰা

চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ ৷ মঙলবাৰে ওদালগুৰিত উপস্থিত হৈ গুৱাহাটীত আৰক্ষীৰ গুলিত নিহত হোৱা ঈশ্বৰ নায়কৰ পৰিয়ালৰ খবৰ ল'লে প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলে৷ ৰিপুন বৰাৰ মন্তব্য-অসমৰ ৰাইজে বন্দুক বাৰুদক ভয় নকৰে ৷

৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য
ঈশ্বৰ নায়কৰ ঘৰত ৰিপুন বৰা
author img

By

Published : Dec 17, 2019, 11:00 PM IST

ওদালগুৰি, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ ঘৰত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ এটা বৃহৎ প্ৰতিনিধি দল উপস্থিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোত সাধাৰণ সম্পাদক দুৰ্গা দাস বড়ো,আই টি চেলৰ অধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কেবাজনো দলীয় নেতাই নিহত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে নগদ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে ।

৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য
ঈশ্বৰ নায়কৰ ঘৰত ৰিপুন বৰা

নিহত লোকগৰাকীৰ ঘৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চৰকাৰখনে অসমীয়া যুৱকসকলক বৰ্বৰভাৱে হত্যা কৰা কাৰ্যৰ কঠোৰ ভাষাৰে নিন্দা কৰে । চৰকাৰখনক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দাবী জনায় সভাপতি বৰাই কয় যে, জনমত,জনশক্তিক কোনোৱে বন্দুক বাৰুদৰ শক্তিৰে দমন কৰি ৰাখিব নোৱাৰে । পৃথিৱীৰ কোনো দেশত এনে ইতিহাস নাই । অসমৰ ৰাইজে এই চৰকাৰৰ কোনো পুলিছ-মিলিটাৰিৰ গুলী, বন্দুক,বাৰুদলৈ ভয় নকৰে । অসমৰ মানুহৰ গাত লাচিত-বীৰ চিলাৰায়ৰ তেজ আছে। অসমৰ ৰাইজে সাহসিকতাৰে অসম ৰক্ষা কৰি গৈছে আৰু কৰি যাব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে লগতে নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়াল সমূহক চৰকাৰৰ তৰফৰ পৰা কমেও ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ আৰু নিহত সকলৰ আত্মীয়ক চৰকাৰী চাকৰি দিবলৈও দাবী জনায় । বিজেপি চৰকাৰখনে এই দাবী পূৰণ নকৰিলে ২০২১ চনত কংগ্ৰেছ চৰকাৰ আহিলে শ্বহীদ পৰিয়ালক এই সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰে সভাপতি জনে ।

ঈশ্বৰ নায়কৰ ঘৰত ৰিপুন বৰা

ইফালে আৰক্ষীৰ গুলিত নিহত ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সকলো ধৰণৰ সহযোগিতা কৰিবলৈ ওদালগুৰি জিলা কংগ্ৰেছক ৰিপুন বৰাই নিৰ্দেশ দিয়ে । কংগ্ৰেছ নেতা দূৰ্গা দাস বড়ো আৰু অপূৰ্ব ভট্টাচাৰ্যই ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । নেতা দুজনে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈও ভাৰত চৰকাৰক দাবী জনায় । প্ৰদেশ কংগ্ৰেছৰ দলটোক ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী,সাধাৰণ সম্পাদক নিৰ্মল পাঠক,ওদালগুৰি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৃষ্টি বসুমতাৰীৰ লগতে বহু কেইজন কংগ্ৰেছ নেতাই সংগ দিয়ে ।

আৰু পঢ়ক : ৰাজ্যজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

Intro:#শ্বহীদ ঈশ্বৰ নায়কৰ ঘৰত ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দল
# শ্বহীদ গৰাকীৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান
# শ্বহীদ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিলে কংগ্ৰেছেBody:

সংশোধীত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত শ্বহীদ হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ ঘৰত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ বৃহৎ প্ৰতিনিধি দল এটা উপস্থিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাধাৰণ সম্পাদক দুৰ্গা দাস বড়ো , আই টি চেলৰ অধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্য্যৰ নেতৃত্বত অহা দলটোই শ্বহীদ পৰিয়ালটোক সমবেদনা জ্ঞাপণ কৰাৰ লগতে নগদ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰে।
শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চৰকাৰখনে অসমীয়া যুৱক সকলক বৰ্বৰভাৱে হত্যা কৰা কাৰ্যৰ কঠোৰ ভাষাৰে নিন্দা কৰে। চৰকাৰখনক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দাবী জনায় সভাপতি বৰাই কয়- জনমত ,জনশক্তিক কোনোৱে বন্দুক বাৰুদৰ শক্তিৰে দমন কৰি ৰাখিব নোৱাৰে। পৃথিৱীৰ কোনো দেশত এনে ইতিহাস নাই । অসমৰ ৰাইজে এই চৰকাৰৰ কোনো পুলিছ-মিলিটাৰিৰ গুলী, বন্দুক , বাৰুদলৈ ভয় নকৰে। অসমৰ মানুহৰ গাত লাচিত- বীৰ চিলাৰায়ৰ তেজ আছে। অসমৰ ৰাইজে সাহসীকতাৰে অসম ৰক্ষা কৰি গৈছে আৰু কৰি যাব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে লগতে
কা বিৰোধী আন্দোলনৰ শ্বহীদ পৰিয়াল সমূহক চৰকাৰৰ তৰফৰ পৰা কমেও ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ আৰু শ্বহীদ সকলৰ নিকত আত্নীয়ক চৰকাৰী চাকৰি দিবলৈও দাবী জনায়। বিজেপি চৰকাৰ খনে এই দাবী পূৰণ নকৰিলে ২০২১ চনত কংগ্ৰেছ চৰকাৰ আহিলে শ্বহীদ পৰিয়ালক এই সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰে সভাপতি জনে। শ্বহীদ গৰাকীক আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সকলো ধৰণৰ সহযোগিতা কৰিবলৈও ওদালগুৰি জিলা কংগ্ৰেছক ৰিপুন বৰাই নিৰ্দেশ দিয়ে । কংগ্ৰেছ নেতা দূৰ্গা দাস বড়ো আৰু অপূৰ্ব ভট্টাচাৰ্য্যইও শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। নেতা দুজনে সংশোধীত নাগৰিকত্ব আইনখন বাতিল কৰিবলৈও ভাৰত চৰকাৰক দাবী জনায়।
প্ৰদেশ কংগ্ৰেছৰ দলটোক ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী, সাধাৰণ সম্পাদক নিৰ্মল পাঠক , ওদালগুৰি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৃষ্টি বসুমতাৰীৰ লগতে বহু কেইজন কংগ্ৰেছ নেতাই সংগ দিয়ে।

Byte Visual Send By WhatsApp ( For Net problem)Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.