ETV Bharat / state

ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন ঈশ্বৰ নায়কৰ

আদ্যশ্ৰাদ্ধ সম্পন্ন হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ ৷ বহুকেইটা দল-সংগঠন এই অনুষ্ঠানত উপস্থিত থাকে ৷

author img

By

Published : Jan 5, 2020, 8:07 PM IST

দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি
ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ

ওদালগুৰি, 5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনত শ্বহীদ হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হয় ৷ দেওবাৰে মাজুলী চাহ বাগিছাত আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আক্ৰাছুৰ লগতে বহুকেইটা জাতীয় দল-সংগঠনৰ উদ্যোগত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ স্মৃতিচাৰণ অনুষ্ঠানৰ কাৰ্যসূচীত জাতীয় দল-সংগঠনৰ পতাকা উত্তোলন কৰাৰ পাচতে অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কে CAA ৰ বিৰোধিতা কৰাৰ লগতে শ্বহীদ পুত্ৰৰ স্মৃতি জীয়াই ৰাখিবলৈ এখন বিদ্যালয় স্থাপনৰ দাবী জনায় ।

ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ

শ্বহীদ ঈশ্বৰ নায়কৰ স্মৃতিত প্ৰকাশ পোৱা স্মৰণিকা উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীয়ে সকলো জাতি জনগোষ্ঠীক একত্ৰিত হৈ CAA উফৰাই পেলাবলৈ আহ্বান জনায় । স্মৃতিচাৰণ সভাত উপস্থিত থাকি চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে কয় যে, চৰকাৰখনে অসমৰ ৰাইজৰ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই । এই আন্দোলনত আত্ম বলিদান দিয়া সকলক মূল্য দিয়া উচিত । এই আইনখন শীঘ্ৰে বাতিল কৰিব লাগে । আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগেও এই আইনখন বাতিল কৰিবলৈ দাবী জনায় ।

আৰু পঢ়ক : বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ

Intro:কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান আজি মাজুলী চাহ বাগিছাত অনুষ্ঠিত কৰা হয়। আছু , যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আক্ৰাছুৰ লগতে বহু কেইটা জাতীয় দল- সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠানৰ Body:কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান আজি মাজুলী চাহ বাগিছাত অনুষ্ঠিত কৰা হয়। আছু , যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আক্ৰাছুৰ লগতে বহু কেইটা জাতীয় দল- সংগঠনৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি জাতীয় দল সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কে "কা"ৰ বিৰোধীতা কৰাৰ লগতে শ্বহীদ পুত্ৰৰ স্মৃতি জীয়াই ৰাখিবলৈ এখন বিদ্যালয় স্থাপনৰ দাবী জনায়। শ্বহীদ ঈশ্বৰ নায়কৰ স্মৃতিত প্ৰকাশ হোৱা স্মৰণিকা উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাতীয়ে সকলো জাতি জনগোষ্ঠীক একত্ৰিত হৈ 'কা' উফৰাই পেলাবলৈ আহ্বান কৰে। স্মৃতিচাৰণ সভাত উপস্থিত থাকি চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে কয় - চৰকাৰখনে অসমৰ ৰাইজৰ তথা বিভিন্ন দল- সংগঠনৰ প্ৰতিবাদক এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। এই আন্দোলনত আত্ম বলিদান দিয়া সকলক মূল্য দিয়া উচিৎ। এই আইনখন শীঘ্ৰে বাতিল কৰিব লাগিব। আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগেও এই আইন বাতিল কৰিবলৈ দাবী জনায় চৰকাৰক সকীয়াই দিয়ে।
Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.