ওদালগুৰি,১৮ জানুৱাৰী : ওদালগুৰি জিলাৰ ভেৰগাঁও আৰু টংলাত বৃহস্পতিবাৰে প্ৰায় ১৬ হাজাৰ লোকৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয় । পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰাৰ আন এক প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে অসম চৰকাৰে ৰাজ্যখনত প্ৰায় ৪২ লাখ ৮৫ হাজাৰ ৭৪৫ গৰাকী নতুন হিতাধিকাৰীক খাদ্য নিগম, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য আগত ৰাখিছে ।
তাৰ অংশ হিচাপে ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টি আৰু টংলা বিধানসভা সমষ্টিৰ ক্ৰমে ৯ হাজাৰ আৰু প্ৰায় ৭,২৮৯ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয় । ভেৰগাঁৱৰ বিষ্ণু ৰাভা ভৱন আৰু টংলাৰ চমুৱাপাৰা হাইস্কুল খেলপথাৰত আয়োজিত এক কাৰ্যসূচীত ৰেচন কাৰ্ড প্ৰদান কৰা হয় ।
কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ ইএম দাউৱাইছা বড়ো, পাৰিষদ ভৱেন বড়ো, জিলা আয়ুক্ত ড৹ সাদনেক সিং, মহকুমাধিপতি পল্লৱী কছাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি । ৰেচন কাৰ্ড বিতৰণ কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মই ৰেচন কাৰ্ডৰ লাভালাভ সম্পৰ্কে হিতাধিকাৰীক অৱগত কৰাৰ লগতে পিচপৰা শ্ৰেণীৰ সকলো লোকে যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সহযোগ কৰাৰ আহ্বান জনায় ।
আনহাতে অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া উপস্থিত থাকি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত কয় যে কংগ্ৰেছে ন্যায় যাত্ৰাৰ পৰিৱৰ্তে প্ৰায়চিত্ত যাত্ৰাহে কৰিব লাগে । তেওঁৰ মতে এয়া ন্যায় যাত্ৰা নহয়, মানুহৰ চকুত ধূলি দিব আহিছে । সাংসদগৰাকীৰ মতে ৰাহুল গান্ধীয়ে অসমৰ বিষয়ে একো নাজানে । কংগ্ৰেছে এতিয়া ঘৰিয়ালৰ চকুপানী টুকিব আহিছে বুলিও সাংসদগৰাকীয়ে দাবী কৰে ।
লগতে পঢ়ক :APSC পৰীক্ষাত উজলিল বডোফা ইউএন ব্ৰহ্ম ছুপাৰ ফিফটিৰ ৭ গৰাকী প্ৰাৰ্থী