ETV Bharat / state

কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি - বিধায়ক মহেশ্বৰ বড়ো

চৰকাৰৰ জলসম্পদ বিভাগলৈ বাট নাচায় আছু,যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্বত তথা 28 খনকৈ গাঁৱৰ ৰাইজ নামি পৰিছে মথাউৰি নিৰ্মাণত ৷যোৱা ৬ দিন ধৰি কলাইগাঁওৰ গেৰুৱাত থকা নোৱা নদীৰ মথাউৰি নিৰ্মাণত ব্যস্ত হৈ আছে বিভিন্ন দল-সংগঠন আৰু ৰাইজক একত্ৰিত কৰি গঠন কৰা বান্ধ নিৰ্মাণ সমিতি ৷ বৰ্তমানে প্ৰায় 50% মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷

Public of Kalaigaon busy in construction of embankment
কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি
author img

By

Published : Jul 24, 2020, 4:17 PM IST

দৰং,24 জুলাইঃ বানৰ ত্ৰাসত জৰ্জৰিত এতিয়া ৰাজ্যবাসী ৷ বানপানীৰ কবলত পৰি দিশহাৰা হৈ পৰিছে ৰাজ্যৰ লাখ লাখ লোক ৷ তেনে সময়তে কলাইগাঁওৰ নোৱা নদীৰ মথাউৰি বাঢ়নী পানীয়ে ভাঙি পেলোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৩০ খনৰো অধিক গাঁও। ইয়াৰ উপৰি বাঢ়নী পানীয়ে উটুৱাই নিয়ে দুটাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে নষ্ট কৰিছে কলাইগাঁওৰ ৰাইজৰ বিঘাই- বিঘাই কৃষিভূমি ৷

কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ জলসম্পদ বিভাগলৈ বাট নাচাই আছু,যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্বত তথা 28 খনকৈ গাঁৱৰ ৰাইজ নামি পৰিছে মথাউৰি নিৰ্মাণত ৷ যোৱা ৬ দিন ধৰি কলাইগাঁওৰ গেৰুৱাত থকা নোৱা নদীৰ মথাউৰি নিৰ্মাণত ব্যস্ত হৈ আছে বিভিন্ন দল-সংগঠন আৰু ৰাইজক একত্ৰিত কৰি গঠন কৰা বান্ধ নিৰ্মাণ সমিতি ৷ বৰ্তমানে প্ৰায় 50% মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷

ইপিনে,ধনৰ অভাৱত মথাউৰি নিৰ্মাণৰ কাম কেতিয়াবা থমকি যোৱাৰ উপক্ৰম হয় যদিও দুখ-কষ্ট সকলো পাহৰি ৰাইজ ব্যস্ত মথাউৰি নিৰ্মাণত ৷ উল্লেখযোগ্য যে,মথাউৰি ভাঙি যোৱাৰ পিছতো চকুত নপৰিল স্থানীয় বিধায়ক মহেশ্বৰ বড়ো আৰু জিলা উপায়ুক্তৰ ৷ ইয়াকে লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷ অতি শীঘ্ৰে এইক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি নিৰ্মাণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.