ওদালগুৰি,12 মে' : মঙলবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় চৌহদত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি নাৰ্চ আৰু চিকিৎসক সকলক সম্বৰ্ধনা জনায়। নিজৰ প্ৰাণৰ প্ৰতি শংকা অহাৰ পিছতো কৰ'ণাৰ বিৰুদ্ধে চলা যুঁজখনত এখোজো পিছুৱাই অহা নাই নাৰ্চ সকলে। আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ দিনাখনো সমগ্ৰ বিশ্বৰ নাৰ্চ সকলে বিপদকো নেওচি অব্যাহত ৰাখিছে মানৱ সেৱা। সেয়েহে মঙলবাৰে নাৰ্চ দিৱসৰ দিনটোত এই সকল নাৰ্চক উৎসাহ আৰু সন্মান দিবলৈ আহবাঢ়ি আহিল গোৰ্খা ছাত্ৰ সন্থা।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় চৌহদত অনুষ্টুপীয়াকৈ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ মাজেৰে ওদালগুৰিত কৰ্মৰত বহু কেইগৰাকী নাৰ্চ আৰু চিকিৎসকক সংগঠনটোৰ তৰফৰ পৰা গোৰ্খা সকলৰ পৰম্পৰাগত খদ্দা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোণাৰে নাৰ্চ সকলক উচ্চ প্ৰশংসা কৰাৰ লগতে মানৱ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত চিকিৎসক ডা° গণেশ ব্ৰহ্ম, ডা° ধ্ৰুৱজ্যোতি পাঠক, ডা° লেখৰাজ গৌতমৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ বহু কেইজন নেতা উপস্থিত থাকে।