ETV Bharat / state

ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ - Protest against CAA

হোজাই
প্ৰতিবাদ
author img

By

Published : Jan 9, 2020, 8:13 PM IST

Updated : Jan 9, 2020, 11:44 PM IST

22:40 January 09

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হোজাইত

দল-সংগঠনৰ প্ৰতিবাদ

হোজাই, 9 জানুৱাৰীঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ লগতে হোজাইতো অব্যাহত আছে প্ৰতিবাদ ৷ জিলাখনৰ লংকাস্থিত বামণগাঁওত বিভিন্ন দল-সংগঠনে বৃহস্পতিবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

নাগৰিকত্ব সংশোধনী আইন বিৰোধী যৌথ মঞ্চ লংকা,বৃহত্তৰ লংকা খিলঞ্জীয়া সমন্বয়ৰক্ষী সমিতি,লংকা আঞ্চলিক ছাত্ৰ সন্থা আদিৰ উদ্যোগত আয়োজিত প্ৰতিবাদত অংশ লয় বহুসংখ্যক ৰাইজে৷ উপস্থিত প্ৰতিবাদকাৰীসকলে গীতৰ জৰিয়তেও চৰকাৰক সমালোচনা কৰে ৷
 
21:28 January 09

শিৱসাগৰত চৰকাৰ বিৰোধী আছুৰ ৰণশিঙা

প্ৰতিবাদ সাব্যস্ত আছুৰ

শিৱসাগৰ,9জানুৱাৰীঃ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বৃহস্পতিবাৰে অনুষ্ঠিত হয় আছুৰ ৰণশিঙা কাৰ্যসূচী ৷ শিৱসাগৰ জিলা,মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে ঢোল,খোল,ভোঁৰতাল আদি থলুৱা বাদ্য বজাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

ইফালে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে শিল্পী,সাহিত্যিক,ছাত্ৰ-ছাত্ৰীকে আদি কৰি সহস্ৰাধিক প্ৰতিবাদী ৰাইজে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷ আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা,জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
 
19:17 January 09

হিমন্ত বিশ্ব শৰ্মাই দেশ আৰু জাতি ধ্বংস কৰাৰ ক্ষেত্ৰত ইতিহাস ৰচিলে-আছু

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰণশিঙা

ওদালগুৰি, 9 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ । বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ টংলা চহৰত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ‘ৰণশিঙা’ শীৰ্ষক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে বিভিন্ন দল-সংগঠনে ৷

প্ৰতিবাদকাৰীসকলে থলুৱা বাদ্য বজাই ‘কা বাতিল কৰক,বিজেপি হুঁচিয়াৰ,সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,আমি কা নামানো’ আদি ধ্বনিৰে উত্তাল কৰে চহৰখনৰ বাট-পথ ৷ প্ৰতিবাদত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে ৷

Intro:নাগৰিকত্ব আইন বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠন সাব্যস্ত কৰিছে ব্যতিক্ৰমী প্ৰতিবাদ । আজি ওদালগুৰি জিলাৰ টংলা চহৰত টংলা আঞ্চলিক ছাত্ৰ সন্থা সহ কেইবাটাও জাতীয় সংগঠনে 'ৰণশিঙা' শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদত অংশ গ্ৰহন কৰি হিমন্ত বিশ্ব শৰ্মাই দেশ আৰু জাতি ধ্বংস কৰাৰ ক্ষেত্ৰত ইতিহাস ৰচিলে বুলি মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যইBody:নাগৰিকত্ব আইন বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠন সাব্যস্ত কৰিছে ব্যতিক্ৰমী প্ৰতিবাদ । আজি ওদালগুৰি জিলাৰ টংলা চহৰত টংলা আঞ্চলিক ছাত্ৰ সন্থা সহ কেইবাটাও জাতীয় সংগঠনে 'ৰণশিঙা' শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নাগৰিকত্ব আইন বাতিলৰ দাবীত অনুষ্ঠিত কৰা এই প্ৰতিবাদত প্ৰতিবাদকাৰী সকলে থলুৱা বাদ্য বজাই 'কা বাতিল কৰক, বিজেপি হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল - হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমি কা নামানো। অবৈধ্য বাংলাদেশীৰ সমৰ্থক হুচিয়াৰ আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে টংলা চহৰৰ আকাশ বতাহ। প্ৰতিবাদত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে- সৰ্বানন্দ সোণোৱাল- হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ ওচৰত সেও জিয়াই থাকিব পাৰে কিন্তু অসমীয়াই বাংলাদেশীৰ ওচৰৰ সেও লৈ জীয়াই নাথাকে। সদৌ অসম ছাত্ৰ সন্থাক তাচিল্য কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছু নেতা জনে। জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয় - সৰ্বানন্দ সোণোৱালে ৮ বছৰ সদৌ অসম ছাত্ৰ সন্থাত নেতৃত্বত আছিল। সেই ৮ টা বছৰত তেও কিয় অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব নোৱাৰিলে। আজি ৩৪ টা বছৰৰ পিছত তেখেতে সদৌ অসম ছাত্ৰ সন্থাক প্ৰশ্ন কৰাকলৈ তেখেতৰ কাৰ্যকালত তেখেতে কি নেতৃত্ব লৈছিল। সেই সময়ত তেখেতে সদৌ অসম ছাত্ৰ সন্থাক বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰা নাছিক নেকি । আমি সৰ্বানন্দ সোণোৱালক সকীয়াই দিছো । তেখেতে দুমুখীয়া চৰিত্ৰ পৰিত্যাগ কৰক । আনহাতে হিমন্ত বিশ্ব শৰ্মাকো দেশ আৰু জাতি ধ্বংস কৰাৰ ক্ষেত্ৰত ইতিহাস ৰচিলে বুলিও সমালোচনা কৰে আছু নেতা জনে। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে জাতিদ্ৰোহী আৰু বদন ৰূপে চিহ্নিত কৰিব বুলিও নেতা দুজনক সমালোচনা কৰে আছুৰ কেন্দ্ৰীয় সহ সম্পাদকজনে।

Byte - Jayanta kr.. Bhatarcharya . AGS AASU . central CommitteeConclusion:
Last Updated : Jan 9, 2020, 11:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.