ETV Bharat / state

অখিল গগৈৰ লগতে সহযোগীসকলৰ মুক্তিৰ দাবীত টংলাত প্ৰতিবাদ - টংলাত প্ৰতিবাদ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে ওদালগুৰিৰ টংলাত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিটিৰ ৷ কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত আজি ৰাজ্যযুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে ৷

অখিল গগৈৰ লগতে সহযোগীসকলৰ মুক্তিৰ দাবীত টংলাত প্ৰতিবাদ

author img

By

Published : Jun 8, 2020, 5:52 PM IST

ওদালগুৰি, 8 জুন : ৰাজ্যৰ অন্যতম কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টংলাত প্ৰতিবাদ সাব্যস্ত ৷ ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সামাজিক ব্যৱধান বৰ্তাই ৰাখি টংলা চহৰৰ হৰিশিঙা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সমূখত দিনৰ ভাগত প্ৰতিবাদী সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলক বিনাচৰ্তে মুক্তিৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

অখিল গগৈৰ লগতে সহযোগীসকলৰ মুক্তিৰ দাবীত টংলাত প্ৰতিবাদ

12 ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ লগতে বিতু সোণোৱাল, ধৈৰ্য্য কোৱৰৰ মুক্তিৰ দাবীৰে ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সামাজিক ব্যৱধান বৰ্তাই ৰাখি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ জিলা সমিতিৰ সভাপতি দীপক শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ অসমীয়াই নেতৃত্ব প্ৰদান কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিজেপি চৰকাৰক অতি শীঘ্ৰেই অখিল গগৈ প্ৰমুখ্যে কা বিৰোধী আন্দোলনকাৰী তথা কাৰবন্দীক মুক্তি, কা বাতিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলৰ প্ৰতি চৰকাৰে আৰক্ষীৰ সহযোগত চলোৱা নিৰ্যাতন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.