ওদালগুৰী,2মেঃ গুৱাহাটী মহানগৰৰ পৰা ১৩৫ কিল'মিটাৰ গ'লেই ওদালগুৰিৰ চিৰাজুলিৰ পাঁচনৈ গাঁৱৰ এক নিভাজ গ্ৰাম্য পৰিৱেশৰ মাজত অৱস্থিত 'কনকা ভিলেজ ৰিজ'ৰ্ট'ৰ মনোমোহা প্ৰাকৃতিক দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি মাতে ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...
গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ ৰেঙনি কঢ়িওৱা এটা নাম 'কনকা ভিলেজ ৰিজ'ৰ্ট' - পৰ্যটক
কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলাৰ বিপৰীতে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিলৈ এক নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে এখন ৰিজৰ্টে । বিকল্প গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰৰ বাবে কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা প্ৰণৱজ্যোতি নাথ আৰু মনময়ুৰী দেৱী নামৰ দুগৰাকী লোকৰ পৰিচালনাত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিস্থা লাভ কৰা ৰিজৰ্টখনলৈ ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যাও ।
গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ ৰেঙনি কঢ়িওৱা এটা নাম 'কনকা ভিলেজ ৰিজ'ৰ্ট'
ওদালগুৰী,2মেঃ গুৱাহাটী মহানগৰৰ পৰা ১৩৫ কিল'মিটাৰ গ'লেই ওদালগুৰিৰ চিৰাজুলিৰ পাঁচনৈ গাঁৱৰ এক নিভাজ গ্ৰাম্য পৰিৱেশৰ মাজত অৱস্থিত 'কনকা ভিলেজ ৰিজ'ৰ্ট'ৰ মনোমোহা প্ৰাকৃতিক দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি মাতে ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...
গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কনকা ভিলেজ ৰিজৰ্টে
গ্ৰাম্য অঞ্চলম পৰ্যটোকৰ উপযোগী কৰি ৰিজৰ্ট পাতি দেশী বিদেশী পৰ্যটকৰ পৰা মাহে উপাৰ্জন কৰিছে ৩-৫ লাখকৈ টকা
ওদালগুৰিৰ ২ মেঃ যি সময়ত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ যুৱক সকলে কৰ্ম সংস্থাপনৰ বিচাৰি বহি ৰাজ্যলৈ ঢাপনি মেলিছে তেনে সময়তে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিলৈ এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে এখন ভিলেজ ৰিজৰ্টে। বিকল্প গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰৰ বাবে ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাচনৈ গাওঁত এদল যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আকৰ্ষণীয় ৰিজ'ৰ্ট। কনকা ভিলেজ ৰিজ'ৰ্ট নামেৰে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিস্থা লাভ কৰা ৰিজৰ্টখনলৈ বৰ্তমান ক্ৰমাৎ বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা। ৰিজৰ্ট খনত কেৱল অসমৰে নহয়, সুদুৰ লণ্ডণ, চীন আদি দেশৰ লগতে বহি:ৰাষ্ট্ৰৰ পৰা সোত বৈছে পৰ্যটকৰ। গুৱাহাটী মহানগৰৰ পৰা ১৩৫ কিল'মিটাৰ তথা ওদালগুৰি-শোণিতপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলিৰ পৰা উত্তৰে প্ৰায় ১৬ কিল'মিটাৰ দূৰৈত পাঁচনৈ গাওঁৰ এক নিভাজ গ্ৰাম্যাঞ্চল পৰিৱেশৰ মাজত অৱস্থিত 'কনকা ভিলেজ ৰিজ'ৰ্ট'ৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি মাতিছে।
যান্ত্ৰিক জীৱনৰ পৰা আতৰি এক নিভাজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশত দেশী-বিদেশী পৰ্যটকে উপভোগ কৰিব পৰা সকলো উপাদানে আছে ৰিজৰ্ট খনত। এখন অসমীয়া গাওঁৰ ঘৰত থকা বাটচৰাৰ পৰা আৰম্ভ কৰি খেৰি ঘৰ, পাকঘৰ, ফুলৰ বাগিচা, চাহ বাগিচা তথা গছৰ মুঢ়াৰ চকী-মেজ ইত্যাদি সকলোৰে অভিজ্ঞতা পৰ্যটকসকলে সহজে উপভোগ কৰিব পৰাকৈ ৰিজৰ্ট খন সাজি উলিয়াইছে কতৃপক্ষই। কন কন শিশুহতঁৰ বাবে খেল-ধেমালিৰ উদ্যান, নাও চলোৱা, বৰশী বোৱা ইত্যাদিৰ আনন্দও উপভোগ কৰিব পাৰি ৰিজৰ্ট খনত। ৰিজ'ৰ্টখনৰ সন্মুখৰ প্ৰায় প্ৰতিজোপা তামোলৰ গছত ফুলি থকা কপৌ ফুলৰ দৃশ্যই মনত স্পৰ্শ কৰি যায় সকলোৰে।
এইয়াই নহয় , ৰিজ'ৰ্টখনত যোগান ধৰা কলপাতত দিয়া টোপোলা ভাত, খৰিকাৰ লগতে প্ৰতিবিধ থলুৱা খাদ্যই তাহানিৰ গাওঁ অঞ্চলৰ থলুৱা খাদ্যৰ স্মৃতি সোৱৰাই আনে সকলোকে। ৰিজ'ৰ্টখনত নিশা কটাই ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে পৰ্যটকসকলে। বৰ্তমান প্ৰায় একেলগে ২০ জনকৈ লোকে নিশা কটোৱাৰ সু-ব্যৱস্থা আছে যদিও পৰৱৰ্তী সময়ত পৰ্যটকৰ আগমণৰ ওপৰত লক্ষ্য ৰাখি ইয়াক বৃদ্ধি কৰা হব বুলি জনিবলৈ দিয়ে। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰিজ'ৰ্টখনতে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা উল্লেখ কৰি পৰ্যটকসকলক কলপাতত আহাৰ পৰিৱেশন কৰে বুলি জানিবলৈ দিয়ে ৰিজৰ্ট খন চোৱা চিতা কৰা অনন্ত নাথ নামৰ যুৱক জনে। অতি কম মূল্যত থকা খোৱাৰ ব্যৱস্থা থকা এই ৰিজ'ৰ্টখনলৈ এতিয়া আগমণ ঘটিছে দেশী বিদেশী পৰ্যটকৰ।
উক্ত ৰিজ'ৰ্টখনতেই কাম কৰি পাঁচনৈ গাওঁৰ প্ৰায় ৫০টাকৈ পৰিয়ালে জীৱিকাৰ বাট দেখিবলৈ সক্ষম হৈছে । আসামিকা এগ্ৰো প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা উক্ত ৰিজ'ৰ্টখনৰ পৰিচালকৰ পদত আছে প্ৰণৱ জ্যোতি নাথ আৰু মনময়ুৰী দেৱী নামৰ দুগৰাকী স্থানীয় লোক। উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে প্ৰণৱজ্যোতি নাথ। স্থানীয় দুখীয়া লোকসকলক জীৱিকাৰ বাট তথা এখন অতি পিছপৰা অঞ্চলতো যে পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই লক্ষ্যৰে এবছৰ পূৰ্ৱে প্ৰায় ৬৫ বিঘা ভূমিৰে আগুৰা এক অঞ্চলত মুকলি কৰা হয় এই ৰিজ'ৰ্টখন। অৱশ্যে বৰ্তমান সমগ্ৰ ভূমি ৰিজ'ৰ্টখন নিৰ্মাণত ব্যৱহাৰ হোৱা নাই যদিও ভৱিষ্যতে পৰিসৰ বৃদ্ধিৰ লক্ষ্য আগত ৰাখিছে ৰিজ'ৰ্টখনৰ পৰিচালনাৰ দায়িত্বত থকা লোকসকলে। উক্ত ৰিজ'ৰ্টখনৰ পৰা বৰ্তমান মাহিলী প্ৰায় তিনিৰ পৰা পাঁচলাখ টকা উপাৰ্জন হোৱা বুলি জানিব পৰা গৈছে। কোনো লোকে ৰিজ'ৰ্টখনলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰিবলৈ বিচাৰিলে আগটীয়াকৈ অনলাইনযোগে বুকিং কৰিব পাৰে। প্ৰতিগৰাকী পৰ্যটকক নিজৰ ভ্ৰমণৰ অন্তত এখন অসমীয়া ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰা কাৰ্যক ব্যতিক্ৰমী পদক্ষেপ বুলিও উল্লেখ কৰে ৰিজৰ্ট খনত অহা পৰ্যটক সকলে। পৰ্যটকসকলেও উক্ত ৰিজ'ৰ্টখনলৈ আহি এক গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিয়াৰ কথা জানিবলৈ দি ভৱিষ্যতে পুনৰ অহাৰ কথা জানিবলৈ দিয়ে। এতিয়া কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে পৰ্যটকক সম্পূৰ্ণ গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ সুবিধা প্ৰদান কৰা এই ৰিজ'ৰ্টঅ খন হব ধৰিছে গ্ৰাম্য অৰ্থনীতিৰ এক নতুন বিকল্প। গাঁওৰ অৰ্থনীতি মানে যে কেৱল খেতিয়েই নহয় এইয়া প্ৰমান কৰিছে ৰিজৰ্ট খনৰ লগত জড়িত প্ৰতিজন লোকে।
ফটো দিয়া হৈছে
ভিডিঅ সমূহ মজত এই একেটা শ্লাগ নামেৰে দিয়া হৈছে
বাইট ৪ টা জইন কৰি দিয়া হৈছে।
প্ৰথম ৩ টা বাইট পৰ্যটকৰ, শেষত টো ৰিজৰ্টৰ মেনেজাৰৰ
ওদালগুৰিৰ পৰা ধনদ্বীপ বৰাৰ ৰিপৰ্ট।
(তেজপুৰৰ সাংবাদিক প্ৰনৱ কুমাৰ দাসৰ সহযোগত)