ETV Bharat / state

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ - ৷ অসম অৰুণাচল সীমান্ত

ওদালগুৰিত বন বিভাগৰ সাফল্য ৷ অসম অৰুণাচল সীমান্তৰ মাজবাটৰ পৰা জব্দ কৰে অবৈধ কাঠ সহ এখন ট্ৰেক্টৰ ৷

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ
author img

By

Published : Apr 5, 2019, 8:54 PM IST

Updated : Apr 5, 2019, 11:10 PM IST

ওদালগুৰি, 5 এপ্ৰিল : মাজবাট বন বিভাগে বৃহস্পতিবাৰে অসম অৰুণাচল সীমান্তৰ মাজবাটৰ চিকাৰী ডাঙাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ কাঠ ভৰ্তি এখন ট্ৰেক্টৰ ।

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

বৃহস্পতিবাৰে নিশা বন বিভাগৰ তহলদাৰী দল এটাই সীমান্তৰ অঞ্চলটোত তহল দি থকা অৱস্থাত এখন নম্বৰপ্লেট বিহীন কাঠ ভৰ্তি টেক্টৰ প্ৰত্যক্ষ কৰে । বন বিভাগৰ দলটোক প্ৰত্যক্ষ কৰিয়ে চালক জনে পলায়ণ কৰে । পিচত বন বিভাগৰ দলটোৱে টেক্টৰখন জব্দ কৰি মাজবাট বন বিভাগৰ কাৰ্যালয় লৈ আনে । জব্দ হোৱা কাঠ খিনিৰ পৰিমাণ হ’ব প্ৰায় ১৪০ কে বি ৷ ইয়াৰ বজাৰ মূল্য ডেৰ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে ।

অবৈধ কাঠখিনি ধনশ্ৰী বন সংমণ্ডলৰ ননাই নদীৰে আনিছিল বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে, পূৰ্বেও বন বিভাগে অভিযান চলাই জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

ওদালগুৰিৰ মাজবাটত বন বিভাগে জব্দ কৰিলে অবৈধ্য কাঠ।

 ওদালগুৰিঃ   মাজবাট বন বিভাগে অসম অৰুণাচল সীমান্তৰ মাজবাটৰ চিকাৰী ডাঙাৰ পৰা অবৈধ কাঠ সহ এখন টেক্টৰ জব্দ কৰিব সক্ষম হয় । বৃহস্পতিবাৰে নিশা বন বিভাগৰ তহলদাৰী দল এটাই সীমান্ত অঞ্চলটোত তহল দি থাকোতে এখন নম্বৰপ্লেট বিহীন কাঠ ভৰ্তী টেক্টৰ প্ৰতক্ষ্য কৰে । অৱশ্যে বন বিভাগৰ দলটো দেখি কাঠ ভৰ্তী টেক্টৰ খন এৰি পলায়ন কৰে টেক্টৰৰ ড্ৰাইভাৰ জন। পিছত বন বিভাগৰ দলটোৱে টেক্টৰখন জব্দ কৰি লৈ আনে মাজবাটত থকা বন বিভাগৰ কাৰ্যালয়লৈ। জব্দ হোৱা টেক্টৰ খনত থকা কাঠ খিনিৰ পৰিমান ১৪০ কেবি  আৰু ইয়াৰ বজাৰ মূল্য ডেৰ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে। অবৈধ্য কাঠ খিনি ধনশ্ৰী বন সংমণ্ডলৰ ননাই নদীৰে আনিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখ পূৰ্বেও বন বিভাগে অভিযান চলাই জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমানৰ অবৈধ্য কাঠ জব্দ কৰিব সক্ষম হৈছিল

Last Updated : Apr 5, 2019, 11:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.