ETV Bharat / state

"বিবাহ বিচ্ছেদ কৰি তিনি-চাৰিবাৰকৈ ল'ব পাৰিব অৰুন্ধতী আঁচনিৰ সোণ"- হাগ্ৰামা মহিলাৰী - এনডিএফবি

ওডালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ভাষণ প্ৰসংগত হাগ্ৰামাৰ অৰুন্ধতী আঁচনিৰ সন্দৰ্ভত ৰসাল মন্তব্য ৷ পূৰ্বৰ বন্ধু কংগ্ৰছক ডেমেজ দল আখ্যা বিটিচি প্ৰধানগৰাকীৰ ৷

প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী
author img

By

Published : Apr 4, 2019, 9:52 AM IST

ওডালগুৰি,4এপ্ৰিল: "বিয়াপাতক আৰু সোণ লাভ কৰক । পিচত পুনৰ বিবাহ বিচ্ছেদ কৰক । কাৰণ বিবাহ বিচ্ছেদ কৰি তিনি-চাৰিবাৰকৈ ল'ব পাৰিব অৰুন্ধতীআঁচনিৰ সোণ ।"- বুধবাৰে ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ এই সভাতে হাগ্ৰামাই প্ৰমোদ বড়োক বেপাৰী আখ্যা দিয়াৰ লগতে 2020চনত বিটিএডিত হ'বলগীয়া নিৰ্বাচনত বিপিএফৰ লগত এনডিএফবি (প্ৰ) আৰু এবছুৰ লগত ভয়ংকৰ (নিৰ্বাচনী) যুদ্ধ হ'ব বুলি মন্তব্য কৰে । ইপিনে কংগ্ৰেছকো কটাক্ষ কৰি কংগ্ৰেছ এতিয়া ডেমেজ দল বুলি মন্তব্য কৰে ৷ লগতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে এই সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি স্পষ্টকৈ উল্লেখ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ আমন্ত্ৰণ নোপোৱা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত হাগ্ৰামাই সেই কথা অস্বীকাৰ কৰি কয় যে তেওঁ নিমন্ত্ৰণ পাইও নিজেহে অনুষ্ঠানবোৰলৈ যাব পৰা নাই ৷

 বিবাহ বিচ্ছেদ কৰি তিনি চাৰিবাৰকৈ লব পাৰিব অৰুন্ধুতি আচনিৰ সোণ। ২০২০ চনত বিটিচিত এবছু আৰু এনডিএফবি সৈতে ভয়ংকৰ যুদ্ধ হব ।
কংগ্রেছ ডেমেজ (Damage ) দল : হাগ্ৰামা ।

নিৰ্বাচন মানেই নেতাৰ মূখ চুপতি। পিছ পৰিব কিয় হাগ্ৰামা। আজি ওদালগুৰিত জনসভা অনু্ষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলালে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বহু অপেক্ষাৰ অন্তত  ভাষণ আগবঢ়াব  আহিল হাগ্ৰামা।  পিছে হাগ্ৰামাৰ ভাষণ শুনি হাঁহিৰ খিল খিলনি উঠিল সভা স্থলীত । হাহিৰ কাৰণ অৰুন্ধুতি আচনি লাভ কৰিবলৈ হাগ্ৰামাই ৰাইজক দিয়া পৰামৰ্শ।, বিটিচিৰ প্ৰধানৰ পৰামৰ্শ বিবাহ পাতক আৰু সোণ লাভ কৰক। পিছত পুনৰ বিবাহ বিচ্ছেদ কৰক। এনেকৈ বিবাহ পাতি থাকক - বিবাহ বিবাহ বিচ্ছেদ কৰি থাকক আৰু তিনি চাৰিবাৰলৈ লাভ কৰক চৰকাৰী আচনিৰ সোণ।

উল্লেখ যে আজি মঙলদৈ লোক সভা সমষ্টিৰ মিত্ৰ দল বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত ওদালগুৰিত  বিপিএফে আহ্বান কৰা জনসভাত উপস্থিত হৈছিল হাগ্ৰামা মহিলাৰী। হাগ্ৰামাই প্ৰমোদ বড়োক বেপাৰী আখ্যা দিয়াৰ লগতে ২০২০ চনত বিপিএফৰ এন ডি এফ বি (প্ৰ) আৰু এবছুৰ লগত ভয়ংকৰ (নিৰ্বাচনী) যুদ্ধ হ'ব বুলি মন্তব্য কৰে । একালৰ বন্ধু কংগ্ৰেছকো সমালোচনা কৰিৱ নেৰিলে হাগ্ৰামাই। হাগ্ৰামাৰ মতে একালৰ মিত্ৰ কংগ্ৰেছ এতিয়া ডেমেজ দল।  লক্ষনীয় কথা এই যে আজিৰ নিৰ্বাচনী সভাত মন্ত্ৰী ভবেশ কলিতা,  মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া আদিও উপস্থিত আছিল যদিও বিজেপিৰ দলীয়  কতাকা বা প্ৰতীক একোৰে অস্তিত্ব দেখা নগল সভাস্থলীত। সভাস্থালীত দেখা গল কেৱল বিপিএফৰ পতাকা। এইয়াই নহয় অগপৰ জিলা সমিতিৰ কোনো এজন নেতাকো দেখা নগল মঞ্চত থকা সন্মুখৰ আসনত।

ভিজুৱেল এফটিপিত দিয়া হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.