ETV Bharat / state

বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা 9 জন লোকক গ্ৰেপ্তাৰ ওদালগুৰিত

author img

By

Published : May 8, 2019, 7:54 PM IST

Updated : May 8, 2019, 8:35 PM IST

বিদেশী ঘোষিত 9 জনক ডিটেনচন কেম্পলৈ প্ৰেৰণ ওদালগুৰি আৰক্ষীৰ ৷ ওদালগুৰি,টংলা আৰু খৈৰাবাৰী আৰক্ষী থানাৰ সীমান্ত শাখাৰ স্পেচিয়েল টাক্স ফৰ্ছে আটক কৰে লোককেইজনক ৷

ওদালগুৰিত 9 জন লোকক বিদেশী ঘোষণা

ওদালগুৰি,8 মেঃ ওদালগুৰিত বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা 9 জন লোকক গ্ৰেপ্তাৰ ৷ মঙলবাৰে এই ঘোষণা লাভ কৰাৰ পাচতে ওদালগুৰি,টংলা আৰু খৈৰাবাৰী আৰক্ষী থানাৰ সীমান্ত শাখাৰ স্পেচিয়েল টাক্স ফৰ্ছে কৰায়ত্ত কৰে লোককেইজনক ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা লোক কেইজন হ'ল টংলা থানাৰ অন্তৰ্গত চমুৱাপাৰাৰ কল্পনা বিশ্বাস,বনবাসী মণ্ডল,কুকুৰাকাটাৰ স্বপন সৰকাৰ,টংলা চহৰৰ ৩নং ৱাৰ্ডৰ শিৱানী মদক,মায়াৰানী সেন ৷ ওদালগুৰি থানাৰ অন্তৰ্গত ষ্টেচন ব্লকৰ নাচিৰান বেগম আৰু ৰাচিদা বেগম,খৈৰাবাৰী থানাৰ অন্তৰ্গত ধুপগুৰিৰ নবীন বৰ্মন আৰু খৈৰাবাৰী গাঁৱৰ অজিত ভদ্ৰ ৷ বুধবাৰে বিদেশী ঘোষিত আটাইকেইজন লোককে ওদালগুৰি অসামৰিক চিকিৎসালয়ত শাৰীৰিক পৰীক্ষা কৰি তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

ওদালগুৰিত 9 জন লোকক বিদেশী ঘোষণা

আনহাতে,খৈৰাবাৰীৰ ধুপগুৰিৰ নবীন বৰ্মনক বিদেশী বুলি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্মন কছাৰী ছাত্ৰ সন্থাই ৷ জনজাতিৰ মৰ্যদা লাভ কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোক এজনো হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দুখ প্ৰকাশ কৰে সংগঠনটোৱে ৷

ওদালগুৰিত বিদেশী ঘোষিত ৯ জনক ডিটেনচন কেম্পলৈ প্ৰেৰণ

বিদেশী ঘোষিত ৯ জনকৈ লোকক বুধবাৰে তেজপুৰস্থিত ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে ওদালগুৰি আৰক্ষীয়ে। বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছতে মঙলবাৰে জিলা খনৰ ওদালগুৰি , টংলা আৰু খৈৰাবাৰী আৰক্ষী  থানাৰ সীমান্ত শাখাৰ স্পিচিয়েল টাক্স  ফৰ্চে কৰায়ক্ত কৰে লোক কেইজনক।আৰক্ষীয়ে কৰায়ক্ত কৰা লোক কেইজন হ'ল টংলা থানাৰ অন্তৰ্গত চমুৱাপাৰাৰ কল্পনা বিশ্বাস, বনবাসী মণ্ডল, কুকুৰাকাটাৰ স্বপন সৰকাৰ, টংলা চহৰৰ ৩ নং ৱাৰ্ডৰ চিবানী মদক,  মায়াৰানী সেন।  ওদালগুৰি থানাৰ অন্তৰ্গত  ষ্টেচন ব্লকৰ নাচিৰান বেগম আৰু ৰাচিদা বেগম , খৈৰাবাৰী থানাৰ অন্তৰ্গত ধুপগুৰিৰ নবিন বৰ্মন আৰু  খৈৰবাৰীৰ গাঁওৰ অজিত ভদ্ৰ।
বুধবাৰে বিদেশী ঘোষিত আটাইকেইজন লোককে ওদালগুৰি অসামৰিক চিকিৎসালয়ত শাৰীৰিক পৰীক্ষাৰ কৰি তেজপুৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । আনহাতে খৈৰাবাৰীৰ ধুপগুৰিৰ নবীন বৰ্মনক বিদেশী বুলি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্মন কছাৰী ছাত্ৰ সন্থাই। জনজাতি মৰ্যদা লাভ কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোক এজনো হাৰাশাস্তিৰ সন্মূখীন হোৱা বুলি দুখ প্ৰকাশ কৰে সংগঠনটোৱে
Last Updated : May 8, 2019, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.