ETV Bharat / state

তিনিচুকীয়াত প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সাধাৰণ সভা

author img

By

Published : Sep 30, 2021, 5:09 PM IST

Updated : Sep 30, 2021, 5:56 PM IST

প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সহঃ সাধাৰণ সম্পাদক ৰাজীৱ চাংমায়ে জনায় যে, প্ৰাক্তন আলফাৰ সদস্য সকল বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । কোনো ধৰণৰ কৰ্ম সংস্থাপন নোহোৱাৰ বাবে এতিয়া তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন আলফা সকলে ৷

তিনিচুকীয়াত প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সাধাৰণ সভা
তিনিচুকীয়াত প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সাধাৰণ সভা

তিনিচুকীয়া, 30 ছেপ্তেম্বৰ : বুধবাৰে তিনিচুকীয়া বৰগুৰিস্থিত বিহুফিল্ডৰ প্ৰেক্ষাগৃহত অসমৰ কেইবাখনো জিলাৰ প্ৰাক্তন আলফা সদস্য সকলে তেওঁলোকৰ বিভিন্ন সমস্যাক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰে । সাধাৰণ সভাৰ পাছতে তেওঁলোকে এখন সাংবাদমেল অনুষ্ঠিত কৰে । সাংবাদমেলত প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সহঃ সাধাৰণ সম্পাদক ৰাজীৱ চাংমায়ে জনায় যে, প্ৰাক্তন আলফাৰ সদস্য সকলে বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ।

কোনো ধৰণৰ কৰ্ম সংস্থাপন নোহোৱাৰ বাবে এতিয়া তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । গতিকে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় যে, তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত কৰ্মসংস্থাপন দিবলৈ । লগতে যিসকল প্ৰাক্তন আলফা সদস্যকলে আত্মসমৰ্পণ আৰু যিসকলে যুদ্ধবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকক আত্মসমৰ্পণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক : দালালৰ পাকচক্ৰত সকলো হেৰুৱালে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষই

তাৰ সমান্তৰাল ভাৱে তেওঁলোকৰ জনায় যে, তেওঁলোকৰ বিভিন্ন সমস্যা সম্বলিত এখন দাবী চনদ অসম চাৰকাৰলৈ প্ৰেৰণ কৰিব আৰু এই সমস্যাবোৰ সমাধানৰ বাবে আহ্বান জনায় । আনহাতে প্ৰাক্তন আলফা সদস্য সকলে টকা সংগ্ৰহ কৰা বিষয়টো সঁচা বুলি অৱগত কৰে প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সহঃসম্পাদক গৰাকীয়ে কিয়নো তেওঁলোকে বিভিন্ন কাম কাজ কৰিবলৈ অৰ্থৰ প্ৰয়োজন হৈছিল । গতিকে তেওঁলোকে কিছু অসমৰ ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল আৰু ৰাইজেও যিমান পাৰে সহায় আগবাঢ়িছিল ।

তাৰ পাছতে প্ৰাক্তন আলফা নেতা ৰহেন্দ্ৰ মৰণে জনায় যে, প্ৰাক্তন আলফাৰ নামত এতিয়াৰে পৰা কোনো ধৰণৰ ধন সংগ্ৰহ কৰা নহ'ব যদি কোনোবাই গ্ৰহণ কৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। যেতিয়া প্ৰাক্তন আলফা যুৱ শক্তি (অসম)ৰ জিলা ভিত্তিক পূৰ্ণাংগ সমিতি গ্ৰহণ হ'ব তেতিয়া হয়তো সমিতিৰ কাম কাজ চলাই নিবলৈ সমিতিৰ সিদ্ধান্তৰ মৰ্মে ৰাইজৰ পৰা সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাব ।

উল্লেখযোগ্য যে, উক্ত সভাখনত উপস্থিত থাকে প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ (অসম)ৰ সভাপতি অভিনাশ সোণোৱাল, সম্পাদক ভাস্কৰ নাথ, সহঃ সাধাৰণ সম্পাদক তথা মুখপত্ৰ ৰাজীৱ চাংমাই, প্ৰাক্তন আলফা নেতা ৰহেন্দ্ৰ মৰণ ওৰফে গুলী অসমকে আদি কৰি বহু প্ৰাক্তন আলফাৰ সদস্য ।

লগতে পঢ়কঃ কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

Last Updated : Sep 30, 2021, 5:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.