ETV Bharat / state

নিৰ্বাচনী সজাগতা ওদালগুৰি জিলা প্ৰশাসনৰ

author img

By

Published : Mar 17, 2019, 9:26 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে সজাগতামূলক পদক্ষেপ গ্ৰহন কৰিছে ওদালগুৰি জিলা প্ৰশাসনে । লোকসভা নিৰ্বাচনত জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ প্ৰশাসনে অনুষ্ঠিত কৰে এক কুইজ প্ৰতিযোগিতা ।

QUIZ COMPETITION

নিউজ ডেস্ক, ১৭ মাৰ্চ: দেশৰ অন্য প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো লোকসভা নিৰ্বাচনৰ পূৰ্বে সজাগতামূলক পদক্ষেপ চলাইছে ওদালগুৰি জিলা প্ৰশাসনে । লোকসভা নিৰ্বাচনত জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ প্ৰশাসনে অনুষ্ঠিত কৰে এক কুইজ প্ৰতিযোগিতা । উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে আৰু পৰিচালনা কৰে শিক্ষক ৰেৱতী ৰমন সাপকোটা আৰু ৰঞ্জিৎ শৰ্মাই । জিলাখনৰ ২৬ খনকৈ বিদ্যালয়ৰ ৫৩ জন ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা জিলা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা খনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে জৱাহৰ নবোদয় বিদ্যালয়, বান্দৰগুৰি হাইস্কুল আৰু মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ।

উল্লেখ্য যে, প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দল দুটাই অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা কুইজ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব । বিজয়ী দল কেইটাক কিতাপ আৰু মানপত্ৰৰে পুৰস্কৃত কৰে ওদালগুৰি জিলা প্ৰশাসনে ।

নিৰ্বাচনলৈ সজাগতা সৃষ্টিৰ চেষ্টা ওদালগুৰি জিলা প্ৰশাসনৰ। বিভিন্ন কাৰ্যসূচীৰ আয়োজন

সমাগত দেশৰ লোক সভা নিৰ্বাচন। লোকসভা নিৰ্বাচনত জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে বিভিন্ন সজাগতামূলক পদক্ষেপৰ। আজি ওদালগুৰিতো নিৰ্বাচনলৈ সজাগতা আৰু সচেতনতা বৃদ্ধি কৰিবলৈ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে কুইজ প্ৰতিযোগিতাৰ।
উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। প্ৰতিযোগিতাখন পৰিচালনা কৰে শিক্ষক ৰেৱতী ৰমন সাপকোটা আৰু ৰঞ্জিৎ শৰ্মাই। জিলা খনৰ ২৬ খনকৈ বিদ্যালয়ৰ ৫৩ জন ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা জিলা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা খনত প্ৰথম স্থান লাভ কৰে জৱাহৰ নবোদয় বিদ্যালয়ৰ দলে । আনহাতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বান্দৰগুৰি হাইস্কুল আৰু মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলে। বিজয়ী দল কেইটাক কিতাপ আৰু মানপত্ৰৰে পুৰস্কৃত কৰে প্ৰশাসনে। উল্লেখ যে প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দল দুটাই  অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা কুইজ প্ৰতিযোগীতাত ওদালগুৰি জিলাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.