ETV Bharat / state

বিটিচি নিৰ্বাচনঃ বিজেপিৰ ১০ জনীয়া সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

সোমবাৰে ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বক দাখিল কৰাৰ সম্ভাৱনা ৷ ইতিমধ্যে ইটিভি ভাৰতৰ হাতত আহি পৰিছে বিজেপি প্ৰাৰ্থীৰ গোপন তালিকা । দেওবাৰে নিশাৰ পৰা ওদালগুৰি জিলাৰ বিভিন্ন স্থানত বাহৰ পাতি আছে বিজেপিৰ কেবাজনো মন্ত্ৰী বিধায়কে ৷ কোনে পাব প্ৰাৰ্থীত্ব ?

author img

By

Published : Mar 16, 2020, 8:00 AM IST

বিটিচি নিৰ্বাচনঃ বিজেপিৰ ১০ জনীয়া সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা
বিটিচি নিৰ্বাচনঃ বিজেপিৰ ১০ জনীয়া সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

ওদালগুৰি, 16 মাৰ্চঃ বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত কেইটমান দিন বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পৰিষদৰ বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে নামি পৰিছে দলটো। বিপিএফৰ মূল ঘাটি হিচাপে পৰিচিত ওদালগুৰি জিলাত ইতিমধ্যে বহু কেইজন শীৰ্ষ নেতাই গোপনে বাহৰ পাতি বুজ লৈছে ৰাজনৈতিক পৰিস্থিতিৰ । বিজেপিয়ে ১০ টা সমষ্টি দখলৰ বাবে প্ৰেৰণ কৰিছে কেইবাজনো প্ৰভাৱশালী নেতা। পাচনৈ চেৰফাং সমষ্টিত মন্ত্ৰী সঞ্জয় কিষান, খালিং দুৱাৰ সমষ্টিত শীৰ্ষ বিজেপি নেতা ৰূপম গোস্বামী,ননৈ চেৰফাং সমষ্টিত সাংসদ পল্লৱ লোচন দাস, খৈৰাবাৰী সমষ্টিত বিধায়ক নাৰায়ন ডেকা, মুদৈবাড়ী সমষ্টিত বিধায়ক অশোক সিংহাল,ভেৰগাঁও সমষ্টিত বিধায়ক গুৰুজ্যোতি দাস,হৰিশিঙা সমষ্টিত বিধায়ক দীপক ৰাভা, ভৈৰৱকুণ্ড সমষ্টিত ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়, ৰৌতা সমষ্টিত চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক জিতু কিষান আৰু ধনশ্ৰী সমষ্টিত ৰাজ্যিক বিজেপিৰ নেতা নবৰুন মেধীয়ে দেওবাৰে নিশাৰে পৰা অতি গোপনে বাহৰ পাতি আছে। এই কেইজন নেতাৰ প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্যিক বিজেপিয়ে টিকট প্ৰদান কৰিব বুলি জানিব পৰা গৈছে । এই নেতা কেইজনে দেওবাৰে নিশাৰ ভিতৰত জিলাখনৰ ১০ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি সোমবাৰে বিজেপিৰ শীৰ্ষ নেতৃত্বক দাখিল কৰিব। ইতিমধ্যে ইটিভি ভাৰতৰ হাতত আহি পৰা বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাত নাম থকা সকল হৈছে-

হৰিশিঙা সমষ্টিত - কাৰ্তিক বড়ো
ভৈৰৱকুণ্ড সমষ্টি- বলেন ব্ৰহ্ম / বিৰদাও বসুমতাৰী
ধনশ্ৰী সমষ্টি - বিক্ৰম বসুমতাৰী
ৰৌতাত সমষ্টি- কষ্ট বাগ্লাৰী
মুদৈবড়ি সমষ্টি - দিগন্ত বৰুৱা, নিৰঞ্জন সিং, দিম্বেশ্বৰ দাস
খালিংদুৱাৰ সমষ্টি- ৰিঞ্জয় বড়ো,অৰ্জুন দৈমাৰী
খৈৰাবাৰী সমষ্টি- প্ৰাণকৃষ্ণ ৰাভা, বিষ্ণু জ্যোতি ৰাভা, পবিত্ৰ বড়ো, বিনোদ ৰাভা
ননৈ চেৰফাং সমষ্টি - দীপক নায়ক,অৰ্পনা মেধী,বিশ্বদট তাতী,গিৰু সিং ৰাজপুত
পাচনৈ চেৰফাং সমষ্টি- তপন সৰকাৰ,লাডু লোহাৰ
ভেৰগাঁও সমষ্টিত- প্ৰতীক কছাৰী আৰু বিষ্ণু জ্যোতি ৰাভা

BTC ELECTION BJP PROBABLE CANDIDATE LIST ETV BHARAT EXCLUSIVE REPORT

প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব বিচাৰি ১০ৰ পৰা ২০ জনকৈ লোকে আবেদন কৰিছিল যদিও শেষ মুহূৰ্তত এইকেইজন প্ৰাৰ্থীৰ ভিতৰতে টিকট লাভ কৰিব বুলি গোপন সুত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে ধনশ্ৰী আৰু পাচনৈ চেৰফাং সমষ্টিত অন্য এটা দলৰ শীৰ্ষ নেতাই বিজেপিৰ পৰা টিকট বিচাৰি আছে যদিও বিজেপি নেতৃত্বই এতিয়ালৈ সেউজ সংকেত দিয়া নাই। সোমবাৰে প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছতহে এই দুটা সমষ্টিৰ প্ৰকৃত ছবিখন জানিব পৰা যাব।

লগতে চাওকঃ

বাক্সাত নিৰ্বাচনক কেন্দ্ৰ কৰি স্পষ্ট বিপিএফ দলৰ মাজৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.