ওদালগুৰি,3 মাৰ্চঃ কোঁচ-ৰাজবংশীসকলক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত মঙলবাৰে পুনৰ উত্তাল হৈ পৰে ওদালগুৰি চহৰ ৷ ওদালগুৰি চহৰত আক্ৰাছু, কোঁচ-ৰাজবংশী সন্মিলনী, কোঁচ-ৰাজবংশী যুৱ ছাত্ৰ সন্মিলন, মহিলা সন্মিলনৰ লগতে কেইবাটাও কোঁচ-ৰাজবংশী সংগঠনে আয়োজন কৰে এক বিশাল গণ সমাৱেশ ।
এই সমাবেশত অংশগ্ৰহণ কৰে শতাধিক কোঁচ-ৰাজবংশী লোকে ৷ সমৱেত জনতাই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । প্ৰতিবাদত অংশগ্ৰহণ কৰি কোঁচ-ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ২০২১ চনৰ ভিতৰত কোঁচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা নিদিলে বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনেও কোঁচ-ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা আৰু কমতাপুৰ ৰাজ্য গঠন নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে চৰকাৰক ৷
লগতে চাওকঃহাজোত ভংয়কৰ পথ দুৰ্ঘটনাঃ নিহত এজন