ওদালগুৰি, 15 অক্টোবৰ : ‘‘কেৱল বাগান অঞ্চলত চিচি ব্লক ৰাস্তা বনোৱাটোৱে জাতিৰ উন্নয়ন হোৱা নবুজায় ৷ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনত অহা প্ৰমোদ বড়োৰ চৰকাৰখনে জাতি জনগোষ্ঠীৰ উন্নয়নত ব্যৰ্থ ৷’’ এক সংবাদমেলত এই কথা সদৰী কৰে জিলা আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷
উল্লেখ্যযোগ্য যে, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, বিটিআৰত অঞ্চলত আদিবাসী ৰাইজৰ ভূমিৰ সমস্যাৰ লগতে চাহ শ্ৰমিকৰ মজুৰিৰ সমস্যা সমাধানৰ সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল ৷
কিন্তু এই সন্দৰ্ভত কোনোধৰণৰ কাণসাৰ নিদিয়াৰ লগতে ৰাজনৈতিক দলসমূহে আদিবাসী ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি উত্থাপন হৈ আহিছে ভিন্ন প্ৰশ্নৰ ৷ আনকি আদিবাসী ৰাইজক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰো অভিযোগ উত্থাপন কৰে আদিবাসী ছাত্ৰ সন্থাই ।
তাৰোপৰি আদিবাসী ৰাইজৰ সামগ্ৰিক সমস্যা সমাধান কৰিম বুলি নিৰ্বাচনীৰ পূৰ্বে প্ৰতিশ্ৰুতি দি অহা বিটিচিৰ EM পাৰিষদসকলে কথা দি বৰ্তমান কথা নৰখাৰ লগতে তাৰ পৰিৱৰ্তে আদিবাসী ৰাইজক অপব্যৱহাৰ কৰাৰ অভিযোগ তৰিছে আদিবাসী ছাত্ৰ সন্থাই ।
লগতে পৰিৱৰ্তনৰ শ্ল’গান দি বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক সম-মৰ্যাদা আৰু সম-উন্নয়ন কৰিম বুলি বিটিচিৰ শাসনত অধিষ্ঠিত হোৱা প্ৰমোদ বড়োয়ে আদিবাসী ৰাইজক ভূমি অধিকাৰ বা মাটি ম্যাদিকৰণৰ পট্টা দিয়াৰ পৰিৱৰ্তে উচ্ছেদৰ জাননী দি আদিবাসী ছাত্ৰ সন্থাই প্ৰমোদ বড়োৰ চৰকাৰক ব্যৰ্থ আখ্যা দিয়ে ৷
সেয়েহে অহা ১৯ নৱেম্বৰ তাৰিখে ওদালগুৰি আৰু বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ডিমাকুছি আটাৰিখাট চাহ বাগিচা খেলপথাৰত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা আৰু মাটি ম্যাদিকৰণৰ সমস্যা সমাধনৰ দাবীত বিশাল গণ সমাৱেশৰ আয়োজন কৰিব আৰু নিৰ্দিষ্ট সময়ত আদিবাসী ৰাইজৰ দাবীসমূহ পূৰণ নকৰিলে অহা নিৰ্বাচনীত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷
লগতে অহা ১৯ নৱেম্বৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলো আদিবাসী ৰাইজক কাৰ্যসূচী সফল কৰাৰ আহ্বান জনায় আয়োজকসকলে ৷
লগতে পঢ়ক : Firing Incident in Jorhat update : যোৰহাট গুলীচালনাৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জীৱ বৰুৱাক আটক