ETV Bharat / state

AASAA Press conference; আমাক আদিবাসী হিচাপে থাকিবলৈ দিয়ক : আছা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 1:36 PM IST

টংলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল ৷ শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্তত চাহ শ্ৰমিকৰ মজুৰি 250 টকা হোৱাত অসন্তুষ্টি প্ৰকাশ কৰে আছাই ৷ লগতে উক্ত সংবাদমেলতে বিটিচিত বাস কৰা আদিবাসীসকলক ভূমি অধিকাৰ নিদিয়াৰ সন্দৰ্ভত কেতবোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছাৰ সভাপতি প্ৰদীপ নাগে ৷

AASAA Press conference held in Udalguri Tangla
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

ওদালগুৰি, 30 ছেপ্টেম্বৰ : ‘‘কোনোবাই ৰাজনীতি কৰিব বিচাৰে কৰক ৷ তাত আমাৰ আপত্তি নাই ৷ কিন্তু আমাৰ জাতীয় কৃষ্টি সংস্কৃতিৰ ওপৰত কৰিলে আমি বহি নাথাকো ৷’’ শুকুৰবাৰে টংলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ সভাপতি প্ৰদীপ নাগে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে ৷

লগতে তেওঁ কয়, ‘‘ আমাৰ কৃষ্টি বেলেগ ৷ ভাষা বেলেগ ৷ সেয়ে আমাক আদিবাসী হিচাপে থাকিবলৈ দিয়ক ৷ জোৰ জবৰদস্তী আমাক চাহ জনজাতি বনাবলৈ চেষ্টা নকৰিব’’ ৷ আছাৰ সভাপতি প্ৰদীপ নাগে কয়, ‘‘আমি এইবেলি নগাঁৱৰ কৰম উৎসৱত 5 হাজাৰ নাচনীৰে ঝমুৰ নৃত্য প্ৰদৰ্শন কৰিছো ৷ অহাবাৰ একেলগে 50 হাজাৰ নাচনীৰে ঝুমুৰ আৰু কৰম নৃত্য প্ৰদৰ্শন কৰাম । ইয়াত চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই বাধা দিয়াৰ কোনো প্ৰয়োজন নাই’’ ৷

‘‘চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰক আমি প্ৰতিদিনে 250 টকাকৈ মজুৰি দিম ৷ আপুনি এবছৰ পৰিয়াল চলাই দেখুৱাক ৷’’ সংবাদমেলযোগে এই প্ৰত্যাহ্বান জনাইছে আছাৰ সভাপতিগৰাকীয়ে ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে আদিবাসীসকলক বেয়া পাই, যাৰ কাৰণে আদিবাসীসকলৰ (1) কঠা মাটি ম্যাদি হোৱা নাই । সংবাদমেলত এই মন্তব্য কৰে আছাৰ সভাপতি প্ৰদীপ নাগে ৷

উল্লেখ্য যে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত শুকুৰবাৰে টংলাত কেইবাটাও বিষয়ক লৈ আয়োজন কৰা হয় এক সংবাদমেলৰ । সংবাদমেলত আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ, জিলা আছাৰ সভাপতি বাবুল পাইয়েকসহ আছাৰ বিষয়ববীয়াসকল উপস্থিত থাকে । এই সংবাদমেলৰ জৰিয়তে চলিত মাহৰ 25 তাৰিখে আছাই নগাঁৱত সফলভাৱে উদযাপন কৰা কৰম উৎসৱৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে এইবেলি 5 হাজাৰ নাচনীৰে ঝমুৰ নৃত্য প্ৰদৰ্শন কৰা হ’ল, অহা বছৰ 50 হাজাৰ নাচনীয়ে নাচিব বুলি উল্লেখ কৰে ৷ উক্ত উৎসৱৰ কাৰ্যসূচীত বাধা আৰোপ কৰা চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাক তীব্ৰ সমালোচনা কৰে ৷ লগতে শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্তত চাহ শ্ৰমিকৰ মজুৰি 250 টকা হোৱাক অসন্তুষ্ট প্ৰকাশ কৰে আছাই ৷

লগতে পঢ়ক : Nimati Kamalabari ferry services : নিমাতী-কমলাবাৰী ঘাটৰ ফেৰী চলাচলৰ নতুন সময়সূচী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.