ETV Bharat / state

গোহালিত পৰিণত হোৱা এটা অঙ্গনৱাড়ী কেন্দ্ৰ - JONIA

গোহালি সদৃশ পৰিৱেশ ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ, কেন্দ্ৰটোত নাই পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বহাৰ ঠাই । শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ।

গোহালিত পৰিণত হোৱা এখন অঙ্গনৱাড়ী কেন্দ্ৰ
author img

By

Published : May 10, 2019, 1:06 PM IST

জনীয়া, ১০ মে': বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনস্থ ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ চৰম দুৰৱস্থা । যাৰ বাবে কেন্দ্ৰটো বিগত কেইমাহ ধৰি নাই কোনো ছাত্ৰ-ছাত্ৰী। কেন্দ্ৰটোত ৪৫ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আহে মাত্ৰ ১ জন । যাক লৈ সম্প্ৰতি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

গোহালিত পৰিণত হোৱা এখন অঙ্গনৱাড়ী কেন্দ্ৰ

ইপিনে সাংবাদিকৰ উপস্থিতিত কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি চলি থকা গাফিলতিৰ কথা পোহৰলৈ আহে । পুৱাৰ আঠ বজাৰ সলনি নিজা সময় অনুসৰিহে উপস্থিত হয় কেন্দ্ৰটোৰ কৰ্মী তথা সহায়িকা । পলমকৈ অহাৰ কাৰণ সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নত কেন্দ্ৰটোৰ সহায়িকাই উল্লেখ কৰে, নিয়ম অনুসৰি আঠ বজাত আহিব লাগে যদিও ছুপাৰভাইজৰৰ লগত সময়ক লৈ বুজাপৰা কৰি লোৱা হৈছে বুলি মন্তব্য কৰে । ইপিনে কৰ্মীৰ মইমতালিৰ বিষয়ে ছুপাৰভাইজৰ হিচাপে নিয়োজিত থকা বৰ্ণালী ডেকাক ৰাইজে বহুবাৰ অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত ছুপাৰভাইজৰগৰাকীও দুৰ্নীতিত লিপ্ত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

Intro:slug: as_jania_10may_anganwari_kendra_gohali_hodrikh_vis1+byt2+pho1_asc10058

জনিয়া, ১০ মে: ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰ গোহালি সদৃশৰ পৰিবেশ, কেন্দ্ৰটোত ছাত্র-ছাত্ৰীৰ নাই কোনো বহাৰ ঠাই। শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী।Body:slug: as_jania_10may_anganwari_kendra_gohali_hodrikh_vis1+byt2+pho1_asc10058

বৰপেটা জিলাৰ মন্দিয়া শিশু সংহত শিশু উন্নয়ন সেৱাআঁচনিৰ অধিনস্ত ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ গোহালি সদৃশৰ পৰিবেশ। যাৰ বাবে কেন্দ্ৰটো বিগত কেইমাহ ধৰি নাই কোনো ছাত্র-ছাত্ৰী। কেন্দ্ৰটোত ৪৫ জন ছাত্র-ছাত্ৰীৰ মাজত আহে ১ জন। যাকলৈ সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্কুলত কেইটাত আহিব লাগে সাংবাদিকে সোধাত সহায়িকা উত্তৰ দিছিল নিয়মমতে আঠটাত আহিব লাগে কিন্তু ছুপাৰভাইজৰৰ লগত আমাৰ বুজাপৰা হৈছে জাৰবাবে ৯টাত আহিলেও হব বুলি কয়। কৰ্মী গৰাকীৰ মইমতালি আৰু দূৰ্নীতিৰ বিৰুদ্ধে ছুপাৰভাইজৰ বৰ্ণালী ডেকাক ৰাইজে অৱগত কৰিও কোনো ইতিবাচক সহাৰি নোপোৱাত ছুপাৰভাইজৰ গৰাকীৰ জেপ নিয়মীয়াকৈ গৰম হৈ আহিছে বুলি ৰাইজ সন্দিহান। এই ক্ষেত্ৰত টেবুলৰ তলেদি হাত আগবঢ়াই দিয়া বন্ধ নকৰিলে কোনো অঙ্গনৱাড়ী কৰ্মীৰ দূৰ্নীতি বন্ধ কৰাটো সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ তুলিছে। প্ৰত্যেক দিনাই কেন্দ্ৰলৈ কৰ্মী আহিলেও দহ বজাৰ আগত কোনো দিন আহি নাপায় বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে।
Conclusion:slug: as_jania_10may_anganwari_kendra_gohali_hodrikh_vis1+byt2+pho1_asc10058

বাইট: কেন্দ্ৰটোৰ কৰ্মী, সহায়িকা।

স্বফিকুল হাছান, জনিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.