ETV Bharat / state

দিহিং-পাটকাইত কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ 'ইলোৰা বিজ্ঞান মঞ্চৰ ' - dihing patkai cooll mining

দিহিং পাটকাইত কয়লা মুক্ত খননৰ বিৰুদ্ধ ৰাজ্যজুৰি প্ৰতিবাদ ইলোৰা বিজ্ঞান মঞ্চৰ ৷ জৈব বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আনিব বিচৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক দুৰত্ব মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিবাদ কয়লা খণৰ বিৰুদ্ধ  দিহিং পাটকাইত
protest aginest cooll mining dihing patkai ellora vigayan mancha
author img

By

Published : Jun 2, 2020, 10:49 AM IST

গুৱাহাটি,২জুনঃ অসমৰ প্ৰাকৃতিক সম্পদ, দুষ্প্ৰাপ্য জীৱকুল, জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ দাবীত সোমবাৰে সমগ্র ৰাজ্যজুৰি ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহে 'প্ৰতিবাদ দিৱস' পালন কৰে । মঞ্চৰ সমৰ্থকসকলে অত্যন্ত শৃংখলভাৱে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতীকী ৰূপত পালন কৰা এই প্ৰতিবাদৰ প্ৰতি ৰাজ্যৰ জনসাধাৰণৰ সঁহাৰি জনোবা দেখা গ'ল ।

ইপিনে মঞ্চই এটা বিবৃতি জৰিয়তে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনৰ 'নেচনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ'ৰ অনুমোদন ক্ৰমে অসম-অৰুণাচলৰ সীমান্তত (ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ অন্তৰ্গত) অৱস্থিত দিহিং-পাটকাই অভয়াৰণ্য-বৰ্ষাৰণ্য তথা সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদানৰ সিদ্ধান্তক বিজ্ঞান মঞ্চই তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এনে সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰৰ দাবী জনাইছে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাইড্ৰ-কাৰ্বন সন্ধানৰ বাবে অইল ইণ্ডিয়া লিমিটেডক 'ড্ৰিলিং'ৰ অনুমতি প্ৰদান কৰাতো মঞ্চই উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে । অসম চৰকাৰেও জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খনন বা 'ড্ৰিলিং'ৰ আপত্তি দৰ্শোৱাৰ সলনি সন্মতি প্ৰদান কৰাত মঞ্চই আশ্চৰ্য প্ৰকাশ কৰিছে ৷

বিজ্ঞান মঞ্চৰ অভিমত হ'ল, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া নীতি আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনৰ ফলত অঞ্চলটোত নিশ্চিতভাৱে জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিবেশ ধ্বংস তথা পাৰিপাৰ্শ্বিকতা বিপন্ন হ'ব, খনন কাৰ্যৰ দাঁতিকাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলবোৰত অনিবাৰ্যভাৱেই প্ৰদূষণ বাঢ়ি যাব আৰু জনস্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব । হস্তী ৰিজাৰ্ভ ক্ষতিগ্ৰস্ত হোৱাৰ লগে-লগে হাতী আৰু মানুহৰ সংঘাতো অধিক তীব্রতৰ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢকঃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.